உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Nikhil-Tridha : নতুন সম্পৰ্কত নিখিল জৈন? স্বল্পবসনা ত্ৰিধাৰ ছবিত দিলে ভালপোৱাৰ চিন

    Nikhil-Tridha : নতুন সম্পৰ্কত নিখিল জৈন? স্বল্পবসনা ত্ৰিধাৰ ছবিত দিলে ভালপোৱাৰ চিন

    নিখিল–নুছৰতৰ এই সম্পৰ্কৰ টনাটনিৰ মাজতে নতুন সম্পৰ্কৰ গোন্ধ পাইছে অনুৰাগীসকলে।

    নিখিল–নুছৰতৰ এই সম্পৰ্কৰ টনাটনিৰ মাজতে নতুন সম্পৰ্কৰ গোন্ধ পাইছে অনুৰাগীসকলে।

    নিখিল–নুছৰতৰ এই সম্পৰ্কৰ টনাটনিৰ মাজতে নতুন সম্পৰ্কৰ গোন্ধ পাইছে অনুৰাগীসকলে।

    • Share this:
    বিগত কেইবাসপ্তাহ ধৰি এটা খবৰক লৈ তোলপাৰ টলীউদৰ পৰা ৰাজনীতিৰ জগত। তৃণমূলৰ তাৰকা সাংসদ, অভিনেত্ৰী নুছৰত জাহান অন্তঃসত্ত্বা হোৱাৰ খবৰ ইতিমধ্যে চৌদিশে বিয়পি পৰিছে। জনা গৈছে, নুছৰত বৰ্তমান ৬ মাহৰ অন্তঃসত্ত্বা। সংবাদ মাধ্যমৰ সন্মুখত মুখ নুখুলিলেও সম্প্ৰতি বেবি বাম্পৰ ফটো পোষ্ট কৰি এই খবৰ প্ৰায় নিশ্চিত কৰিছে অভিনেত্ৰীগৰাকীয়ে নিজেই।

    ইফালে, নুছৰতৰ স্বামী নিখিল জৈনে সংবাদ মাধ্যমৰ আগত জনায়, তেওঁ এই বিষয়ে একো নাজানে। আনকি নুছৰতৰ সন্তানৰ পিতৃত্বও অস্বীকাৰ কৰিছে নিখিলে। নুছৰত গৰ্ভৱতী হোৱাৰ খবৰ শুনি তেওঁ নিজেই বিস্মিত বুলি মন্তব্য কৰে নিখিলে। নুছৰতেও মিডিয়াত বিবৃতি দি তুৰস্কত নিখিলৰ সৈতে হোৱা বিয়া অস্বীকাৰ কৰিছে। তেওঁৰ মতে সেয়া সহবাস, বিয়া নহয়।



    নিখিল–নুছৰতৰ এই সম্পৰ্কৰ টনাটনিৰ মাজতে নতুন সম্পৰ্কৰ গোন্ধ পাইছে অনুৰাগীসকলে। কিছুদিন ধৰি নিখিল জৈনৰ সৈতে অভিনেত্ৰী ত্ৰিধা চৌধুৰীৰ ঘনিষ্ঠতাৰ গুঞ্জন শুনা গৈছিল টলীউদত।








    View this post on Instagram






    A post shared by Tridha Choudhury (@tridhac)






    সম্প্ৰতি ত্ৰিধাৰ একাধিক সুন্দৰ ফটো লাইক কৰা দেখা গৈছে নিখিলক। তেওঁলোকে এজনে আনজনক ইনষ্টাগ্ৰামত ফলো কৰিছে। ত্ৰিধাই ঘূৰি ভাল পায়। বহু ঠাই অকলে ঘূৰিছে। লগতে অত্যন্ত সৌন্দৰ্য সচেতন। ত্ৰিধাৰ এই আকৰ্ষণীয় ফটোত আঁকি দিছে ভালপোৱাৰ চিহ্ন। আৰু সেই কাৰ্য ধৰা পৰিছে অনুৰাগীৰ চকুত।
    Published by:Sanjay Kumar Das
    First published: