‘Set-top-box’ ৰ বাবে কৰিব লাগিব KYC, অন্যথা বঞ্চিত হ’ব TV চোৱাৰ পৰা

Telecom Regulatory Authority of India-ই চোৱাৰ ক্ষেত্ৰত ৰূপায়ন কৰিছে বিশেষ কিছুমান নতুন নিয়ম

News18-Assam
Updated:October 26, 2019, 11:23 AM IST
‘Set-top-box’ ৰ বাবে কৰিব লাগিব KYC, অন্যথা বঞ্চিত হ’ব TV চোৱাৰ পৰা
Telecom Regulatory Authority of India-ই চোৱাৰ ক্ষেত্ৰত ৰূপায়ন কৰিছে বিশেষ কিছুমান নতুন নিয়ম
News18-Assam
Updated: October 26, 2019, 11:23 AM IST
Telecom Regulatory Authority of India-ই TV চোৱাৰ ক্ষেত্ৰত ৰূপায়ন কৰিছে বিশেষ কিছুমান নতুন নিয়ম। ট্ৰাইৰ নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা DTH Subscribers এ KYC কৰাটো বাধ্যতামূলক। অন্যথা আপুনি বঞ্চিত হ’ব টিভি চোৱাৰ পৰা। 

Telecom Regulatory Authority of India-ই এই বছৰৰ আৰম্ভণীৰ পৰাই টিভি চোৱাৰ বাবে কেইবাটাও নিয়মৰ সালসলনি কৰিছে। এতিয়া ট্ৰাইয়ে টিভি চাবলৈ অন্য এটা নতুন নিয়ম বলবৎ কৰিছে। দৰাচলতে ট্ৰাইয়ে DTH Subscribers ৰ বাবে KYC(know your customer) বাধ্যতামূলক কৰিছে। দেশৰ সকলো cable operators ক এই সম্পৰ্কত নিৰ্দেশ দিছে ট্ৰাইয়ে।

ইতিমধ্যে আৰম্ভ হৈছে এই  প্ৰক্ৰিয়া। আগন্তুক দুবছৰৰ ভিতৰত সকলো DTH Subscriber–এ নিজৰ ‘Set-top-box’ ৰ বাবে কৰিব লাগিব KYC। সেইদৰে এতিয়াৰ পৰা নতুনকৈ DTH সেৱা ব্যৱহাৰ কৰিলে গ্ৰাহকে প্ৰথমেই KYC কৰিব লাগিব। KYC কৰিলেহে নতুন কানেকছনৰ সৈতে লাভ কৰা ‘Set-top-box’ ইঞ্চটল কৰিব পৰা হ’ব।

KYC ৰ বাবে গ্ৰাহকে নিজৰ আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পাছপৰ্টৰ দৰে নিজৰ ID Proof কোম্পানীক দিব লাগিব।
আৰু চাওক পৰৱৰ্তী বাতৰি