உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Lovlina Borgohain : আজি অলিম্পিকৰ মহাযুদ্ধত নামিব লাভলীনা বৰগোহাঁই, মুখামুখি হ’ব জাৰ্মানীৰ আপেটছ নেডিমৰ

    Lovlina Borgohain : আজি অলিম্পিকৰ মহাযুদ্ধত নামিব লাভলীনা বৰগোহাঁই, মুখামুখি হ’ব জাৰ্মানীৰ আপেটছ নেডিমৰ

    পোনে পোনে প্ৰি–কোৱাৰ্টাৰ ফাইনেলত অংশ ল’বলগীয়া লাভলীনা বৰগোহাঁইৰ সন্মুখত মঙলবাৰে মুখামুখি হ’ব জাৰ্মানীৰ আপেটছ নেডিম।

    পোনে পোনে প্ৰি–কোৱাৰ্টাৰ ফাইনেলত অংশ ল’বলগীয়া লাভলীনা বৰগোহাঁইৰ সন্মুখত মঙলবাৰে মুখামুখি হ’ব জাৰ্মানীৰ আপেটছ নেডিম।

    পোনে পোনে প্ৰি–কোৱাৰ্টাৰ ফাইনেলত অংশ ল’বলগীয়া লাভলীনা বৰগোহাঁইৰ সন্মুখত মঙলবাৰে মুখামুখি হ’ব জাৰ্মানীৰ আপেটছ নেডিম।

    • Share this:
    টকিঅ’ত পূৰ্ণগতিত চলি আছে ৩২ সংখ্যক অলিম্পিক গেমছ ২০২০ (Tokyo Olympics 2020)। চলিত এই অলিম্পিক গেমছত আজি ভাৰতীয় সময়মতে পুৱা ১০:৫০ বজাত ৰিঙত নামিব অসমৰ জিয়ৰী লাভলীনা বৰগোহাঁই (Lovlina Borgohain)। পোনে পোনে প্ৰি–কোৱাৰ্টাৰ ফাইনেলত অংশ ল’বলগীয়া লাভলীনা বৰগোহাঁইৰ সন্মুখত মঙলবাৰে মুখামুখি হ’ব জাৰ্মানীৰ আপেটছ নেডিম।

    টকিঅ’ অলিম্পিকত লাভলীনা বৰগোহাঁয়ে স্বৰ্ণপদক অৰ্জন কৰক তাৰ কামনাৰে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে অসমৰ ৰাইজৰ শুভেচ্ছা ভৰা গামোচা এখন লাভলীনাক প্ৰদান কৰে। সম্প্ৰতি জাপানৰ ৰাজধানী চহৰত থকা লক্ষ্য কোঁৱৰ আৰু ভাৰতীয় বক্সিঙৰ সচিব প্ৰধান হেমন্ত কলিতাই নিউজ ১৮ক জনাই যে লাভলীনা বৰগোহাঁই টকিঅ’ত যথেষ্ঠ আত্মবিশ্বাসী হৈ আছে।

    "আমি লাভলীনা বৰগোহাঁইৰ জৰিয়তে এইবাৰ অলিম্পিকত এটা পদক পাম" – এই মন্তব্য ভাৰতীয় বক্সিঙৰ সচিব প্ৰধান তথা অসম বক্সিং সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত কলিতাৰ। ইফালে জাপানত হতাশজনক ফলাফল অব্যাহত আছে ভাৰতীয় খেলুৱৈৰ। কেবল মীৰাবাই ছানুৰ সফলতাৰ বাহিৰে বাকী ইভেণ্টত পৰাজিত হৈছে টীম ইণ্ডিয়াৰ খেলুৱৈ। পি ভি সিন্ধু, মেৰীকমে অগ্ৰগতি লাভ কৰিছে। বিপৰীতে পেডলাৰ মণিকা বাট্ৰা, জুডোকা সুশীলা দেৱী, ফেন্সাৰ ভৱানী দেৱী, শ্বাটলাৰ বি ছাই প্ৰনিথ, বক্সাৰ বিকাশ কিষাণ, মনিষ কৌশিক আৰু আৰ্চাৰী দলে বিদায় ল’লে অলিম্পিকৰ পৰা।

    মঙলবাৰে পুৱা ৰিঙত নামিব অসমৰ জীয়ৰী লাভলীনা বৰগোহাঁই। লাভলীনাৰ সন্মুখত আছে বিশ্বৰ পঞ্চম স্থানৰ জাৰ্মান সেনা বাহিনীৰ আপেটছ নেডিন। জাৰ্মান খেলুৱৈৰ বিৰুদ্ধে উচ্চতা আৰু ডিফেন্সিভ হ’ল লাভলীনাৰ প্লাছ পইণ্ট। পদক পাবলৈ লাভলীনাই হৰুৱাবই লাগিব জাৰ্মান আৰু চাইনীজ টাইপেৰ খেলুৱৈক।

    মঙলবাৰৰ প্ৰি–কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীক হৰুৱাব পাৰিলে ৩০ জুলাইত কোৱাৰ্টাৰত লাভলীনা মুখামুখি হব বিশ্বৰ দ্বিতীয় স্থানৰ চাইনীজ টাইপেৰ এন চেইনৰ বিৰুদ্ধে। বক্সিং ইণ্ডিয়াৰ সচিব প্ৰধান হেমন্ত কলিতাই জনোৱা মতে, লাভলীনা বৰগোহাঁই যথেষ্ট আত্মবিশ্বাসী হৈ আছে। সকলোৱে আশা কৰিছে লাভলীনা বৰগোহাঁয়ে টকিঅ’ অলিম্পিক গেমছত স্বৰ্ণপদক লাভ কৰিব।
    Published by:Sanjay Kumar Das
    First published: