অৱশেষত লাভলীনাই (Lovlina Borgohain) দ্বিতীয় পদক(medal)ৰ বাবে অপেক্ষাৰ সমাপ্তি শেষ কৰিলে। মহিলা বক্সাৰ(boxer)গৰাকীয়ে শুক্ৰবাৰে Tokyo Olympicsত ভাৰতৰ দ্বিতীয়টো পদক সুৰক্ষিত কৰিছে। তেওঁ ৱেলটাৰৱেট শ্ৰেণীৰ ছেমিফাইনেলত উপনীত হৈছে (৬৪-৬৯ কিগ্ৰা)। অৱশ্যে, খুব কম লোকেই জানে যে অসমৰ লাভলিনাই কিক বক্সাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল।
লভলিনা বৰগোহাঁইৰ দুগৰাকী ভগ্নী ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সাৰ। সেইকাৰণে তেওঁ কিক বক্সিং কৰিছিল। কিন্তু স্কুলত তেওঁৰ পৰীক্ষণৰ সময়ত, প্ৰশিক্ষক পদুম বড়োৱে লাভলীনাক দেখিছিল আৰু তেওঁৰ বক্সিং প্ৰশিক্ষণ ২০১২ চনত আৰম্ভ হৈছিল। তাৰ পিছত, লভলিনাই পিছলৈ ঘূৰি চোৱা নাছিল আৰু আজি ইতিহাসত নিজৰ নাম পঞ্জীয়ন কৰিছে।
কমনৱেলথ গেমছ
লাভলীনাৰকথা ক'লে, ২০১৮ৰ কমনৱেলথ গেমছৰ কথা ক'বই লাগিব। অৱশ্যে, তেওঁৰ বাছনিক লৈ বিতৰ্ক হৈছিল আৰু কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হৈছিল। কিন্তু তেওঁ হাৰ মানি লোৱা নাছিল। তেওঁ ৱেলটাৰৱেট শ্ৰেণীত ইণ্ডিয়া অপেনত সোণৰ পদক জিকিছিল। তাৰ আগতে ২০১৭ চনত এছিয়ান চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক জিকিছিল।
২০১৮ চনত বিশ্ব চেম্পিয়নশ্বিপৰ বাবে প্ৰথমবাৰৰ বাবে লাভলীনা ভাৰতীয় দলত স্থান লাভ কৰিছিল। তেওঁ তেওঁৰ বাছনি সঠিক প্ৰমাণ কৰিছিল আৰু নতুন দিল্লীৰ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জিকিছিল। তেওঁ ২০১৯ চনত বিশ্ব চেম্পিয়নশ্বিপতো ব্ৰঞ্জৰ পদক জিকিছিল। তেওঁ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ। তেওঁ এতিয়া অলিম্পিকত পদক জিকি বহুতো খেলুৱৈৰ বাবে অনুপ্ৰেৰণা হৈ পৰিব। যেতিয়া বক্সিঙৰ কথা আহে, এমচি মেৰী কমৰ পিছত মহিলাৰ পদক জয় কৰা লাভলীনা আনগৰাকী এথলীট হ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|