ওপৰত সূৰ্য দেৱতাৰ খাও খাও মূৰ্তি, তলত বিদ্যুতৰ লুকাভাকু! কেতিয়া আহিব বৰষুণ?

গৰমে দহিছে সমগ্ৰ ৰাজ্য। অতিক্ৰম কৰিছে ৪০ ডিগ্ৰী চেলছিয়াছৰ ঘৰ

News18-Assam
Updated:August 7, 2019, 3:24 PM IST
ওপৰত সূৰ্য দেৱতাৰ খাও খাও মূৰ্তি, তলত বিদ্যুতৰ লুকাভাকু! কেতিয়া আহিব বৰষুণ?
Source-Google
News18-Assam
Updated: August 7, 2019, 3:24 PM IST
গৰম বন্ধ শেষ, কিন্তু কমা নাই গৰমৰ প্ৰকোপ! ওপৰত সূৰ্য দেৱতাৰ খাও খাও মূৰ্তি, তলত বিদ্যুতৰো লুকাভাকু, লোডশ্বেডিঙৰ বাবে এতিয়া ৰাজ্যজুৰি হাহাকাৰ ৰাইজৰ!  আগষ্ট মাহৰ প্ৰথম সপ্তাহত এতিয়া গৰমে জ্বলা ক’লা খুৱাইছে সমগ্ৰ ৰাজ্যবাসীক। বুধবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰমে অতিক্ৰম কৰিলে ৩৮ ৰ পৰা ৪০ ডিগ্ৰী চেলছিয়াছৰ ঘৰ। বুধবাৰে গুৱাহাটী মহানগৰত গৰমে অতিক্ৰম কৰিছে ৩৮ ডিগ্ৰী ছেলছিয়াছৰ ঘৰ। সেইদৰে যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ, তেজপুৰ, শিলচৰত গৰমে অতিক্ৰম কৰিছে  ৩৬ ৰ পৰা ৩৮ ডিগ্ৰী ছেলছিয়াছৰ পাৰাস্তম্ভ।

এই উৎকট গৰমৰ পৰা কেতিয়া সকাহ পাব ৰাজ্যবাসীয়ে? এতিয়া এজাক বৰষুণলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে সকলোৱে! শুক্ৰবাৰৰ পৰা লখিমপুৰ, ডিব্ৰুগড়, যোৰহাটত কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱণা আছে যদিও, গুৱাহাটীত আগন্তুক এসপ্তাহলৈকে নাই বৰষুণ হোৱাৰ কোনো ধৰণৰ সম্ভাৱণা।
আৰু চাওক পৰৱৰ্তী বাতৰি