• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Tokyo Olympic: অলিম্পিক গেমছৰ নৱম দিনালৈ ১৯টা স্বৰ্ণ পদকেৰে শীৰ্ষ স্থানত চীন, ভাৰতৰ স্থান ৫২

Tokyo Olympic: অলিম্পিক গেমছৰ নৱম দিনালৈ ১৯টা স্বৰ্ণ পদকেৰে শীৰ্ষ স্থানত চীন, ভাৰতৰ স্থান ৫২

জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আছে পদক তালিকাৰ দ্বিতীয় আৰু তৃতীয় স্থানত। এটা ৰূপৰ পদকেৰে ভাৰতৰ স্থান ৫২ নম্বৰত।

জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আছে পদক তালিকাৰ দ্বিতীয় আৰু তৃতীয় স্থানত। এটা ৰূপৰ পদকেৰে ভাৰতৰ স্থান ৫২ নম্বৰত।

জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আছে পদক তালিকাৰ দ্বিতীয় আৰু তৃতীয় স্থানত। এটা ৰূপৰ পদকেৰে ভাৰতৰ স্থান ৫২ নম্বৰত।

  • Share this:
টকিঅ'ত পূৰ্ণোদ্যমে চলি আছে ৩২ সংখ্যক অলিম্পিক গেমছ। বিশ্বৰ শ্ৰেষ্ঠ ক্ৰীড়া মহাযুদ্ধ খনৰ নৱম দিনালৈ পদক তালিকাৰ শীৰ্ষ স্থানত আছে চীন। পদক তালিকাৰ দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে ঘৰুৱা জাপান আৰু শক্তিশালী আমেৰিকা যুক্তৰাষ্ট্ৰ। অলিম্পিক গেমছত এই পৰ্যন্ত সৰু ডাঙৰ ৭০ দেশৰ খেলুৱৈ পদক পাবলৈ সক্ষম হৈছে।

ভাৰতে মীৰাবাই চানুৰ পোৱা ৰূপৰ পদকেৰে পদক তালিকাৰ ৫২ নম্বৰ স্থানত আছে। অলিম্পিক গেমছৰ প্ৰথম দিনাৰ পৰাই শীৰ্ষ স্থান অক্ষুন্ন ৰখা চীনে এই পৰ্যন্ত ১৯টা স্বৰ্ণ, ১১ টা ৰূপ আৰু ১১ টা ব্ৰঞ্জৰ মুঠ ৪১ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে।

দ্বিতীয় স্থানত থকা ঘৰুৱা জাপান দলে ১৭টা স্বৰ্ণ, ৪টা ৰূপ আৰু ৭ টা ব্ৰঞ্জৰ মুঠ ২৮ টা পদক লাভ কৰিছে। শক্তিশালী আমেৰিকা যুক্তৰাষ্ট্ৰ ই ১৬টা স্বৰ্ণ, ১৭টা ৰূপ আৰু ১১টা ব্ৰঞ্জ মুঠ ৪৪টা পদকেৰে পদক তালিকাৰ তৃতীয় স্থানত আছে।

পদক তালিকাৰ চতুৰ্থ স্থানত থকা ৰিফুজি অৱ অলিম্পিক দলে গেমছৰ নৱম দিনালৈ ১০টা স্বৰ্ণ, ১৪টা ৰূপ আৰু ১০টা ব্ৰঞ্জৰ মুঠ ৩৪টা পদক অৰ্জন কৰিছে। পদক তালিকাৰ পঞ্চম, ষষ্ঠ আৰু সপ্তম স্থানত আছে ক্ৰমে অষ্ট্ৰেলিয়া, গ্ৰেট বৃটেইন আৰু দক্ষিণ কোৰিয়া।

নেডাৰলেণ্ড, ফ্ৰান্স আৰু জাৰ্মানী দল পদক তালিকাৰ অষ্টম, নৱম আৰু দশম স্থানত আছে। বিশ্বৰ ৪১ খন দেশে এইপৰ্যন্ত স্বৰ্ণপদকৰ মুখ দেখিছে। স্পেইন, ভাৰত, ডেনমাৰ্ক, বেলজিয়াম, কিউবা, কাজাখস্তান, তুৰ্কী, আৰ্জেণ্টিনা পৰ্তুগাল, ইণ্ডোনেছিয়া আৰু কলম্বিয়াই এই পৰ্যন্ত স্বৰ্ণপদকৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে।

উল্লেখযোগ্য যে, অলিম্পিক গেমছত বিশ্বৰ ২০৬ খন দেশে অংশগ্ৰহণ কৰিছে। ২০০৮ চনৰ বেইজিং অলিম্পিকত শ্বুটাৰ অভিনৱ বিন্দ্ৰাৰ জৰিয়তে অলিম্পিকৰ ব্যক্তিগত শাখাত এটা মাত্ৰ স্বৰ্ণপদক পোৱা ভাৰতে এইপৰ্যন্ত স্বৰ্ণপদকৰ বাবে চেষ্টাৰ ক্ৰুটি কৰা নাই।
Published by:Himangshu Bhuyan
First published: