মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Tokyo Olympics : কাইলৈৰ পৰা অলিম্পিক গেমছ, প্ৰথম ৰাউণ্ডত নেখেলাকৈয়ে লাভলীনাই পালে প্ৰি–কোৱাৰ্টাৰ

Tokyo Olympics : কাইলৈৰ পৰা অলিম্পিক গেমছ, প্ৰথম ৰাউণ্ডত নেখেলাকৈয়ে লাভলীনাই পালে প্ৰি–কোৱাৰ্টাৰ

News18 Assam | News18-Assam
Updated:July 22, 2021, 7:00 PM IST
Tokyo Olympics : কাইলৈৰ পৰা অলিম্পিক গেমছ, প্ৰথম ৰাউণ্ডত নেখেলাকৈয়ে লাভলীনাই পালে প্ৰি–কোৱাৰ্টাৰ
অলিম্পিকৰ দৰে বিশ্বৰ শ্ৰেষ্ঠ ক্ৰীড়া মহাসমৰৰ প্ৰথম ৰাউণ্ডত লাভলীনা বৰগোহাঁয়ে ‘বাই’ পোৱাত উৎফুল্লিত হৈছে অসমৰ ক্ৰীড়াপ্ৰেমী।

অলিম্পিকৰ দৰে বিশ্বৰ শ্ৰেষ্ঠ ক্ৰীড়া মহাসমৰৰ প্ৰথম ৰাউণ্ডত লাভলীনা বৰগোহাঁয়ে ‘বাই’ পোৱাত উৎফুল্লিত হৈছে অসমৰ ক্ৰীড়াপ্ৰেমী।

  • Share this:
শুকুৰবাৰৰ পৰা টকিঅ’ত আৰম্ভ হ’ব ৩২সংখ্যক অলিম্পিক গেমছ (Tokyo Olympics)। বহু প্ৰতীক্ষিত বিশ্ব শ্ৰেষ্ঠ ক্ৰীড়া মহাযুদ্ধৰ বক্সিং ইভেণ্টৰ খেলৰ সম্পূৰ্ণ সূচী প্ৰস্তুত কৰিলে অলিম্পিক কমিটীয়ে। অলিম্পিকৰ সূচী অনুযায়ী, অসমৰ লাভলীনা বৰগোহাঁয়ে (Lovlina Borgohain) মহিলাৰ ৬৯ কেজি শাখাৰ প্ৰথম ৰাউণ্ডৰ খেলত ‘বাই’ লাভ কৰিছে। অৰ্থাৎ নেখেলাকৈয়ে প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হ’ল অসমৰ লাভলীনা বৰগোহাঁই।

প্ৰি–কোৱাৰ্টাৰত অৱশ্যে লাভলীনা বৰগোহাঁয়ে সন্মুখীন হ’ব জাৰ্মানীৰ ৰাষ্ট্ৰীয় চেম্পিয়ন বক্সাৰ আপেটছ নেডিনৰ বিৰুদ্ধে। জাৰ্মানীৰ আপেটছ নেডিন হ’ল বিশ্বৰ পঞ্চম স্থানৰ খেলুৱৈ। আপেটছৰ তুলনাত লাভলীনাৰ বিশ্ব ৰেংকি উন্নত। বিশ্বৰ আইবা ৰেংকিঙৰ তৃতীয় স্থানত আছে লাভলীনা বৰগোহাঁই।

ইফালে ছয় বাৰৰ বিশ্ব চেম্পিয়ন তথা ২০১২ বৰ্ষৰ অলিম্পিক গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী এম চি মেৰীকমে এইবাৰৰ অলিম্পিক গেমছৰ প্ৰথম ৰাউণ্ডত ডমিনিকান ৰিপাব্লিকৰ বক্সাৰ হাৰনাণ্ডেছ গৰ্চিয়া মিগুলিনাৰ বিৰুদ্ধে খেলিব। প্ৰথম ৰাউণ্ডত 'বাই’ পোৱা অসমৰ লাভলীনা বৰগোহাঁয়ে ২৭ জুলাইৰ দুপৰীয়া ২ বজাত প্ৰি–কোৱাৰ্টাৰ ফাইনেলৰ খেলত অৱতীৰ্ণ হ’ব।

অলিম্পিকৰ দৰে বিশ্বৰ শ্ৰেষ্ঠ ক্ৰীড়া মহাসমৰৰ প্ৰথম ৰাউণ্ডত লাভলীনা বৰগোহাঁয়ে ‘বাই’ পোৱাত উৎফুল্লিত হৈছে অসমৰ ক্ৰীড়াপ্ৰেমী। অসমৰ সকলো লোকে লাভলীনা বৰগোঁহাইক লৈ দেখিছে সপোন।

উল্লেখযোগ্য যে লাভলীনাৰ পূৰ্বে অসমৰ চাৰিগৰাকী খেলুৱৈ ক্ৰমে ১৯৪৮ চনৰ লণ্ডন অলিম্পিক গেমছত ভাৰতীয় ফুটবৰ দলৰ নেতৃত্ব লৈছিল অসমৰ টি আওয়ে। পৰৱৰ্তী ১৯৯২ৰ বাৰ্চিলোনা অলিম্পিক গেমছ আৰু ১৯৯৬ চনৰ আটলাণ্টা অলিম্পিক গূমছৰ বেডমিণ্টন ইভেণ্টত অংশ লৈছিল অসমৰ দীপাংকৰ ভট্টাচাৰ্য্যই। তৃতীয় আৰু চতুৰ্থগৰাকী খেলুৱৈ হিচাপে ২০১২ চনৰ লণ্ডন অলিম্পিক গেমছত অংশ লৈছিল আৰ্চাৰ জয়ন্ত তালুকদাৰ আৰু বক্সাৰ শিৱ থাপাই। পূৰ্বৰ খেলুৱৈ চাৰিগৰাকীয়ে অলিম্পিক গেমছত অংশ লৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল যদিও পদক পোৱা নাছিল।

সেয়ে অলিম্পিকৰ ১২৫ বছৰীয়া ইতিহাসত প্ৰথমবাৰলৈ পদক অৰ্জনেৰে বিশ্ব ক্ৰীড়াত নিজৰ নাম সোণালী আখৰেৰে লিখিব বিচাৰিছে লাভলীনা বৰগোহাঁয়ে। সেয়ে সমগ্ৰ অসমবাসীয়ে লাভলীনাক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছে।
Published by: Sanjay Kumar Das
First published: July 22, 2021, 6:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি