• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Salt Tips: কেৱল সোৱাদেই নহয়, নিমখে ঘৰৰ এই ৮টা কামো সহজ কৰি তোলে, জানক কৰিব কেনেকৈ

Salt Tips: কেৱল সোৱাদেই নহয়, নিমখে ঘৰৰ এই ৮টা কামো সহজ কৰি তোলে, জানক কৰিব কেনেকৈ

Salt Tips: আপুনি কেতিয়াবা ভাবিছেনে যে আমি আন কি কামত নিমখ ব্যৱহাৰ কৰিব পাৰো? হয়, এনে বহুতো ঘৰুৱা কাম আছে যে বছৰ বছৰ ধৰি নিমখ ব্যৱহাৰ কৰি সহজ কৰি তুলিব পাৰি।

Salt Tips: আপুনি কেতিয়াবা ভাবিছেনে যে আমি আন কি কামত নিমখ ব্যৱহাৰ কৰিব পাৰো? হয়, এনে বহুতো ঘৰুৱা কাম আছে যে বছৰ বছৰ ধৰি নিমখ ব্যৱহাৰ কৰি সহজ কৰি তুলিব পাৰি।

Salt Tips: আপুনি কেতিয়াবা ভাবিছেনে যে আমি আন কি কামত নিমখ ব্যৱহাৰ কৰিব পাৰো? হয়, এনে বহুতো ঘৰুৱা কাম আছে যে বছৰ বছৰ ধৰি নিমখ ব্যৱহাৰ কৰি সহজ কৰি তুলিব পাৰি।

  • Share this:
পাকঘৰত যদি এটা বস্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়, তেন্তে সেয়া হ’ল নিমখ (Salt)। নিমখ অবিহনে আমি খাদ্যত সোৱাদৰ কথা ভাবিবই নোৱাৰোঁ। এই কাৰণেই মছলা নাথাকিলেও নিমখৰ সহায়তো বস্তুবোৰ খাব পৰা কৰি তোলা হয়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে আমি আন কি কামত নিমখ ব্যৱহাৰ (Other Uses of Salt) কৰিব পাৰো? হয়, এনে বহুতো ঘৰুৱা কাম আছে যে বছৰ বছৰ ধৰি নিমখ ব্যৱহাৰ কৰি সহজ কৰি তুলিব পাৰি। গতিকে ৰন্ধা বঢ়া (Use of Salt Other than Cooking)ৰ বাহিৰেও কোনবোৰ বস্তুত নিমখ ব্যৱহাৰ কৰিব পাৰি জানো আহক।

কাপোৰৰ পৰা দাগ আঁতৰাবলৈ
যদি আপোনাৰ কাপোৰ বা কাৰ্পেটত দাগ পৰিছে, তেন্তে আপুনি ভিনেগাৰ নিমখৰ সৈতে মিহলাই দাগ পৰা ঠাইত লগাই থৈ দিয়ক। ১০ মিনিটৰ পিছত ধুই পেলাব। দাগটো নোহোৱা হৈ যাব।

কফিৰ তিতা কমায়
যদি কফি (Coffee) বেছি তিতা হৈ পৰিছে আৰু আপুনি চেনি দি খাবলৈ ভাল নাপায়, তেন্তে মগটোত অলপ নিমখ দিয়ক তিতা কমি যাব। নিমখৰ ফলত কফিৰ তিতা নিষ্ক্ৰিয় হৈ পৰিব।

ফ্ৰীজ পৰিষ্কাৰ কৰা
ফ্ৰীজ (Fridge)ৰ শ্বেলফবোৰ পৰিষ্কাৰ কৰিবলৈ কুহুমীয়া পানীত ১/২ কাপ নিমখ দি তাত কাপোৰ এখন ডুবাই শ্বেলফবোৰ মচি পেলাব লাগে। মলি আৰু ফ্ৰীজৰ গোন্ধ দুয়োটা ওলাই আহিব।

চপিং ব'ৰ্ড পৰিষ্কাৰ কৰা
ব্লিচিং আৰু নিমখ দি চপিং বৰ্ডবোৰ পৰিষ্কাৰ কৰিলে ইয়াৰ গোন্ধ আৰু বীজাণু দুয়োটা আঁতৰি যায়। ইচ্ছা কৰিলে কাঠৰ চপিং বৰ্ডখনো নিমখ আৰু নেমুৰে চাফা কৰিব পাৰে।

কাপোৰৰ জোতাৰ গোন্ধৰ পৰা মুক্তি পাওক
গ্ৰীষ্মকালত যদি আপোনাৰ জোতাৰ পৰা বেয়া গোন্ধ ওলায়, তেন্তে জোতাত কিছু নিমখ ছটিয়াই দিব পাৰে। নিমখে জোতাৰ গোন্ধ শোষণ কৰিব আৰু তাৰ পিছত আপুনি তিতা কাপোৰেৰে মচি দিব।

মাউথৱাছৰ বাবে
আধা কাপ কুহুমীয়া পানীত ১ চামুচ নিমখ আৰু ১ চামুচ বেকিং ছ’ডা (Baking Soda) দি গাৰ্গল কৰক। মুখৰ দুৰ্গন্ধৰ পৰা মুক্তি পাবলৈও এই মিশ্ৰণ ব্যৱহাৰ কৰিব পাৰে।

শীতল পানীয় সোনকালে ঠাণ্ডা কৰিবলৈ
বৰফৰ লগত অলপ নিমখ মিহলাই, যদি বটলটো (Cold Drinks) তাত ৰাখে, তেন্তে সোনকালে ঠাণ্ডা হৈ পৰে। কিন্তু এইটোও মনত ৰাখিব যে অত্যধিক নিমখ দিলে বৰফ অতি সোনকালে গলিব।

ডিঙিৰ বিষ ভাল কৰে
আপুনি কুহুমীয়া পানীত ১ চামুচ নিমখ মিহলাই তাৰ সৈতে ৩০ ছেকেণ্ড গাৰ্গল কৰে। এনে কৰিলে সংক্ৰমণ আৰু ঘাঁ দুয়োটাৰে পৰা উপশম পাব।
Published by:Manjumoni Borah
First published: