ভাল খবৰ, ১ জানুৱাৰীৰ পৰা IUC শুল্ক বন্ধ কৰিব TRAI এ

News18-Assam
Updated:November 16, 2019, 3:04 PM IST
ভাল খবৰ, ১ জানুৱাৰীৰ পৰা IUC শুল্ক বন্ধ কৰিব TRAI এ
খবৰ অনুসৰি TRAI এ এখন বৈঠকত অহা ১ জানুৱাৰীৰৰ পৰা IUC শুল্ক বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে

খবৰ অনুসৰি TRAI এ এখন বৈঠকত অহা ১ জানুৱাৰীৰৰ পৰা IUC শুল্ক বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে

  • Share this:
টেলিকম ৰেগুলেটৰী মবাইল কলৰ বাবদ ভৰিব লগা ৬ পইচা শুল্ক বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। Trai ৰ বৈঠকত অধিকাংশৰ সমৰ্থনত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত দেশৰ ১৫৫ গৰাকী ব্যক্তি উপস্থিত আছিল। উপস্থিত আছিল নেটৱৰ্ক সেৱা প্ৰতিষ্ঠান ৰিলায়েঞ্চ জিঅ’, বিএচএনএল, এম টি এন এলৰ প্ৰতিনিধিও। বৈঠকত সকলোৱে এই শুল্ক প্ৰত্যাহাৰ কৰা বিষয়টোক সমৰ্থন কৰে যদিও, এয়াৰটেল আৰু ভ’ডাফোনে বিৰোধ কৰে।

টেলিকম কমিচনৰ প্ৰাক্তন সদস্য এচ এচ চিৰোহিয়ে কয় যে, ২০১৭ চনতে Trai এ  IUC শুল্ক প্ৰত্যাহাৰ কৰিবলৈ  সিদ্ধান্ত গ্ৰহণ কৰিছিল। চিৰোহিয়ে লগতে কয় যে, এতিয়া ১ জানুৱাৰীৰ পিছত আৰু এই ব্যৱস্থা বাহাল ৰখাৰ কোনো প্ৰয়োজন নাই। ইতিমধ্যে Trai এ ট্ৰেফিকৰ বিষমতা আৰু কলৰ বাবদত হোৱা খৰচত থকা প্ৰত্যাহ্বান সমূহৰ সমাধান সূত্ৰ উলিয়াইছে। ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে যে, B&K পদ্ধতি টেলিকমৰ বাবে হ’ব উত্তম পদ্ধতি আৰু অতি সোনকালে এই পদ্ধতি কাৰ্যত ৰূপায়ন কৰা হ’ব।’
আৰু চাওক
পৰৱৰ্তী বাতৰি