ভাৰতে শুকুৰবাৰে টকিঅ' অলিম্পিকত (Tokyo Olympics) পদক জিকিব নোৱাৰিলে। ভাৰতীয় মহিলা হকী দলে প্ৰথমবাৰৰ বাবে ছেমিফাইনেলত উপনীত হৈ ইতিহাস সৃষ্টি কৰিছিল কিন্তু ৰিঅ' অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী ব্ৰিটেইনক পৰাস্ত কৰিব নোৱাৰিলে।
ভাৰতে(India) ৭ আগষ্ট, শনিবাৰে তিনিটা পদক(Medal) জিকাৰ সুযোগ আছে, যাৰ ভিতৰত আছে জেভেলিন থ্ৰো এথলীট নীৰজ চোপ্ৰা, মল্লযোদ্ধা বজৰং পুনিয়া আৰু গল্ফাৰ অদিতি অশোক। গোটেই সময়সূচীটো চাওঁ আহক-
অদিতি অশোক আৰু দীক্ষা ডাগৰ, মহিলাৰ ব্যক্তিগত ষ্ট্ৰোক প্লে – চতুৰ্থ ৰাউণ্ড: ভাৰতীয় সময় মতে পুৱা ৩ বজা
বজৰং পুনিয়া, পুৰুষৰ ৬৫ কিলোগ্ৰাম ফ্ৰীষ্টাইল ব্ৰঞ্জ পদকৰ মেচ, ভাৰতীয় সময় অনুসৰি আবেলি ৩.১৫ বজাত আৰম্ভ হোৱাৰ পিছত দ্বিতীয়/তৃতীয় মেচ।
Published by: Kokil Sarma
FIRST PUBLISHED : August 06, 2021, 22:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।