• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • IPL: আইপিএলত এইবাৰ পাকিস্তানী ক্ৰিকেটাৰ! ইমানদিনৰ নিয়ম সলনি হ'বনে?

IPL: আইপিএলত এইবাৰ পাকিস্তানী ক্ৰিকেটাৰ! ইমানদিনৰ নিয়ম সলনি হ'বনে?

ছোৱেব আখটাৰৰ দৰে পাক তাৰকাসকলে আৰম্ভণিতে আই পি এলত খেলিছিল,  এইবাৰ আই পি এলত এজন পাকিস্তানী ক্ৰিকেটাৰে ভাগ লোৱাৰ সম্ভাৱনা প্ৰকট হৈছে।

ছোৱেব আখটাৰৰ দৰে পাক তাৰকাসকলে আৰম্ভণিতে আই পি এলত খেলিছিল, এইবাৰ আই পি এলত এজন পাকিস্তানী ক্ৰিকেটাৰে ভাগ লোৱাৰ সম্ভাৱনা প্ৰকট হৈছে।

ছোৱেব আখটাৰৰ দৰে পাক তাৰকাসকলে আৰম্ভণিতে আই পি এলত খেলিছিল, এইবাৰ আই পি এলত এজন পাকিস্তানী ক্ৰিকেটাৰে ভাগ লোৱাৰ সম্ভাৱনা প্ৰকট হৈছে।

  • Share this:

পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ ফ্ৰেঞ্চাইজী লীগ। আৰু সেয়েহে যিকোনো ক্ৰিকেটাৰে এই টি-২০ লীগত খেলিবলৈ অপেক্ষা কৰে। এবাৰ আই পি এল খেলিলে পিছলৈ ঘূৰি চোৱাৰ কোনো প্ৰয়োজন নাই। কেৰিয়াৰ আগবাঢ়িব। গতিকে আই পি এল খেলাটো পৃথিৱীৰ যিকোনো ক্ৰিকেটাৰৰ বাবে সপোন সঁচা হোৱাৰ দৰে। প্ৰতিবছৰে আই পি এলৰ নিলামত শ শ ক্ৰিকেটাৰৰ নাম আহে। কিন্তু সকলোৱে এই কোটিপতি লীগত খেলিব নোৱাৰে। পাকিস্তানৰ ক্ৰিকেটাৰসকলে দীৰ্ঘদিন ধৰি আই পি এল খেলাৰ সপোন দেখি আহিছে যদিও ভাৰত আৰু পাকিস্তানৰ মাজৰ তিক্ত ৰাজনৈতিক সম্পৰ্কই তেওঁলোকৰ আই পি এল খেলাৰ সপোনত দেৱাল হৈ থিয় দিছে। বিচিচিআইয়েও পাকিস্তানী ক্ৰিকেটাৰসকলক আই পি এলত খেলিবলৈ অনুমতি নিদিয়ে। নিয়মবোৰ সলনি হোৱা নাই।


ছোৱেব আখটাৰৰ দৰে পাক তাৰকাসকলে আৰম্ভণিতে আই পি এলত খেলিছিল। এইবাৰ ইমান বছৰৰ নিয়ম সলনি কৰিব নেকি? কাৰণ এইবাৰ আই পি এলত এজন পাকিস্তানী ক্ৰিকেটাৰে ভাগ লোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। এওঁ পেচাৰ মহম্মদ আমিৰ। আমিৰে আৰু পাকিস্তানৰ জাৰ্চীত খেলিব নোৱাৰে। তেওঁ যোৱা বছৰ ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল। অৱশ্যে, তেওঁৰ অৱসৰৰ প্ৰকৃত কাৰণ আছিল অভিমান। আমিৰৰ মতে পাকিস্তান ক্ৰিকেট ব'ৰ্ডে তেওঁক বিৰূপ ব্যৱহাৰ কৰিছিল। মহম্মদ আমিৰৰ নাম ফিক্সিঙতো জড়িত হৈছিল। তেওঁক শাস্তিও দিয়া হৈছিল। তাৰ পিছত তেওঁ স্বমহিমাৰে উভতি আহে। পাকিস্তানৰ জাৰ্চি পিন্ধি এটাৰ পিছত এটা সফলতা অৰ্জন কৰে যদিও পিচিবিৰ বিষয়াসকলৰ হৃদয় জয় কৰিব নোৱাৰিলে আমিৰে। গতিকে আমিৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।


কিন্তু তেওঁ কিদৰে আই পি এলৰে জড়িত হোৱাৰ সম্ভাৱনা দেখা গৈছে। এয়া এক অন্য কথা। মহম্মদ আমিৰ এতিয়া পাকিস্তানত বাস নকৰে। তেওঁ এতিয়া ব্ৰিটেইনৰ বাসিন্দা। আমিৰে জনোৱা মতে, তেওঁ কেইদিনমানৰ ভিতৰতে ব্ৰিটিছ নাগৰিকত্ব লাভ কৰিব পাৰে। তাৰ বাবে আবেদনো কৰিছে। শেহতীয়া এক সাক্ষাৎকাৰত আমিৰে কয় মহামাৰীৰ অনিশ্চিত সময়ত চৰকাৰে তেওঁক যুক্তৰাজ্যত থাকিবলৈ অনুমতি দিছে। তেওঁ এতিয়া তাত ক্ৰিকেটো খেলি আছে। তেওঁ পৰৱৰ্তী ছয়ৰ পৰা সাত বছৰৰ বাবে ব্ৰিটেইনত থাকিয়ে ক্ৰিকেট খেলিবলৈ পৰিকল্পনা কৰিছে। গতিকে ব্ৰিটিছ নাগৰিকত্ব পালে মহম্মদ আমিৰৰ আই পি এলত খেলিবলৈ আৰু কোনো বাধা নাথাকিব। আমিৰে নিজেই আই পি এলত খেলাৰ বিষয়ে আশাৰ ৰশ্মি দেখিছে। বিচিচিআইয়েও এইক্ষেত্ৰত নিয়ম সলনি কৰিব নালাগে। কাৰণ মহম্মদ আমিৰে ব্ৰিটিছ নাগৰিকত্ব পালে পাকিস্তানী ক্ৰিকেটাৰ হিচাপে আই পি এলত আৰু খেলিব নালাগে। তদুপৰি, আমিৰৰ সৈতে ভাৰতীয় ক্ৰিকেটাৰসকলৰ সম্পৰ্ক যথেষ্ট ভাল। বিশেষকৈ বিৰাট কোহলী। তেনে ক্ষেত্ৰত তেওঁৰ আই পি এল খেলাৰ সম্ভাৱনা অধিক উজ্জ্বল হ'ব পাৰে।

Published by:Gautam Barman
First published: