• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • শাৰিৰীক অক্ষমতাক নেওচি আইএএছ বিষয়াৰ পৰা পেৰা অলিম্পিকৰ পদক বিজয়ী এগৰাকী যুঁজাৰুৰ কাহিনী, ৰূপৰ পদকেৰে গৌৰৱ কঢ়িয়ালে সুহাস এল ৱায়ে

শাৰিৰীক অক্ষমতাক নেওচি আইএএছ বিষয়াৰ পৰা পেৰা অলিম্পিকৰ পদক বিজয়ী এগৰাকী যুঁজাৰুৰ কাহিনী, ৰূপৰ পদকেৰে গৌৰৱ কঢ়িয়ালে সুহাস এল ৱায়ে

সৰুৰে পৰা দিব্যাংগ সুহাসে তেওঁৰ জীৱনৰ কোনো সময়তে তেওঁৰ দুৰ্বলতাৰ বাবে দুখ কৰা নাছিল, বৰঞ্চ এই দুৰ্বলতাক তেওঁৰ শক্তি কৰি তুলিছিল।

সৰুৰে পৰা দিব্যাংগ সুহাসে তেওঁৰ জীৱনৰ কোনো সময়তে তেওঁৰ দুৰ্বলতাৰ বাবে দুখ কৰা নাছিল, বৰঞ্চ এই দুৰ্বলতাক তেওঁৰ শক্তি কৰি তুলিছিল।

সৰুৰে পৰা দিব্যাংগ সুহাসে তেওঁৰ জীৱনৰ কোনো সময়তে তেওঁৰ দুৰ্বলতাৰ বাবে দুখ কৰা নাছিল, বৰঞ্চ এই দুৰ্বলতাক তেওঁৰ শক্তি কৰি তুলিছিল।

  • Share this:
ভাৰতৰ আইএএছ বিষয়াসকল দেশৰ জনসাধাৰণৰ সেৱা আৰু নিৰাপত্তাৰ বাবে দায়বদ্ধ। দেশৰ  আইএএছ বিষয়াসকলৰ মাজৰ এজন সুহাস এল ৱাই। তেওঁৰ সততা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে জনাজাত। এইগৰাকী সুহাস এল ৱাই–এ টকিঅ’ পেৰা অলিম্পিকত ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হৈছে। অৱশ্যে, আজি তেওঁ কেৱল দেশৰ পেৰালিম্পিক পদক বিজয়ী নহয়, প্ৰথমে এজন ছফ্টৱেৰ অভিযন্তা, তাৰ পিছত আইএএছ বিষয়াৰ পৰা পেৰা শ্বাটলাৰলৈকে, খেলুৱৈজনে কেতিয়াও অভাৱক তেওঁৰ জীৱনৰ এই গৌৰৱময় যাত্ৰাৰ পথত বাধাৰ সৃষ্টি কৰিবলৈ দিয়া নাই।

সৰুৰে পৰা দিব্যাংগ সুহাসে তেওঁৰ জীৱনৰ কোনো সময়তে তেওঁৰ দুৰ্বলতাৰ বাবে দুখ কৰা নাছিল, বৰঞ্চ এই দুৰ্বলতাক তেওঁৰ শক্তি কৰি তুলিছিল। সোঁ ভৰিৰ বিকলতাৰ থকা সত্ত্বেও যেতিয়া সুহাসে বেডমিণ্টন কোৰ্টত প্ৰৱেশ কৰিছিল, তেতিয়া ডাঙৰ খেলুৱৈসকলৰ শৰীৰৰ পৰা ঘাম ওলাইছিল। তেওঁ টকিঅ' পেৰালিম্পিকতো ইয়াক প্ৰমাণ কৰিছিল।

পিতৃয়ে অধিক আত্মবিশ্বাসী কৰি তুলিছিল সুহাসক:

কৰ্ণাটকৰ ৩৮ বছৰীয়া সুহাসৰ গোৰোহাৰ ৰোগত আক্ৰান্ত। সুহাসৰ পিতৃ-মাতৃয়ে তেওঁ চিকিৎসক হোৱাটো বিচাৰিছিল, কিন্তু সুহাসৰ মন আছিল অভিযন্তা হোৱা। কিন্তু সুহাসে ইঞ্জিনিয়াৰিং সমাপ্ত কৰাৰ সময়তেই ২০০৫ চনত তেওঁৰ দেউতাকক হেৰুৱাইছিল। দেউতাকৰ বিয়োগৰ পিছত সুহাস ভাঙি পৰিছিল। সুহাসে উল্লেখ কৰিছিল যে তেওঁৰ জীৱনত দেউতাকৰ স্থান আছিল সকলোতকৈ শীৰ্ষত। দেউতাকে সুহাসক সৰুৰে পৰা মনস্তাত্বিক দিশত যথেষ্ট সাহস দিছিল, তেওঁৰ বিয়োগ সুহাসৰ বাবে এটা ডাঙৰ আঘাত আছিল।

ইয়াৰ পিছতে, সুহাসে অসামৰিক সেৱাত যোগদান কৰাৰ সিদ্ধান্ত লয়। তেওঁ অসামৰিক সেৱাৰ প্ৰস্তুতিৰ বাবে যথেষ্ট পৰিশ্ৰম কৰিছিল। ২০০৭ চনত, তেওঁৰ আইএছএছ বিষয়া হোৱাৰ সপোন পূৰণ হৈছিল। প্ৰশাসনিক দক্ষতাৰ বাবে ২০২০ চনত কোৰোণা ট্ৰেজেডীৰ সময়ত তেওঁক নয়ডাৰ ডিএমৰ দায়িত্ব দিয়া হৈছিল।

স্কুলীয়া ছাত্ৰৰ পৰা অভিযন্তা হোৱালৈকে, ক্ৰীড়া সদায়ে তেওঁৰ জীৱনৰ এটা অংশ হৈ আহিছে। তেওঁ কলেজৰ দিনৰ পৰা নিতৌ বেডমিণ্টন খেলি আহিছে। তেওঁ আইএএছ একাডেমীৰো বেডমিণ্টন চেম্পিয়ন আছিল। একাডেমীতে তেওঁ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰশিক্ষক এম এম পাণ্ডেক পাইছিল যিয়ে তেওঁক কঠোৰ প্ৰশিক্ষণ দিছিল।

হনুমান ভক্ত সুহাস:

আত্মবিশ্বাস বৃদ্ধিৰ বাবে সুহাসে সদায় নিজৰ লগত এটা হনুমানৰ মূৰ্তি ৰাখে। বেডমিণ্টন ক'ৰ্ট অথবা  তেঁওৰ প্ৰশাসনীয় কাৰ্যালয় সকলোলৈকে সুহাসে লগত হনুমানৰ মূৰ্তি লৈ যায়।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি