আজি ৩০০০টকাৰো অধিক সস্তা সোণ–ৰূপ। সপ্তাহটোৰ ভিতৰতে আটাইতকৈ অধিক মূল্য হ্ৰাস।
আজি ৩০০০টকাৰো অধিক সস্তা সোণ–ৰূপ। সপ্তাহটোৰ ভিতৰতে আটাইতকৈ অধিক মূল্য হ্ৰাস।
নতুন দিল্লীঃ সোণৰ মূল্য তীব্ৰগতিত বাঢ়ি থকাৰ পৰা হঠাৎ ব্ৰেক লাগিছে। আন্তঃৰাষ্ট্ৰীয় স্তৰত মূল্য হ্ৰাস পোৱাৰ কাৰণে আজি ঘৰুৱা বজাৰত সোণৰ মূল্য (Gold Price Today) যথেষ্ট হ্ৰাস পাইছে। বুধবাৰে দিল্লীৰ সৰৌফা বজাৰত সোণৰ মূল্য (Gold Price) প্ৰতি দহ গ্ৰামত ৬০০ টকাৰো অধিক হ্ৰাস পাইছে। সেইমতে এক কিলোগ্ৰাম ৰূপৰ মূল্য (Silver Price Down) ৩০০০টকাৰ অধিক হ্ৰাস পাইছে। বিশেষজ্ঞৰ মতে আমেৰিকাৰ ডলাৰ (US Dollar) মজবুত হোৱাৰ কাৰণে বজাৰত সোণৰ মূল্য হ্ৰাস পাইছে।
উল্লেখযোগ্য যে মঙলবাৰে দিল্লীৰ সৰৌফা বজাৰত ৯৯.৯ শতাংশ শুদ্ধতাৰ সোণৰ মূল্য প্ৰতি দহ গ্ৰামত ৫৩,৬৭৪ টকাৰ পৰা বাঢ়ি প্ৰতি দহ গ্ৰামত ৫৪,৮৫৬ টকা হৈছিল। আনহাতে মুম্বাইত ৯৯.৯ শতাংশ শুদ্ধতাৰ সোণৰ মূল্য বাঢ়ি ৫৩৮৯৪ টকা প্ৰতি দহ গ্ৰামত হৈছিল।
সোণৰ নতুন মূল্য (Gold Price on 19 August 2020)- HDFC চিকিউৰিটিজৰ মতে, বুধবাৰে দিল্লীৰ সৰৌফ বজাৰত ৯৯.৯শতাংশ শুদ্ধতাৰ সোণৰ মূল্য ৫৪,৯০৯ টকা প্ৰতি দহ গ্ৰামৰ পৰা ৫৪,২৬৯টকা প্ৰতি দহ গ্ৰাম হয়। আনহাতে মুম্বাইত সেই একেই ৯৯.৯শতাংশ শুদ্ধতাৰ সোণৰ মূল্য প্ৰতি দহ গ্ৰামত ৫৩৪২৪ টকালৈ হ্ৰাস পাইছে।
ৰূপৰ নতুন মূল্য (Silver Price on 19 August 2020)- বুধবাৰে সোণতকৈ ৰূপৰ দাম অধিক কমিল। দিল্লীত এক কিলোগ্ৰাম ৰূপৰ মূল্য ৭২,৫৬২ টকালৈ নামিল। এই সময়চোৱাত ৩,১১২টকা পৰ্যন্ত ৰূপৰ দাম কমিল। আনহাতে মুম্বাইত ৰূপৰ দাম হ্ৰাস পাই প্ৰতি কিলোগ্ৰামত ৬৭১৩৫টকা হয়।
এতিয়া কি হ’ব–কটেক চিকিউৰিটিজৰ এক বিবৃতিত কোৱা হৈছে যে সোণৰ ক্ষেত্ৰত অস্থিৰতা যথেষ্ট বাঢ়িছে। এই সকলো অব্যাহত থাকিব। বিনিয়োগকাৰীসকলৰ দৃষ্টি নিবদ্ধ হৈ আছে আমেৰিকাৰ কেন্দ্ৰীয় বেংক ফেডাৰেল ৰিজাৰ্ভৰ মিনটছৰ ওপৰত। বুধবাৰে মাজনিশা এয়া জাৰি হ’ব।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|