PF Account holders সকলে এই ৫টা ভুল কৰিলে Withdraw কৰিব নোৱাৰিব PFৰ ধন

News18 Assam | News18-Assam
Updated:September 16, 2020, 11:15 AM IST
PF Account holders সকলে এই ৫টা ভুল কৰিলে Withdraw কৰিব নোৱাৰিব PFৰ ধন
PFৰ টকা উলিয়াবলৈ হ’লে এই কথাকেইটা মনক ৰাখক।

PFৰ টকা উলিয়াবলৈ হ’লে এই কথাকেইটা মনক ৰাখক।

  • News18 Assam
  • Last Updated: September 16, 2020, 11:15 AM IST
  • Share this:
সাৱধান! আপোনাৰ PF উইথড্ৰৱেল ক্লেইম ৰিজেক্ট হ’ব পাৰে।  PF Account holders সকলে এই ৫টা ভুল নকৰিব। জানক কি কি?

বেংক একাউণ্টৰ ডিটেইল ভুলঃ পি এফ ক্লেইমৰ ধন EPFOৰ ৰেকৰ্ডত থকা বেংক একাউণ্টতে ক্ৰেডিট কৰা হয়। সেইকাৰণে যদি আপুনি ভুল একাউণ্ট নম্বৰ বা আন কাৰোবাৰ নম্বৰ এণ্টাৰ কৰিছে তেনেহ’লে আপোনাৰ এপ্লিকেছন ৰিজেক্ট হৈ যাব। সেইকাৰণে ক্লেইম কৰাৰ সময়ত একাউণ্ট ডিটেইল দিওতে সাৱধান।


KYC সম্পূৰ্ণ নকৰাঃ যদি কোনোবা একাউণ্ট হল্ডাৰৰ কেৱাইচি পুৰা কৰা নাই তেতিয়াও আপোনাৰ এপ্লিকেছন ৰিজেক্ট হ’ব পাৰে। আপোনাৰ কেৱাইচি ডিটেইল সম্পূৰ্ণ হোৱাৰ লগতে ভেৰিফাই হবও লাগিব। কেৱাইচি কম্পলিট বা ভেৰিফাই আছে নে নাই সেয়া আপুনি মেম্বাৰ ই সেৱা একাউণ্টত লগ ইন কৰি চেক কৰিব পাৰিব।


জন্ম তাৰিখ ভুল হোৱাঃ EPFOত দাখিল থকা জন্মতিথি আৰু নিয়োগকৰ্তাৰ ৰেকৰ্ডত দাখিল জন্মতিথি বেলেগ বেলেগ হ’লেও আপোনাৰ এপ্লিকেছন ৰিজেক্ট হ’ব পাৰে। শেহতীয়াকৈ ইপিএফঅ’ই ৩এপ্ৰিলত এক চাৰ্কুলাৰ জাৰি কৰিছিল য’ত তেওঁলোকে ইপিএফঅ’ৰ ৰেকৰ্ডত দাখিল কৰা জন্ম তিথি সঠিক কৰিবলৈ তথা ইউএনক আধাৰ নম্বৰৰ সৈতে সংযুক্ত কৰিবলৈ নিয়মৰ ক্ষেত্ৰত ৰেহাই দিছিল। এতিয়া আপুনি জন্ম তাৰিখ ৩বছৰলৈকে ঠিক কৰিব পাৰে।


একাউণ্ট UANৰ সৈতে লিংক থকাঃ ইয়াৰ বাহিৰে আপোনাৰ একাউণ্ট নম্বৰ UAN (ইউনিভাৰ্চেল একাউণ্ট নম্বৰৰ)সৈতে লিংকড হ’ব লাগিব। ইয়াৰ অন্যথাই আপুনি টকা লাভ কৰাৰ ক্ষেত্ৰত সমস্যাত ভুগিব পাৰে।

ইয়াৰ বাহিৰে ইপিএফঅ’ৰ ৰেকৰ্ডত থকা IFSC নম্বৰো শুদ্ধ হ’ব লাগিব।



First published: September 16, 2020, 11:15 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading