মহিলা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু ((PV Sindhu)য়ে টকিঅ' অলিম্পিকৰ (Tokyo Olympics) ছেমিফাইনেলত প্ৰৱেশ কৰিছে। (AP)
মহিলা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু ((PV Sindhu)য়ে টকিঅ' অলিম্পিকৰ (Tokyo Olympics) ছেমিফাইনেলত প্ৰৱেশ কৰিছে। তেওঁ একেৰাহে দ্বিতীয় বাৰৰ বাবে অলিম্পিকত অন্তিম-৪ ত প্ৰৱেশ কৰিছে।
মহিলা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু ((PV Sindhu)য়ে টকিঅ' অলিম্পিকৰ (Tokyo Olympics) ছেমিফাইনেলত প্ৰৱেশ কৰিছে। তেওঁ একেৰাহে দ্বিতীয় বাৰৰ বাবে অলিম্পিকত অন্তিম-৪ ত প্ৰৱেশ কৰিছে। সিন্ধুৱে পোনপটীয়া খেলত আয়োজক জাপানৰ আকানে য়ামাগুচিক ২১-১৩, ২২-২০ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। পি ভি সিন্ধুৱে ২০১৬ ৰিঅ' অলিম্পিকত ৰূপৰ পদক জিকিছিল। যদি তেওঁ আন এখন মেচ জিকে, পদক নিশ্চিত হ'ব। তেওঁ বেডমিণ্টনত দুটা পদক জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈ হ'ব।
খেলখনৰ প্ৰথম পইণ্টটো আকানে য়ামাগুচিয়ে লাভ কৰিছিল। তাৰ পিছত স্ক'ৰ ২-২ হৈছিল। ইয়াৰ পিছত য়ামাগুচিয়ে ৪-২ ৰ অগ্ৰগতি লাভ কৰে। তাৰ পিছত ইয়ামাগুচিৰ পক্ষত স্ক'ৰ আছিল ৫-৩, ৬-৪, ৬-৫। প্ৰথমবাৰৰ বাবে সিন্ধুৱে ৭-৬ ৰ অগ্ৰগতি লাভ কৰে। তাৰ পিছত তেওঁ য়ামাগুচিক সুযোগ দিয়া নাছিল। তাৰ পিছত সিন্ধু ৮-৬, ৮-৭, ৯-৭, ১০-৭, ১১-৭ ৰ অগ্ৰগতি গৈছিল। তাৰ পিছত ১৭-১১, ১৮-১১, ১৮-১২, ১৮-১৩, ১৯-১৩, ২০-১৩ ৰ অগ্ৰগতি সিন্ধুৰ পক্ষত আছিল। অৱশেষত সিন্ধুৱে ২৩ মিনিটত ২১-১৩ ব্যৱধানত খেলখন জয়ী হয়। দ্বিতীয় গেমত আৰম্ভণিৰ পৰা সুন্দৰ খেল খেলি সিন্ধুৱে য়ামাগুচিক ২২-২০ত পৰাস্ত কৰে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|