বিত্তীয় বৰ্ষ ২০২১–২২ৰ বাবে আয়কৰ ৰিটাৰ্ণ জমা কৰাৰ সময়সীমা শেষ হোৱাৰ এদিন পূৰ্বলৈ ৫ কোটিৰো অধিক ৰিটাৰ্ণ জমা কৰা হৈছে। আয়কৰ বিভাগে শনিবাৰে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এই তথ্য সদৰি কৰি কৰদাতাসকলক নিৰ্ধাৰিত দিন ৩১ জুলাইলৈ আয়কৰ ৰিটাৰ্ণ জমা কৰাৰ বাবে অনুৰোধ জনায়। বিভাগে কয় যে বিলম্ব শুল্কৰ পৰা বাচিবলৈ নিৰ্ধাৰিত সময়লৈ ৰিটাৰ্ণ জমা কৰক।
বিভাগে কয় যে ২০২২–২৩ৰ বাবে শনিবাৰে সন্ধিয়া ৮.৩৬ বজালৈ ৫ কোটিৰো অধিক ৰিটাৰ্ণ জমা কৰা হৈছে। ইয়াৰ পূৰ্বে ২৯ জুলাইলৈ ৪.৫২ কোটি আইটিআৰ দাখিল কৰা হৈছিল।
ইয়াৰ সমান্তৰালকৈ আয়কৰ বিভাগৰ নিয়ন্ত্ৰক সংস্থা কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে (চিবিডিটি) ৩১ জুলাইত দেওবাৰ হ’লেও সমগ্ৰ দেশতে সকলো আয়কৰ সেৱা কেন্দ্ৰ মুকলি কৰি ৰাখিবলৈ নিৰ্দেশ দিছে। ই-ফাইলিং প’ৰ্টেলৰ সৈতে জড়িত সমস্যাসমূহ তাৎক্ষণিকভাৱে সমাধান কৰা হৈছে আৰু কৰদাতাৰ পৰা অহা প্ৰতিটো সন্দেহ আৰু প্ৰশ্নৰ উত্তৰ দিয়া হৈছে বুলি এজন জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে।
আয়কৰ ৰিটাৰ্ণ দাখিলৰ সময়সীমা বৃদ্ধিৰ বাবে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত দাবী কৰা সন্দৰ্ভত বিষয়াগৰাকীয়ে কয় যে বৰ্তমান বিভাগটোৱে এই বিষয়ে চিন্তা কৰা নাই। ২০২০-২১ বিত্তীয় বৰ্ষৰ ৰিটাৰ্ণ দাখিলৰ সময়সীমা ২০২১ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছিল। এই সময়ছোৱাত মুঠ ৫.৮৯ কোটি ৰিটাৰ্ণ দাখিল কৰা হৈছিল।