உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Tokyo Olympic গেমছৰ উদ্বোধনী সমাৰোহত ভাৰতীয় দলৰ পতাকা বহন কৰিব মেৰী আৰু মনপ্ৰীতে...

    Tokyo Olympic গেমছৰ উদ্বোধনী সমাৰোহত ভাৰতীয় দলৰ পতাকা বহন কৰিব মেৰী আৰু মনপ্ৰীতে...

    বিশ্ব ক্ৰীড়াৰ সৰ্বশ্ৰেষ্ঠ মহাসমৰ "অলিম্পিক গেমছ"ৰ শুকুৰবাৰৰ উদ্ধোধনী সমাৰোহত ভাৰতীয় দলৰ পতাকা বহন কৰিব ছবাৰৰ বিশ্ব চেম্পিয়ন মাংটে চুংনেজাং মেৰী কম আৰু ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক মনপ্ৰীত সিং সান্ধুৱে।

    • Share this:

    উল্লেখযোগ্য যে ২০১২ চনৰ লন্ডন অলিম্পিক গেমছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল মেৰী কমে। মেৰী কম আৰু মনপ্ৰীত সিং সান্ধুয়ে গেমছৰ  উদ্ধোধনী অনুষ্ঠানত অংশ লোৱাৰ বাবে গেমছ ভিলেজৰ পৰা অলিম্পিক ষ্টেডিয়ামলৈ ৰাওনা হৈছে।

    ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমে টকিঅ' অলিম্পিকত স্বৰ্ণপদকৰ বাবে নিজকে উজাৰি দিব। মেৰীকমে ২৪ জুলাইত প্ৰতিদ্বন্দী ডমিনিকান ৰিপাব্লিকৰ খেলুৱৈৰ বিৰুদ্ধে প্ৰথম ৰাউন্ডৰ খেলত অংশ ল'ব। মেৰী কম হ'ল পদ্মভূষণ, পদ্ম বিভূষণ, ৰাজীৱ গান্ধী খেল ৰত্ন আৰু অৰ্জুন বঁটা বিজয়ী বক্সাৰ। উদ্ধোধনী সমাৰোহৰ পিছতে আকৌ গেমছ ভিলেজলৈ উভতি গৈ তাতে পুনৰ অনুশীলন চলাব এম চি মেৰীকমে। বিশ্ব শ্ৰেষ্ঠ তাৰকা বক্সাৰ মেৰী কমৰ বাবে এইবাৰৰ অলিম্পিক গেমছ হ'ব অন্তিম গেমছ। সেয়ে মেৰী কমক লৈ প্ৰতিজন ভাৰতীয়ই অধীৰ আশাৰে বাট চাইছে।

    অলিম্পিক গেমছৰ উদ্বোধনী সমাৰোহত ভাৰতীয় পতাকা বহন কৰিবলগীয়া আনগৰাকী খেলুৱৈ হল ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক মনপ্ৰীত সিং সান্ধু। পাঞ্জাবৰ জলন্ধৰত জন্মলাভ কৰা ২৮ বছৰীয়া মনপ্ৰীত সিং সান্ধুৱে ২০১১ চনৰ পৰা ২৪২খন খেলত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছে। ২০১২ চনৰ লন্ডন অলিম্পিক আৰু ২০১৬ চনৰ ৰিঅ' অলিম্পিক গেমছত ভাৰতীয় পুৰুষ হকী দলক প্ৰতিনিধিত্ব কৰা মনপ্ৰীত সিং সান্ধুৱে ২০১৭ চনৰ পৰা জাতীয় ছিনিয়ৰ দলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নেতৃত্ব দি আহিছে। ছিনিয়ৰ আৰু অভিজ্ঞ খেলুৱৈ বাবেই ভাৰতীয় অলিম্পিক সন্থাই এম চি মেৰী কম আৰু মনপ্ৰীত সিং সান্ধুক অলিম্পিক গেমছৰ উদ্ধোধনী সমাৰোহত মাৰ্চ পাচত ভাৰতীয় দলৰ পতাকা বহনৰ দায়িত্ব অৰ্পণ কৰে। দুযো গৰাকী খেলুৱৈ গৈ টকিঅ'ৰ নেছনেল অলিম্পিক ষ্টেডিয়ামত উপস্থিত হৈছে।
    Published by:Kokil Sarma
    First published: