৯০শতাংশ নহয় পুত্ৰই লাভ কৰা ৬০শতাংশ নম্বৰক লৈ মাতৃৰ গৌৰৱ

ছচিয়েল মিডিয়াত ভাইৰেল হৈছে মহিলাগৰাকীয়ে পুত্ৰৰ ফলাফলক লৈ দিয়া পষ্ট। যান্ত্ৰিক প্ৰতিযোগিতাৰ মাজত যিসময়ত বেছিভাগ পিতৃ–মাতৃয়ে সন্তানক নম্বৰ অৰ্জনৰ নিগনী দৌৰত চামিল হ’বলৈ হেঁচা দিছে সেইসময়ত মহিলাগৰাকী ব্যতিক্ৰম বিবেচিত হৈছে।


Updated:May 9, 2019, 5:04 PM IST
৯০শতাংশ নহয় পুত্ৰই লাভ কৰা ৬০শতাংশ নম্বৰক লৈ মাতৃৰ গৌৰৱ
ছচিয়েল মিডিয়াত ভাইৰেল হৈছে মহিলাগৰাকীয়ে পুত্ৰৰ ফলাফলক লৈ দিয়া পষ্ট। যান্ত্ৰিক প্ৰতিযোগিতাৰ মাজত যিসময়ত বেছিভাগ পিতৃ–মাতৃয়ে সন্তানক নম্বৰ অৰ্জনৰ নিগনী দৌৰত চামিল হ’বলৈ হেঁচা দিছে সেইসময়ত মহিলাগৰাকী ব্যতিক্ৰম বিবেচিত হৈছে।

Updated: May 9, 2019, 5:04 PM IST
এটা ভাইৰেল ছচিয়েল মিডিয়া পষ্ট য’ত এগৰাকী মাতৃয়ে নিজৰ পুত্ৰই মেট্ৰিকত ৬০শতাংশ নম্বৰ লাভ কৰাক লৈ আনন্দ প্ৰকাশ কৰিছে। এই পষ্ট ইতিমধ্যে সহস্ৰাধিক লোকে শ্বেয়াৰ কৰিছে, পঢ়িছে আৰু প্ৰশংসা কৰিছে। চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল দিয়াৰ দিনা বন্দনা কটোচ নামৰ মহিলাগৰাকীয়ে ফেচবুকত নিজৰ সন্তানৰ ফলাফলক লৈ প্ৰকাশ কৰিছিল আনন্দ। ৯০শতাংশ নহলেও কথা নাই পুত্ৰই লাভ কৰা ৬০শতাংশ নম্বৰতে তেওঁ পৰম উৎফুল্লিত বুলি প্ৰকাশ কৰিছিল মহিলাগৰাকীয়ে। অংক, বিজ্ঞান আৰু হিন্দীত যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা পুত্ৰই প্ৰতিটো প্ৰত্যাহ্বান নেওচি পৰীক্ষাত সফল হোৱাত তেওঁ গৌৰৱান্বিত হোৱাৰ কথা উল্লেখ কৰিছিল। তেওঁ লিখিছিল,

মই মোৰ সন্তানক ক’ব বিচাৰো মই অত্যন্ত গৌৰৱান্বিত, মই জানো যোৱা জানুৱাৰী মাহত তুমি ক’ত আছিলা, অতি কষ্টৰে নিজকে এই স্থানলৈ অনা মোৰ ল’ৰাক লৈ গৌৰৱ কৰিছো।কৈশোৰ কালৰ অৱসাদৰ সমস্যাত ভোগা মাতৃগৰাকীয়ে নিজৰ সন্তানৰ মানসিক সংগ্ৰামক জনোৱা সমৰ্থনৰ বাবে উচ্চ প্ৰশংসিত হৈছে।


ফেচবুকত ভাইৰেল হোৱা মেচেজটো

দশম শ্ৰেণীৰ পৰীক্ষাত ৬০শতাংশ নম্বৰ লাভ কৰা মোৰ ল’ৰাক লৈ অত্যন্ত গৌৰৱান্বিত। হয় এয়া ৯০শতাংশ নম্বৰ নহয় কিন্তু এই কথাই মোৰ অনুভৱ তিলমানো সলনি নকৰে। একাংশ বিষয়ক লৈ সি কেনেকৈ যুঁজ দিছিল মই দেখা পাইছিলো। প্ৰায় এৰি দিয়াৰ পৰ্যায়লৈ যোৱাৰ পিছতো সি নিজৰ সংগ্ৰাম এৰি দিয়া নাছিল আৰু যোৱা ডেৰ মাহত অসম্ভৱ কষ্ট কৰি এইখিনি সফলতা লাভ কৰিছে। আমিৰ আৰু তোমাৰ দৰে অন্যান্য গছত উঠিবলৈ কোৱা মাছবোৰক ক’ব বিচাৰো এই বিশাল সাগৰত নিজৰ মতে সাঁতোৰ মেলা।নিজৰ ভিতৰৰ ভালখিনি, কৌতুহল আৰু জ্ঞানচক্ষু মুকলি কৰি ৰাখা। লগতে নিজৰ অতি হাস্যৰসো।


এজন ব্যক্তিৰ সফলতাৰ পৰিমাপ পৰীক্ষাত লাভ কৰা নম্বৰেৰে জুখিব নোৱাৰি, বন্দনা কটোচে এই কথাকে ছচিয়েল মিডিয়াত তুলি ধৰিলে আৰু সেয়া ভাইৰেল হ’ল। মাত্ৰ ২৪ঘণ্টাৰ ভিতৰত এই পষ্ট ১০০০ৰো অধিক বাৰ শ্বেয়াৰ হ’ল আৰু কম সময়ৰ ভিতৰতে অসংখ্য লোকে এই পষ্ট শ্বেয়াৰ কৰিলে।

তেওঁ হয়তু এই কথা কল্পনাও কৰা নাছিল। বিভিন্ন ঠাইৰ অসংখ্য অভিভাৱকে এই পষ্ট শ্বেয়াৰ কৰি, কমেণ্ট কৰি তেওঁক সমৰ্থন জনালে।কোনোৱে লিখিলে আপুনি এটি সুন্দৰ শিশু গঢ়িব বিচাৰি চাপত থকা পিতৃ–মাতৃৰ কাৰণে এজাক সতেজ বতাহ। অৱশ্যে অৱধাৰিতভাৱে নম্বৰেৰে সফলতা জোখা একাংশই তেওঁক কটাক্ষও কৰিলে।

কিন্তু স্বাভাৱিকতে মাতৃগৰাকীৰ এই চিন্তা আৰু পষ্ট প্ৰশংসনীয় কাৰণ এটি শিশুৰ মনস্তাত্বিক দিশলৈ গুৰুত্ব দিয়া মানুহৰ সংখ্যা নিচেই কম। বন্দনাৰ মতে যেতিয়া তেওঁ নিজৰ সন্তানক ফলাফল ঘোষণা কৰাৰ পিছত স্কুলৰ পৰা আনিবলৈ গৈছিল তেতিয়া ল’ৰাটোৱে নিজকে লৈ গৌৰৱ কৰাৰ কোনো থলেই বিচাৰি পোৱা নাছিল।

সি পাৰ হৈ অহা পাহাৰ খনৰ কথা মই মনত পেলাই দিব বিচাৰিছিলো। নিজকে আনৰ সৈতে তুলনা কৰিব নালাগে মই তাক ক’ব বিচাৰিছিলো।

বন্দনাই উল্লেখ কৰিছিল এনেকুৱা এগৰাকী মাতৃক  লগ পোৱাৰ কথা যাৰ সন্তানে স্কুলীয়া শিক্ষা সম্পূৰ্ণ নকৰাকৈ স্কুলৰ পৰা ওলাই দিব লগা হৈছিল আৰু বৰ্তমান তেওঁ এগৰাকী সফল ফটোগ্ৰাফাৰ।

দুৰ্ভাগ্যজনকভাৱে এনেধৰনৰ অভিভাৱকৰ সংখ্যা নিচেই কম আৰু কম নম্বৰ পালেই অভিভাৱকে নিজৰ সন্তানক হেঁচা দিবলৈ আৰম্ভ কৰে। তাৰে জমীন পৰ, থ্ৰী ইডিয়টছ আৰু  বিভিন্ন চিনেমাত এই বাৰ্তা ৰাইজে দেখিছে কিন্তু বাস্তৱ ক্ষেত্ৰত কাৰ্যকৰী কৰিবলৈ নিবিচাৰে।দিল্লীৰ বসন্ত ভেলীৰ আমিৰ নামৰ ছাত্ৰজনে লাভ কৰা মাতৃৰ ক্ষেত্ৰত তেওঁ নিশ্চয় সৌভাগ্যৱান কিন্তু বেছিভাগ ছাত্ৰ–ছাত্ৰীৰে ভাগ্যত নাথাকে এই বুজাবুজি থকা পিতৃ–মাতৃ।
আৰু চাওক পৰৱৰ্তী বাতৰি