কোভিড–১৯ৰ পৰা বাচিবলৈ একমাত্ৰ উপায় শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি

News18 Assam | News18-Assam
Updated:May 6, 2021, 7:01 PM IST
কোভিড–১৯ৰ পৰা বাচিবলৈ একমাত্ৰ উপায় শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কিছু টিপছ

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কিছু টিপছ

  • Share this:

ভাৰতত কোভিড-১৯ৰ দ্ৰুত সংক্ৰমণে প্ৰতিদিনে গঢ়ি আছে নতুন অভিলেখ। কোভিড পৰিস্থিতি যোৱাবৰ্ষতকৈ বহুগুণে সংকটজনক হোৱাৰ সমান্তৰালকৈ নতুন নতুন প্ৰকাৰৰ কোৰোণাই সৃষ্টি কৰিছে ত্ৰাস।


এনে পৰিস্থিতিত মাস্ক, ছেনিটাইজাৰৰ ব্যৱহাৰেই যে কোভিডৰ পৰা আপোনাক বচাই ৰাখিব পাৰিব তেনে নহয়, কোভিডৰ সংক্ৰমণৰ পৰা বাচি থকিবলৈ নিজৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা অটুট থকা দৰকাৰ। এইক্ষেত্ৰত মাত্ৰ কেইটামান সাধাৰণ কথা নিজৰ প্ৰতিদিনৰ ৰুটিনত যোগ কৰাটো শ্ৰেয় আপোনাৰ সুস্বাস্থ্যৰ বাবে। কিয়নো বিশেষজ্ঞসকলে কয় যে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি মানে ৰোগৰ দ্ৱাৰা সংক্ৰমিত হোৱাৰ সম্ভাৱনা হ্ৰাস।


শৰীৰত এণ্টি–অক্সিডেণ্ট বৃদ্ধি কৰক:  বৰ্ধিত এণ্টি–অক্সিডেণ্টে অক্সিডেটিভ চাপ হ্ৰাস কৰে, যিয়ে শৰীৰৰ কোষবোৰ স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। যথেষ্ট পৰিমাণে বতৰৰ ফল আৰু পাচলি খোৱাৰ ফলত শৰীৰত এণ্টিঅক্সিডেণ্ট বৃদ্ধি হয়। শৰীৰত ভিটামিন চি-ৰ পৰ্যাপ্ত যোগানৰ ফলতো ৰোগ প্ৰতিৰোধ কৰাত শৰীৰ সমৰ্থ হয়।



বনৌষধি আৰু মছলা: হালধি, আদা, জালুক খাদ্যতালিকালৈ আনক। ইয়াক মুখ্যতঃ ৰন্ধনত মছলা হিচাপে ব্যৱহাৰ কৰা হয়, ইয়াৰ যথেষ্ট ঔষধি গুণ থাকে। ডালচেনি, লং, ইলাচীয়ে আহাৰৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে শৰীৰক বিভিন্ন ৰোগৰ পৰা মুক্ত ৰখাত সহায় কৰে।


টোপনিৰ পৰিমাণ বৃদ্ধি: বিভিন্ন অধ্যয়নে দেখুৱাইছে যে টোপনিৰ অভাৱে শৰীৰক দুৰ্বল কৰে আৰু অসুস্থ হোৱাৰ প্ৰৱণতা বৃদ্ধি কৰে। সেয়েহে, ৰোগ প্ৰতিৰোধ কৰিবলৈ পৰ্যাপ্ত টোপনি অতি গুৰুত্বপূৰ্ণ।


ওপৰঞ্চি আহাৰ পৰিহাৰ কৰক: পেট খালী থকা অৱস্থাত খাদ্য খোৱা অতি আৱশ্যকীয়। আগতে খোৱা খাদ্য হজম নোহোৱাকৈয়ে পুনৰ খাদ্য খোৱাৰ অভ্যাস পৰিহাৰ কৰিব। অৰ্থাত ভোক লাগিলেহে খাদ্যগ্ৰহণ কৰা আৱশ্যক। এনে কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে (immune system) সঠিকভাৱে কাম কৰে।


ব্যায়াম: নিয়মীয়া ব্যায়ামে বহুতো স্বাস্থ্য সমস্যা সহজ কৰে। নিয়মীয়াকৈ কমেও ৩০ মিনিটৰ বাবে শাৰীৰিক ব্যায়ামৰ প্ৰয়োজন।



সূৰ্যৰ পোহৰ: সূৰ্য হৈছে শক্তিৰ উৎস। সূৰ্যই মানৱ শৰীৰত ভিটামিন ডি সংশ্লেষণ কৰাত সহায় কৰে, যাৰ ফলত শৰীৰৰ বিভিন্ন বীজাণু ধ্বংস হয়। নিয়মীয়াকৈ প্ৰতিদিনে কিছু সময়ৰ বাবে ৰাতিপুৱাৰ সূৰ্যৰ পোহৰত পোনপটীয়াকৈ থাকিব।

Published by: Gautam Barman
First published: May 6, 2021, 5:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি