টকিঅ’ অলিম্পিক (Tokyo Olympics)ত জেভলিন থ্ৰ’ত স্বৰ্ণপদক লাভ কৰি দেশৰ নাম উজলোৱা নীৰজ চোপ্ৰা কাইলৈ উভতিব ভাৰতলৈ। নীৰজ চোপ্ৰাই জেভলিন থ্ৰ’ৰ ফাইনেলত ৮৭.৫৮ মিটাৰ জেভলিন দলিয়াই স্বৰ্ণপদক দখল কৰে। নীৰজ চোপ্ৰাই নিজৰ দ্বিতীয় থ্ৰ’ত এই দূৰত্ব অতিক্ৰম কৰে। নীৰজক স্বাগতম জনাবলৈ চলিছে জোৰদাৰ প্ৰস্তুতি।
নীৰজ চোপ্ৰাই সোমবাৰে সন্ধিয়া প্ৰায় ৫ বজাত এয়াৰ ইণ্ডিয়াৰ বিমানেৰে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ’ব। তাৰ পৰা নীৰজে পোনে পোনে দিল্লীৰ কেণ্ট অঞ্চলত থকা ৰাজৰীফ স্প’ৰ্টছ চেণ্টাৰলৈ যাব। তাত এক কাৰ্যসূচীত আদৰণি জনোৱা হ’ব খেলুৱৈগৰাকীক। নীৰজ একমাত্ৰ খেলুৱৈ আছিল যাৰ থ্ৰ’ ৮৭ মিটাৰৰ ওপৰত আছিল। চেক ৰিপাব্লিকৰ জাকুব ৱেডেলিচে ৮৬.৬৭ মিটাৰ আৰু ভিতেশ্লাভ ভেছলীয়ে ৮৫.৪৪ মিটাৰ দূৰত্ব অতিক্ৰমেৰে দ্বিতীয় আৰু তৃতীয় স্থানত থাকে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 08, 2021, 08:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।