Tokyo Paralympics 2020: ভাৰতে এতিয়ালৈকে ২টা সোণৰ, ৫টা ৰূপৰ আৰু ৩টা ব্ৰঞ্জৰ পজক জয় কৰিছে।
Tokyo Paralympics 2020: ভাৰতে এতিয়ালৈকে ২টা সোণৰ, ৫টা ৰূপৰ আৰু ৩টা ব্ৰঞ্জৰ পজক জয় কৰিছে।
টকিঅ' পেৰালিম্পিকছ (Tokyo Paralympics 2020)ত ভাৰতৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত আছে। প্ৰতিযোগিতাৰ সপ্তম দিনালৈ ভাৰতে মুঠ ১০টা পদক জয় কৰিবলৈ সক্ষম হয়। ভাৰতীয় দলৰ পৰা আৰু অধিক পদক আশা কৰি আছে দেশে।
সপ্তম দিনা তাৰকা হাই জাম্পাৰ মাৰিয়াপ্পান থাংগাভেলুৱ (Mariyappan Thangavelu)এ ৰূপৰ পদক জয় কৰি দেশক গৌৰৱান্বিত কৰে। আনহাতে হাই জাম্পত ব্ৰঞ্জৰ পদক জয় কৰে শাৰদ কুমাৰ (Sharad Kumar)এ।
ইয়াৰ পূৰ্বে ছুটিঙত সিংহৰাজ আদানা (Singharaj Adana)ই ব্ৰঞ্জৰ পদক জয় কৰে।
ভাৰতে এতিয়ালৈকে ২টা সোণৰ, ৫টা ৰূপৰ আৰু ৩টা ব্ৰঞ্জৰ পজক জয় কৰিছে। খেলুৱৈসকলৰ এই সাফল্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে অভিনন্দন জনাইছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|