• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Viral Video : ব্যস্ত ৰাজপথত ডিকি খুলি চলন্ত গাড়ীৰ পৰা পৰিল গ’ল কণমানি শিশু, তাৰ পিছৰ দৃশ্য শিহৰণকাৰী

Viral Video : ব্যস্ত ৰাজপথত ডিকি খুলি চলন্ত গাড়ীৰ পৰা পৰিল গ’ল কণমানি শিশু, তাৰ পিছৰ দৃশ্য শিহৰণকাৰী

কিন্তু ৰাখে হৰি মাৰে কোনে? সৌভাগ্যক্ৰমে গাড়ীৰে ঠাহ খাই থকা ৰাজপথত পৰিও বাচি গ’ল কণমানিটি।

কিন্তু ৰাখে হৰি মাৰে কোনে? সৌভাগ্যক্ৰমে গাড়ীৰে ঠাহ খাই থকা ৰাজপথত পৰিও বাচি গ’ল কণমানিটি।

কিন্তু ৰাখে হৰি মাৰে কোনে? সৌভাগ্যক্ৰমে গাড়ীৰে ঠাহ খাই থকা ৰাজপথত পৰিও বাচি গ’ল কণমানিটি।

  • Share this:


ব্যস্ত ৰাজপথ। শ শ গাড়ীৰ অহা–যোৱা। তাৰ মাজতে হঠাৎ এখন চলন্ত গাড়ীৰ পৰা ৰাজপথত পৰি গ’ল এটি কণমানি শিশু! গাৰ নোম শিয়ৰি উঠা এই ভিডিঅ’ বৰ্তমান ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

কিন্তু ৰাখে হৰি মাৰে কোনে? সৌভাগ্যক্ৰমে গাড়ীৰে ঠাহ খাই থকা ৰাজপথত পৰিও বাচি গ’ল কণমানিটি। শিশুটি পৰি যোৱা গাড়ীখনৰ পিছত থকা আনখন গাড়ীৰ চালকে ব্ৰেক মৰাত নিশ্চিত বিপদৰ পৰা কথমপি ৰক্ষা পৰে কণমানিটি।

চিচিটিভি কেমেৰাত বন্দী হয় এই সমগ্ৰ দৃশ্য। গাড়ীৰ পৰা পৰি যোৱাৰ পিছতে শিশুটিয়ে নিজেই উঠি নিজে অহা গাড়ীখনৰ পিছে পিছে দৌৰিছে। ভিডিঅ’ত দেখা গৈছে, এগৰাকী মহিলাই স্কুটী ৰখাই শিশুটিৰ হাতত ধৰি আছে। ইয়াৰ পিছতে শিশুটিৰ পৰিয়ালৰ লোকে শিশুটিক আহি লৈ যায়।

এই ঘটনা বৰ্তমান ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। বিভিন্নজনে মন্তব্য কৰিছে যে গাড়ীত শিশু থাকিলে অত্যন্ত সাৱধান হোৱা উচিত। অন্যথা ঘটিব পাৰে ভয়ংকৰ বিপদ।

Published by:Sanjay Kumar Das
First published: