মাত্ৰ ১৮ বছৰ বয়সতে জীৱনৰ প্ৰতি মোহ এৰিলে জনপ্ৰিয় টিকটক ষ্টাৰ ডেজহাৰিয়া কুইণ্ট নয়েছে। নয়েছ টিকটকত খুব জনপ্ৰিয় আছিল। বহু ফলোৱাৰ আছিল। লগতে ইনষ্টাগ্ৰামত ভ্লগ চলাইছিল নয়েছে। নিজৰ কছমেটিকছ ব্ৰেণ্ড তৈয়াৰ কৰিছিল। প্ৰচূৰ বিক্ৰীও আছিল। তেওঁৰ ব্ৰেণ্ডৰ লিপ কেয়াৰৰ সকলো প্ৰডাক্টে জনপ্ৰিয়তা লাভ কৰিছিল। কিন্তু ইমান সফলতাৰ পিছতো অৱসাদত ভুগিছিল টিকটক ষ্টাৰগৰাকী।
বিগত সোমবাৰে নিজৰ ঘৰতে আত্মহত্যা কৰে ১৮ বছৰীয়া টিকটক ষ্টাৰগৰাকীয়ে। কিন্তু কি কাৰণত নিজকে শেষ কৰিলে নয়েছে? টিকটক ভালেই চলিছিল। জনপ্ৰিয়তাও তুংগত আছিল।
নয়েছেৰ পিতৃয়ে ছচিয়েল মিডিয়াত পোষ্ট কৰি জনায়, ‘‘নয়েছৰ এই মৃত্যুত একেবাৰে ভাঙি পৰিছো। তেওঁৰ কিহৰ কষ্ট আছিল? এবাৰ কিয় আমাক নজনালে! একো নজনোৱাকৈ কিয় নিজকে এইদৰে শেষ কৰি পেলালে?’’
মৃত্যুৰ পূৰ্বে নয়েছে নিজৰ অন্তিমটো ভিডিঅ’ আপলোড কৰে ইনষ্টাগ্ৰাম ষ্টৰীত। কেপচনত লিখিলে, ‘‘এয়াই মোৰ শেষ ভিডিঅ’’’। জানিব পৰা মতে, কিছুমাহ পূৰ্বে নয়েছৰ ব্ৰেকআপ হৈছিল। প্ৰেমৰ সম্পৰ্ক ভাঙি যোৱাৰ পিছতে অৱসাদত ভুগিছিল। আনকি ভিডিঅ’ মনোৱাও কমাই দিছিল। কাকো একো নজনোৱাকৈ এইদৰে চূড়ান্ত সিদ্ধান্ত বাচি লোৱাত ভাঙি পৰিছে পৰিয়ালৰ লোকসকল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|