মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Health Tips : ৪০ বছৰ বয়সৰ পিছত মহিলাসকলে নিশ্চয়কৈ অনুসৰণ কৰিবলগীয়া কিছু টিপছ

Health Tips : ৪০ বছৰ বয়সৰ পিছত মহিলাসকলে নিশ্চয়কৈ অনুসৰণ কৰিবলগীয়া কিছু টিপছ

News18 Assam | News18-Assam
Updated:March 24, 2021, 7:30 PM IST
Health Tips : ৪০ বছৰ বয়সৰ পিছত মহিলাসকলে নিশ্চয়কৈ অনুসৰণ কৰিবলগীয়া কিছু টিপছ
৪০ বছৰ বয়সৰ পিছত মহিলাসকলৰ হৰ্মনেল পৰিৱৰ্তন (Hormonal Changes) দেখা যায়।

৪০ বছৰ বয়সৰ পিছত মহিলাসকলৰ হৰ্মনেল পৰিৱৰ্তন (Hormonal Changes) দেখা যায়।

  • Share this:
প্ৰতিগৰাকী মহিলাৰ শৰীৰত ৪০ৰ পিছত কিছু পৰিৱৰ্তন দেখা যায় - উদাহৰণ স্বৰূপে, বিপাক লেহেমীয়া হয় আৰু ইষ্ট্ৰোজেন হ্ৰাস হ'ব পাৰে। সেয়েহে মহিলা এগৰাকীয়ে শৰীৰৰ বাবে কিছু গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰে।

৪০ বছৰ বয়সৰ পিছত মহিলাসকলৰ হৰ্মনেল পৰিৱৰ্তন (Hormonal Changes) দেখা যায়। আমাৰ শৰীৰত হোৱা পৰিৱৰ্তনবোৰ লক্ষ্য নকৰাটো সাধাৰণ, কিন্তু অন্তৰ্নিহিত কাৰণবোৰ ইমান স্পষ্ট নহ'ব পাৰে। বয়স হোৱাৰ লগে লগে আমি হৰমনৰ পৰিৱৰ্তন অনুভৱ কৰিব পাৰো, যি খাদ্যৰ মেটাবলাইজড (Metabolized) আৰু আমাৰ শৰীৰে শক্তি ব্যৱহাৰ আৰু উৎপাদন কৰাৰ পদ্ধতি সলনি কৰিব পাৰে।

খাদ্যত সতেজ ফল, শাক-পাচলি, লেগুম (Legume) জাতীয় খাদ্য অন্তৰ্ভুক্ত কৰক। সেউজীয়া পাচলি হৈছে অতি পুষ্টিকৰ খাদ্য যি ভিটামিন আৰু খনিজৰে পৰিপূৰ্ণ হৈ থাকে। সেইবোৰত ফাইট’নিউট্ৰিয়েণ্টছ (Phytonutrients) বা ফাইটোকেমিকেল (Phytochemicals) বুলি জনাজাত অন্যান্য ৰাসায়নিক পদাৰ্থও থাকে।

নিতৌ ব্যয়াম আৰু যোগাসনৰ অভ্যাস কৰক। যোগৰ উদ্দেশ্য হৈছে মন আৰু শৰীৰ দুয়োটাতে শক্তি, সজাগতা আৰু সমন্বয় গঢ়ি তোলা। ব্যায়াম আৰু যোগাসৰ অভ্যাসে দীৰ্ঘদিনীয়া বিষ, যেনে তল পিঠিৰ বিষ, আৰ্থ্ৰাইটিছ, মূৰৰ বিষ আদি দূৰ কৰাত সহায় কৰে।

এই বয়সত ডায়েট আৰু জীৱনশৈলী (Lifestyle)ত পৰিৱৰ্তন প্ৰয়োজনীয়। ৪০ৰ দেওনা পাৰ হোৱাৰ পিছত আপুনি হয়তো লক্ষ্য কৰিছে যে আপোনাৰ শক্তি আগৰ তুলনাত অধিক সোনকালে হ্ৰাস হয়। আপোনাৰ খাদ্য তালিকাত, কেলচিয়াম, প্ৰটিন, চ’ডিয়াম আৰু শৰীৰৰ বাবে অতিকৈ প্ৰয়োজনীয় আন খাদ্য যোগ কৰক।

মাংসপেশী মজবুত কৰাৰ লগতে চাপ (Stress)ৰ পৰা আঁতৰি থাকক। ইয়াৰ বাবে আমি নিয়মীয়াকৈ ব্যায়াম কৰা প্ৰয়োজন। ব্যায়ামে আমাক গভীৰ উশাহ (Deep Breath) লোৱাৰ লগতে শৰীৰটোক ৰিলেক্স (Relax) অনুভৱ কৰায়।

নিয়মিতভাবে গোটেই শৰীৰৰ পৰীক্ষা (Full Body Check-up) কৰাওক। নিয়মীয়া পৰীক্ষাই প্ৰাৰম্ভিক পৰ্যায়ত সম্ভাব্য স্বাস্থ্যৰ স্থিতি চিনাক্ত কৰাত সহায় কৰে, আৰু "প্ৰতিৰোধ আৰোগ্যতকৈ ভাল" এই কথাষাৰৰ সত্যতা নিৰূপন কৰে। আগতীয়া চিনাক্তকৰণে কোনো জটিলতা অবিহনে ৰোগটোৰ সৈতে যুঁজ কৰাৰ সৰ্বশ্ৰেষ্ঠ সুযোগ প্ৰদান কৰে।

মুড ভালে ৰাখিবলৈ বেলেঞ্চড ডায়েট কৰা অভ্যাস কৰক। মুড ভালে ৰাখিবলৈ খাদ্য তালিকাত অ’মেগা-৩ ফেটি এচিড (Omega-3 Fatty Acid), তেলযুক্ত মাছ, ৱালনাট, কেনোলা তেল (Canola Oil) আদি যোগ কৰক।

ধুমপান আৰু সুৰাপান (Smoking and Drinking)ৰ পৰা যিমান সম্ভৱ আতঁৰি থকাটো অতিকৈ প্ৰয়োজনীয়। চিগাৰেটত ৪,০০০তকৈও অধিক ৰাসায়নিক যৌগ আৰু ৪০০টা বিষাক্ত ৰাসায়নিক পদাৰ্থ থাকে য'ত টাৰ, কাৰ্বন মনোক্সাইড, ডিডিটি, আৰ্চেনিক আৰু ফৰ্মালডিহাইড অন্তৰ্ভুক্ত থাকে। প্ৰতি সপ্তাহত ৭বা তাতকৈ অধিক সুৰাপান কৰা মহিলাৰ অস্বাস্থ্যক হিচাপে গণ্য কৰা হয়। অত্যধিক সুৰাপান বহুকেইটা গুৰুত্বপূৰ্ণ ৰোগৰ কাৰণ হিচাপে বিবেচনা কৰা হয়। ধঁপাত আৰু সুৰা দুয়োটাই হৃদযন্ত্ৰক প্ৰভাৱিত কৰিব পাৰে।

মচলাযুক্ত, তেলযুক্ত, জাংক (Junk) বা প্ৰচেছড (Processed) খাদ্য পৰিহাৰ কৰি চলক। এই ধৰণে ৰন্ধা খাদ্য বোৰ প্ৰায়ে ঘন কেলৰি যুক্ত হয়। উচ্চ তাপত খাদ্য ৰন্ধা খাদ্যত কেইবাটাও অস্বাস্থ্যকৰ ৰাসায়নিক যৌগও গঠন হয়।
Published by: Sanjay Kumar Das
First published: March 24, 2021, 7:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি