• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Tokyo Olympic : কলম্বিয়ান বক্সাৰ ইগনীট ভালেন্সিয়াৰ সৈতে আজি প্ৰি-কোৱাৰ্টাৰৰ যুঁজত নামিব মেৰীকম

Tokyo Olympic : কলম্বিয়ান বক্সাৰ ইগনীট ভালেন্সিয়াৰ সৈতে আজি প্ৰি-কোৱাৰ্টাৰৰ যুঁজত নামিব মেৰীকম

বৃহস্পতিবাৰৰ প্ৰি–কোৱাৰ্টাৰ ফাইনেলত মেৰীকমৰ প্ৰতিদ্বন্দ্বী হ’ল ৫১ কেজি শাখাত বিশ্ব ৰেংকিঙৰ অষ্টম স্থানৰ কলম্বিয়ান বক্সাৰ ইগনীট ভালেন্সিয়া ভিক্টোৰিয়া।

  • Share this:
টকিঅ’ অলিম্পিকৰ আজি সপ্তমটো দিন। আজিৰ দিনটোতে ভাৰতীয় সময়মতে সন্ধিয়া ৩.৫০ বজাত কলম্বিয়াৰ ইগনীট ভালেন্সিয়া ভিক্টোৰিয়াৰ সৈতে মেৰীকমৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ খেল আছে। ২৫ জুলাইৰ প্ৰথম খেলখনত ডমিনিকান ৰিপাব্লিকৰ বক্সাৰ হাৰ্ণাণ্ডেজ গ্ৰেছিয়া মিগুলিনাক ৪-১ ব্যৱধানত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। প্ৰথম ৰাউন্ডৰ খেলৰ পিছত তিনিদিন জিৰণি লৈ বৃহস্পতিবাৰে পুনৰ ৰিঙত নামিব মেগনিফিচেণ্ট এম চি মেৰীকম।

বৃহস্পতিবাৰৰ প্ৰি–কোৱাৰ্টাৰ ফাইনেলত মেৰীকমৰ প্ৰতিদ্বন্দ্বী হ’ল ৫১ কেজি শাখাত বিশ্ব ৰেংকিঙৰ অষ্টম স্থানৰ কলম্বিয়ান বক্সাৰ ইগনীট ভালেন্সিয়া ভিক্টোৰিয়া। ভাৰতীয় সময়মতে বিয়লি ৩.৫০ বজাত অনুষ্ঠিত হ’বলগীয়া হাইভল্টেজ খেলখনলৈ সকলোৱে বাট চাইছে।

বৃহস্পতিবাৰৰ খেলত জয়লাভ কৰিলে মেৰীকমে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব। ২০১২ চনৰ লণ্ডন অলিম্পিক গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী এম চি মেৰীকমক লৈ এইবাৰো পদক আশা কৰিছে ভাৰতীয় বক্সিং ফেডাৰেচনে। ভাৰতীয় বক্সিং ফেডাৰেচনৰ সচিব প্ৰধান অসমৰ হেমন্ত কলিতাই মেৰীকম, লাভলীনা বৰগোহাঁই, সতীশ কুমাৰ আৰু পূজা ৰাণীক লৈ পদক আশা কৰিছে।
Published by:Sanjay Kumar Das
First published: