১ কেজি পিঁয়াজ ৬০ টকাত বিক্ৰী কৰি জৰিমনা ভৰিলে ৮৬,০০০ টকা

অত্যাধিক দামত পিঁয়াজ বিক্ৰী কৰি বিপদত ব্যৱসায়ী!

News18-Assam
Updated:October 2, 2019, 6:54 PM IST
১ কেজি পিঁয়াজ ৬০ টকাত বিক্ৰী কৰি জৰিমনা ভৰিলে ৮৬,০০০ টকা
Source-Google
News18-Assam
Updated: October 2, 2019, 6:54 PM IST
প্ৰত্যেক দিনাই বৃদ্ধি পাইছে পিঁয়াজৰ মূল্য। পিঁয়াজৰ অভাৱনীয় মূল্য বৃদ্ধিয়ে এতিয়া বিপাঙত পেলাইছে সৰ্বসাধাৰণক। কিন্তু অত্যাধিক দামত পিঁয়াজ বিক্ৰী কৰি জৰিমনাৰ সন্মুখীন হৈছে তিনিগৰাকী ব্যৱসায়ী। জিলা দণ্ডাধীশে দুয়োজন ব্যৱসায়ীক প্ৰদান কৰিছে এই শাস্তি। তিনিজনকৈ দোকানীয়ে ৬০ টকা প্ৰতি কেজি দৰত পিঁয়াজ বিক্ৰী কৰি জৰিমনা ভৰিব লগীয়া হয় ৮৬ হাজাৰ টকা।

ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশত। ৰাজ্যখনৰ নয়দাত এতিয়া পিঁয়াজৰ আকাশলংঘী মূল্যই সাধাৰণ জনসাধাৰণক মাধমাৰ সোধাইছে। এই সময়তে উত্তৰ প্ৰদেশৰ চৰকাৰে পিঁয়াজৰ বৰ্ধিত মূল্যৰ কথা আগত ৰাখি বিভিন্ন ঠাইত ‘পিঁয়াজ বিক্ৰী কেন্দ্ৰ’ খুলিছে। কিন্তু তাৰে গয়নালৈ একাংশ অসাধু ব্যৱসায়ীয়ে পিঁয়াজ বিক্ৰী কৰিছিল প্ৰতি কেজিত ৬০ টকাত। এই কথা জিলা দণ্ডাধীশৰ দৃষ্টি গোচৰ হোৱাৰ পিছতে ব্যৱসায়ী কেইজনক প্ৰদান কৰে এই শাস্তি। জিলা দণ্ডাধীশে জানিবলৈ দিয়া মতে ব্যৱসীয়াসকলে পাইকাৰী দামতকৈ মাত্ৰ পাঁচ শতাংশ অধিক দৰতহে বজাৰত পিয়াঁজ বিক্ৰী কৰিব পাৰিব।
আৰু চাওক পৰৱৰ্তী বাতৰি