২০২০ বছৰটো কোৰোণাৰ নামতে পাৰ হৈ গ’ল। পিছে এতিয়া ক্ৰমাত্ স্বাভাৱিক হৈ আহিছে পৰিস্থিতি। অক্টোবৰ মাহৰ পৰা জ্যোতিষ শাস্ত্ৰয়ো বহু কেইটা ৰাশিৰ জাতক-জাতিকাৰ বাবে আগন্তুক মাহ কেইটা শুভ বুলি উল্লেখ কৰিছে। এই সময়তে অহা শুকুৰবাৰে কন্যা ৰাশিত প্ৰৱেশ কৰিব শুক্ৰগ্ৰহ। আৰু ১৭ নৱেম্বৰলৈকে থাকিব কন্যা ৰাশিতে।
বৃষ- ডিচেম্বৰ লৈকে বৃষ ৰাশিৰ জাতক-জাতিকাৰ আৰ্থিক উন্নতি হ’ব। কিন্তু বাঢ়িব খৰচৰ পৰিমাণ। বাঢ়িব উপাৰ্জন। এই ৰাশিৰ জাতক-জাতিকাৰ সমাজত মান-সন্মান বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
মিথুন- কৰ্ম ক্ষেত্ৰত উন্নতিৰ যোগ। চাকৰি প্ৰাৰ্থীৰ বাবে শুভ। দূৰ ভ্ৰমণৰ যোগ দেখা যায়।আয় অনুযায়ী ব্যয় হব। বিৱাহৰ যোগ প্ৰৱল দেখা যায়। কৰ্মক্ষেত্ৰত লাভ কৰিব সুফল। ঘৰলৈ আহিব নতুন বাহন, হাতলৈ ধন অহাৰ যুগ। বিদ্যাৰ লগত বুদ্ধি বৃত্তিত শুভ এই সময়ছোৱা।
কৰ্কট- নতুন ব্যৱসায়ৰ যোগেদি আৰ্থিক ভালে লাভৰ মুখ দেখিব। কৰ্ম জীৱন সুখকৰ হ’ব। আপোনাৰ এই বছৰ আৰ্থিক ভাবে ভালকৈ পাৰ হ’ব।
সিংহ- প্ৰেমত নাই বাধা। এই বছৰত আপোনাৰ বিবাহৰ যোগ আছে।
বৃশ্চিক- জাতক-জাতিকাই ভাল কোম্পানী বা তেনে কোনো অনুষ্ঠানৰ পৰা চাকৰিৰ প্ৰস্তাব পাব পাৰে।
মকৰ- চাকৰিত পদোন্নতিৰ যোগ। দৰমহা বৃদ্ধিৰ সম্ভাৱনা। অক্টোবৰ মাহৰ পিছত পাব পাৰে ভাল খবৰ।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : October 23, 2020, 08:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।