বিনোদ কুমাৰে (Vinod Kumar) ডিচকাছ থ্ৰোত ব্ৰঞ্জৰ পদক জয় কৰে। ডিচকাছ থ্ৰো (Discus Throw)ৰ F-52 ইভেণ্টৰ ফাইনেলত তেওঁ ১৯.৯১ মিটাৰ দলিয়াইছিল।
বিনোদ কুমাৰে (Vinod Kumar) ডিচকাছ থ্ৰোত ব্ৰঞ্জৰ পদক জয় কৰে। ডিচকাছ থ্ৰো (Discus Throw)ৰ F-52 ইভেণ্টৰ ফাইনেলত তেওঁ ১৯.৯১ মিটাৰ দলিয়াইছিল।
ভাৰতে দেওবাৰে টকিঅ' পেৰালিম্পিকছত (Tokyo Paralympics) পদকৰ হেট্ৰিক কৰিলে। ভাৱিনা পেটেল, নিশাদ কুমাৰৰ পিছত বিনোদ কুমাৰে (Vinod Kumar) ডিচকাছ থ্ৰোত ব্ৰঞ্জৰ পদক জয় কৰে। ডিচকাছ থ্ৰো (Discus Throw)ৰ F-52 ইভেণ্টৰ ফাইনেলত তেওঁ ১৯.৯১ মিটাৰ দলিয়াইছিল। ৰূপৰ পদক জয় কৰে ক্ৰোৱেছিয়াৰ ভেলিমিৰে যিয়ে ১৯.৯৮ মিটাৰ দলিয়াইছিল আৰু পোলেণ্ডৰ পিওট্ৰাই ২০.০২ মিটাৰ দলিয়াই সোণৰ পদক জয় কৰে।
বিনোদে প্ৰায় ৩০ বছৰ বয়সত খেলুৱৈ জীৱন বাছনি কৰিছিল আৰু আজি ৪২ বছৰ বয়সত তেওঁ পেৰালিম্পিক পদক জয় কৰিবলৈ সক্ষম হৈছে। তেওঁ এছিয়ান গেমছতো অভিলেখ ৰচিছিল। এই বিজয়ৰ পিছতে বিনোদ কুমাৰক সামাজিক মাধ্যমত অভিনন্দনেৰে উপচাই পেলাইছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, ভাৰতীয় পেৰালিম্পিক কমিটিৰ মুৰব্বী দীপা মালিককে ধৰি কেইবাজনো খ্যাতিমান ব্যক্তিয়ে বিনোদক এই সাফল্যৰ বাবে অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰী মোডীয়ে লিখিছে, "সমগ্ৰ ভাৰতে বিনোদ কুমাৰক তেওঁৰ প্ৰদৰ্শনৰ বাবে ধন্যবাদ জনাইছে। ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে বহুত বহুত অভিনন্দন। কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাৰ বাবে শফলতা লাভ কৰিবলৈ সক্ষম হৈছে।"
বিনোদে পদক জয় কৰাৰ আগে আগে নীশাদ কুমাৰে হাই জাম্প ইভেণ্টত ৰূপৰ পদক জয় কৰিছিল। এইটো টকিঅ' পেৰালিম্পিক গেমছত ভাৰতৰ দ্বিতীয়টো পদক আছিল। টকিঅ' পেৰালিম্পিক গেমছত টেবুল টেনিছ খেলুৱৈ ভাৱিনা বেন পেটেল (Bhavina Ben Patel)এ ৰূপৰ পদক জয় কৰি ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰিছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|