মেষ : আজি পুৰণি ব্যাথা আঁতৰি প্ৰণয়ৰ সম্পৰ্ক সুদৃঢ় হ’ব, প্ৰেমৰ নতুন সূচনা হ’ব জীৱনত।
বৃষ : কৰ্মক্ষেত্ৰত পৰিস্থিতি ইতিবাচক হ’ব, লগতে প্ৰণয়ৰ সম্পৰ্কত নতুন আশা দেখা দিব পাৰে।
মিথুন : কৰ্মক্ষেত্ৰত পৰিৱৰ্তনৰ সূচনা হ’ব পাৰে। নতুন চাকৰি বিচৰাৰ শ্ৰেষ্ঠ সময়, সদ্ব্যৱহাৰ কৰক।
কৰ্কট : বৰ্তমান মনত প্ৰিয়জনৰ সান্নিধ্যত সুখ ভোগৰ চিন্তাই বিৰাজ কৰিব, জীৱন মসৃন গতিত চলিব।
সিংহ : প্ৰেমৰ সম্পৰ্কত আজি নতুন বিশ্বাস ঘূৰাই পাব, পাৰিবাৰিক ক্ষেত্ৰতো সুখ লাভ হ’ব।
কন্যা : অৱশেষত সমস্ত মানসিক জটিলতাৰ অৱসান হ’ব, বিশেষ সুখবৰ আছে আপোনাৰ অপেক্ষাত!
তুলা : মানসিক দিশৰ পৰা জীৱন শান্তিত পৰিপূৰ্ণ হ’ব, লগতে উপাৰ্জনো বাঢ়িব।
বৃশ্চিক : খুব সহজতে আনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থাকিব, যিটো কৰ্মক্ষেত্ৰতো উন্নতিৰ সহায়ক হ’ব।
ধনু : মানসিক শান্তিৰ বাবে আজি নিজক সময় দিয়ক, নিজৰ হৃদয় উপলব্ধিৰ চেষ্টা কৰক।
মকৰ : নতুন পৰিচিতসকলৰ সুবাদত উন্নতিৰ নতুন সুযোগ আহিব, সেয়ে আজি যোগাযোগ ৰক্ষা কৰক।
কুম্ভ : দীৰ্ঘদিনৰ প্ৰত্যাশা আজি পূৰণ হ’ব, কৰ্মক্ষেত্ৰতো দূৰ হ’ব প্ৰতিবন্ধকতা।
মীন : শিক্ষাসূত্ৰে বা কৰ্মসূত্ৰে ভ্ৰমণৰ সম্ভাৱনা আছে, নতুন পদক্ষেপৰ বাবে দিনটো শুভ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|