আয়ডিনযুক্ত নিমখ আপোনাৰ স্বাস্থ্যৰ কাৰণে গুৰুত্বপূৰ্ণ, পিছে আপুনি বজাৰৰ পৰা ক্ৰয় কৰি অনা নামী–দামী ব্ৰেণ্ডৰ আয়ডিন যুক্ত নিমখ সেৱন কৰাৰ কাৰণে কিমান উপযোগী?
মঙলবাৰে আমেৰিকাৰ এটা আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠানে দিছে এক অপ্ৰত্যাশিত, চাঞ্চল্যকৰ খবৰ। ভাৰতীয় বিভিন্ন নিমখৰ ব্ৰেণ্ডৰ ওপৰত গৱেষণা চলাই আহিছিল আমেৰিকাৰ গৱেষণা প্ৰতিষ্ঠানটোৱে। গৱেষণা প্ৰতিষ্ঠানটোৰ প্ৰতিবেদন অনুসৰি ভাৰত বৰ্ষত প্ৰচলিত প্ৰায় বোৰ নিমখ স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক। সংবাদমাধ্যমত বহুল ভাবে প্ৰকাশ পাইছে এই প্ৰতিবেদনৰ তথ্য।
প্ৰকাশিত প্ৰতিবেদন অনুসৰি ভাৰতীয় নিমখ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান সমূহে নিমখ প্ৰস্তুতৰ সময়ত অত্যাধিক পৰিমাণে ব্যৱহাৰ কৰে carcinogenic আৰু শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক potassium ferrocyanide।
প্ৰতিষ্ঠানটোৰ তথ্য অনুসৰি ভাৰতবৰ্ষত সৰ্বাধিক প্ৰচলিত প্ৰতি কেজি চামবাৰ ৰিফাইন নিমখত 4.71 mg/kg , টাটা চল্টত 1,85 mg/kg, আৰু টাটা চল্ট লাইটত 1.90 mg/kg হিচাপত potassium ferrocyanide ব্যৱহাৰ কৰা হয়।
নিমখত ব্যৱহাৰ কৰা বিষাক্ত উপাদানে কি ক্ষতি কৰিব পাৰে?উল্লেখযোগ্য যে potassium ferrocyanide এ মানৱ শৰীৰত শ্বাস–প্ৰশ্বাসজনীত সমস্যা, চকুৰ বিভিন্ন ৰোগ, বিভিন্ন চৰ্মৰোগ সৃষ্টি কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|