• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Helmet for Hair Loss : চুলি সৰাৰ সমস্যাত ভূগিছে যদি পিন্ধক এই হেলমেট, শীঘ্ৰেই বজাৰলৈ আহিব এই নতুন হেলমেট, পাব ডাবল সুৰক্ষা

Helmet for Hair Loss : চুলি সৰাৰ সমস্যাত ভূগিছে যদি পিন্ধক এই হেলমেট, শীঘ্ৰেই বজাৰলৈ আহিব এই নতুন হেলমেট, পাব ডাবল সুৰক্ষা

Helmet for Hair Loss : এইমছৰ চিকিৎসকে IITৰ ছাত্ৰৰ সৈতে যুটীয়া ভাৱে নিৰ্মান কৰিছে বিশেষ হেলমেট। হেলমেট পৰিধান কৰি আপুনি চুলি সৰাৰ সমস্যাৰ পৰা মুক্তিলাভ কৰিব

  • Share this:
দূৰ্ঘটনাৰ পৰা বাচিবলৈ হেলমেট (Helmet) পৰিধান কৰাৰ পৰামৰ্শ দিয়া বিজ্ঞাপন হয়তো আপুনি বহুবাৰ দেখিছে। কিন্তু চুলি সৰাৰ সমস্যাৰ (Hair Loss) পৰা মুক্তি লাভ কৰাৰ বাবে হেলমেট পৰিধান কৰাৰ কথা আপুনি নিশ্চয় শুনা নাই। পিছে এনে এক বিশেষ হেলমেট প্ৰস্তুত কৰি উলিয়াবৰ বাবে বৰ্তমান ভাৰতৰ চিকিৎসক আৰু অভিযন্তাই যুটীয়াভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

বিহাৰৰ পাটনা এইমছ (Patna AIIMS) আৰু পাটনা আইআইটি (Patna IIT)য়ে এই প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু অনাগত ২ মাহৰ ভিতৰতে এই কাৰ্য সম্পূৰ্ণ হৈ উঠাৰ আশা প্ৰকাশ কৰিছে। পাটনা এইমছৰ নিউৰোফিজিঅ'লজী বিভাগৰ অধ্যাপক তথা উপ চিকিৎসা অধীক্ষক ডাঃ যোগেশ কুমাৰৰ নেতৃত্বত চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ এটা দলে এই গৱেষণা অব্যাহত ৰাখিছে। এই গৱেষণাত সহযোগ কৰিছে পাটনা আইআইটিৰ অভিযন্তাৰ এটা দলে।

ডাঃ যোগেশ কুমাৰে কয়, "ছালৰ এটা বিশেষ স্তৰৰ ওপৰত অধ্যয়ন কৰি আমি এই গৱেষণাত আগবাঢ়িছোঁ। কিন্তু অভিযন্তা অবিহনে হেলমেট প্ৰস্তুত কৰাটো অসম্ভৱ সেয়ে আমি আইআইটিৰ সহায় লৈছোঁ।"

এই বিশেষ হেলমেটটোত এলইডিৰ পোহৰৰ জৰিয়তে চুলি সৰা সমস্যা সমাধান কৰা হ'ব। এই হেলমেটটোত ৩২টা এলইডি লাইট থাকিব যি তপা মূৰত চুলি গজাবৰ বাবে বিশেষ ৰশ্মিৰ সৃষ্টি কৰিব। মাত্ৰ ৪ মাহ পিন্ধিলেই এই হেলমেটে আপোনাৰ চুলি সৰা সমস্যা সমাধান কৰিব বুলি চিকিৎসকে দাবী কৰিছে। আনহাতে, ডাঃ যোগেশ কুমাৰৰ মতে, দৈনিক ৩ঘণ্টা হেলমেট পৰিধান কৰিলে সকলোৱে চুলি সৰাৰ সমস্যাৰ পৰা মুক্তি লাভ কৰিব।
Published by:Manjumoni Borah
First published: