১২ আগষ্টলৈ বাতিল সকলো যাত্ৰীবাহী ৰে’ল, কেনেকৈ লাভ কৰিব কেন্সেল কৰা ট্ৰেনৰ টিকট?

News18 Assam | News18-Assam
Updated:June 26, 2020, 11:22 AM IST
১২ আগষ্টলৈ বাতিল সকলো যাত্ৰীবাহী ৰে’ল, কেনেকৈ লাভ কৰিব কেন্সেল কৰা ট্ৰেনৰ টিকট?
১২আগষ্টলৈকে নচলে সামান্য পেচেঞ্জাৰ ট্ৰেন। জানক কেনেকৈ লাভ কৰিব কেন্সেল কৰা টিকটৰ ধন। ৰেল’ৱেই ইয়াৰ পূৰ্বে ৩০জুন ২০২০লৈকে কৰা টিকট বুকিং বাতিল কৰিবলৈ আৰু সম্পূৰ্ণ ৰিফাণ্ডৰ নিৰ্দেশ দিছিল। এতিয়া ১জুলাইৰ পৰা ১২ আগষ্টলৈকে ৰেগুলাৰ ট্ৰেনৰ টিকটো বাতিল কৰা হ’ব আৰু এইসমূহৰ সম্পূৰ্ণ ৰিফাণ্ড কৰা হ’ব। 

১২আগষ্টলৈকে নচলে সামান্য পেচেঞ্জাৰ ট্ৰেন। জানক কেনেকৈ লাভ কৰিব কেন্সেল কৰা টিকটৰ ধন। ৰেল’ৱেই ইয়াৰ পূৰ্বে ৩০জুন ২০২০লৈকে কৰা টিকট বুকিং বাতিল কৰিবলৈ আৰু সম্পূৰ্ণ ৰিফাণ্ডৰ নিৰ্দেশ দিছিল। এতিয়া ১জুলাইৰ পৰা ১২ আগষ্টলৈকে ৰেগুলাৰ ট্ৰেনৰ টিকটো বাতিল কৰা হ’ব আৰু এইসমূহৰ সম্পূৰ্ণ ৰিফাণ্ড কৰা হ’ব। 

  • Share this:
নতুন দিল্লীঃ ভাৰতীয় ৰে’লৱেই ঘোষণা কৰিছে যে ৰেগুলাৰ টাইম টেবলড পেচেঞ্জাৰ ট্ৰেন সেৱা ১২আগষ্টলৈকে চলোৱা হয়। ইয়াৰ ভিতৰত মেইল, এক্সপ্ৰেছ আৰু চাবআৰ্বান ট্ৰেন অন্তৰ্ভুক্ত হৈ আছে। ৰে’লৱে ব’ৰ্ডৰ দ্বাৰা জাৰি কৰা চাৰ্কুলাৰৰ মতে সকলো টাইম টেবলড পেচেঞ্জাৰ ট্ৰেন ১২ আগষ্ট, ২০২০লৈকে বাতিল কৰা হৈছে। ৰে’লৱে ব’ৰ্ডে কৈছে যে ১জুলাই ২০২০ৰ পৰা ১২আগষ্ট ২০২০লৈকে যাত্ৰা কৰিবলগীয়া সকলো ৰেগুলাৰ টাইম টেবলড ট্ৰেনৰ টিকট বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আহক জানো কেনেকৈ আপুনি বাতিল কৰা ট্ৰেনৰ টিকটৰ টকা ঘুৰাই পাব।

ভাৰতীয় ৰেলৱেৰ দ্বাৰা বাতিল কৰা ট্ৰেনৰ কাৰণে জাৰি কৰা PRS কাউণ্টাৰ টিকটৰ কাৰণে যাত্ৰীয়ে যাত্ৰাৰ ৬মাহ পৰ্যন্ত ৰিফাণ্ডৰ কাৰণে আৱেদন কৰিব পাৰে।

ই–টিকট স্বয়ংক্ৰিয়ভাৱে ওভতাই দিয়া হ’ব। যদি ট্ৰেন বাতিল কৰা নাই কিন্তু যাত্ৰীয়ে যাত্ৰা কৰিব নিবিচাৰে তেনেহ’লে ভাৰতীয় ৰেলৱেই কোৰোণা ভাইৰাছৰ মহামাৰীৰ প্ৰতি দৃষ্টি ৰাখি এক বিশেষ বিষয় হিচাপে ৰিজাৰ্ভ টিকটৰ সম্পূৰ্ণ ধন ওভতাই দিব। এই নিয়ম PRS কাউণ্টাৰত জেনৰেট কৰা টিকট আৰু ই–টিকট উভয়ৰে কাৰণে বলৱৎ হ’ব।

যদি কিবা কাৰণত আপুনি নিজৰ যাত্ৰা স্থগিত কৰে তেনেহ’লে যিমান পাৰে সোনকালে টিকট কেন্সেল কৰাই লওক। কিয়নো আপুনি যিমান দেৰী কৰিব সিমানেই কেন্সেলেচন চাৰ্জ বাঢ়ি যাব।

অনলাইন–অফলাইন দুয়োটাৰে নিয়ম এইক্ষেত্ৰত বেলেগ বেলেগ। যদি অনলাইন ৰিজাৰ্ভেচন কৰাইছে আৰু চাৰ্ট বনোৱা সময়লৈকে টিকট ৱেটিঙত আছে তেনেহ’লে টিকট নিজে নিজে কেন্সেল হ’ব আৰু দুই–তিনিদিনতে টকা সেই একাউণ্টত সোমাব যিটো পেমেণ্টৰ কাৰণে ব্যৱহাৰ কৰিছিল। যাত্ৰীয়ে যদি ৰিজাৰ্ভেচন কাউণ্টাৰৰ পৰা টিকট কৰাইছে তেনেহ’লে সেইটো কেন্সেল কৰিবলৈও সেই কাউণ্টাৰতে যাব লাগিব।

কনফাৰ্ম টিকট কেন্সেল কৰিলে কিমান চাৰ্জ?– এচি ফাৰ্ষ্ট আৰু এগজিকিউটিভ ক্লাছৰ ২৪০টকা, এচি ছেকেণ্ড আৰু ফাৰ্ষ্ট ক্লাছ–২০০টকা হয়। থাৰ্ড এচি, ইক’নমি আৰু চেয়াৰকাৰ–১৮০টকা হয়। শ্লীপাৰ–১২০টকা হয়। ছেকেণ্ড ক্লাছ চিটিঙৰ কাৰণে ৬০টকা হয়। ট্ৰেন ৰাওনা হোৱাৰ ৪৮ঘণ্টাৰ পৰা ১২ঘণ্টা পূৰ্বলৈকে ভাৰাৰ ২৫শতাংশ কৰ্তন হ’ব। ট্ৰেন যাত্ৰা কৰাৰ ১২ঘণ্টাৰ পৰা ৪ঘণ্টাৰ পূৰ্বলৈকে ভাৰাৰ ৫০শতাংশ কৰ্তন হ’ব। চাৰ্ট বনোৱাৰ পৰা ট্ৰেন ৰাওনা হোৱাৰ মাজত টিকট বাতিল কৰিলে কোনো ৰিফাণ্ড নহয়।

ৱেটিং আৰু RAC টিকটৰ কেন্সেলেচনঃ কাউণ্টাৰৰ পৰা ক্ৰয় কৰা ৱেটিং বা আৰএচিৰ টিকচ কেন্সেল কৰিবলৈ ট্ৰেন ৰাওনা হোৱাৰ আধা ঘণ্টা পূৰ্বলৈকে টিকট বাতিল কৰাবলগীয়া হ’লে কাউণ্টাৰলৈকে যাব লাগিব। যদি ট্ৰেন ৰাওনা হোৱাৰ পিছত গৈ পাইছে তেনেহ’লে কোনো টকা ঘুৰাই নাপায়। অনলাইন টিকট ক্ৰয় কৰিলে ৱেটিঙৰ স্থিতিত টকা নিজে একাউণ্টত সোমাব। আৰএচি কেন্সেল কৰিলেও টকা একাউণ্টততে সোমাব।

যদি ৰে’লৰ সময় নিশা দেৰীকৈ বা নিচেই পুৱা হয় তেনেহ’লে নিশা ৯বজাৰ পৰা পুৱা ৬বজালৈকে ৰে’লৱেৰ টিকট কাউণ্টাৰ বন্ধ থকাৰ কাৰণে অসুবিধাৰ সন্মুখীন হ’ব পাৰে। তেনেকুৱাত পুৱা কাউণ্টাৰ খোলাৰ দুঘণ্টা পিছলৈকে ৰিফাণ্ড ল’ব পৰা যায়। লগতে এইটো বিকল্প আছে যে যাত্ৰীয়ে বিচাৰিলে ১৩৯ত টিকট কেন্সেল ৰিকুৱেষ্ট দাখিল কৰিব পাৰে। অৱশ্যে পুৱা নিৰ্ধাৰিত সময়ৰ ভিতৰত যিকোনো কাউণ্টাৰত গৈ টিকট চাৰেণ্ডাৰ কৰিব লাগিব।
First published: June 26, 2020, 11:22 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading