মৰমলগা কণমানিজনীৰ এই ভিডিও এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।
মৰমলগা কণমানিজনীৰ এই ভিডিও এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।
এগৰাকী মৰমলগা কণমানিয়ে Qatarৰ হামাড ইণ্টাৰনেশ্যনেল বিমান বন্দৰৰ নিৰাপত্তাৰক্ষীৰ সৈতে কৰা কথোপকথন এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। ভিডিওটোত দেখা গৈছে যে, খোজকাঢ়িবলৈ শিকা কণমানিজনীয়ে নিৰাপত্তাৰক্ষীজনৰ পৰা বিচাৰিছে খুড়ীয়েকক এবাৰ সাৱটি ধৰাৰ অনুমতি।
কপ্তান হিন্দুস্থান নামৰ এটা ইউজাৰ একাউণ্টৰ জৰিয়তে টুইটাৰত আপলোড কৰা হৈছে এই ভিডিওটো। বিমানখন এৰাৰ আগমুহূৰ্তত কণমানিজনীয়ে দৌৰি গৈ নিৰাপত্তাৰক্ষীজনক সোধে যে, 'মই এবাৰ খুড়ীক সাৱটি ধৰি গুড বাই কব পাৰিব নেকি?'
এই ভিডিওটোৱে এতিয়ালৈকে ৩৬ হাজাৰ লাইক পোৱাৰ লগতে প্ৰায় ৩ লাখ লোকে চাইছে। মৰমলগা কণমানিজনীৰ এই ভিডিওটো এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|