আগষ্ট মাহটোৱে কি কি ভাল খবৰ আনিব আপোনাৰ দৈনন্দিন জীৱনলৈ?

অৰ্থাৎ এই মাহত এই সেৱাসমূহ ব্যৱহাৰ কৰিলে পইচা বাচিব আপোনাৰ।

News18-Assam
Updated:August 1, 2019, 8:04 AM IST
আগষ্ট মাহটোৱে কি কি ভাল খবৰ আনিব আপোনাৰ দৈনন্দিন জীৱনলৈ?
অৰ্থাৎ এই মাহত এই সেৱাসমূহ ব্যৱহাৰ কৰিলে পইচা বাচিব আপোনাৰ।
News18-Assam
Updated: August 1, 2019, 8:04 AM IST
আজিৰে পৰা আৰম্ভ হৈছে আগষ্ট মাহ। এই মাহটো সাধাৰণ লোকৰ বাবে সুখবৰ লৈ আহিব পাৰে। আপোনাৰ দৈনন্দিত জীৱনত কেইবাটাও পৰিৱৰ্তন আনিব পাৰে এই মাহটোৱে। এফালে টকাৰ লেনদেনৰ সৈতে জড়িত সেৱা বিনামূলীয়া হ’ব, আনফালে ইলেকট্ৰিক বাহনৰ দৰে গাড়ী আৰু বাইক কিনাটো সহজ হৈ পৰিব। অৰ্থাৎ এই মাহত এই সেৱাসমূহ ব্যৱহাৰ কৰিলে পইচা বাচিব আপোনাৰ।

SBI–এ বিনামূলীয়া কৰিলে লেনদেনৰে জড়িত সেৱা
ষ্টেট বেংক অৱ ইণ্ডিয়াই আজিৰে পৰা আইএমপিএছ চাৰ্জ শেষ কৰাৰ সিদ্ধান্ত লৈছে। এতিয়া SBIৰ য়’ন’ এপ, ইণ্টাৰনেট বেংকিং আৰু ম’বাইল বেংকিংৰ মাধ্যমেৰে ধন ট্ৰান্সফাৰ কৰা গ্ৰাহকসকলে কোনো আইএমপিএছ চাৰ্জ ভৰিব নালাগে। ইয়াৰ পূৰ্বে SBI–এ ১ জুলাইৰ পৰা আৰটিজিএছ আৰু এনইএফটি চাৰ্জ উঠাই দিছিল। এতিয়া আইএমপিএছ চাৰ্জ শেষ হোৱাৰ পিছত SBIৰ একাউণ্টধাৰীয়ে অনলাইন লেনদেনৰ বাবে কোনো মাচুল ভৰিব নালাগে।

হ্ৰাস পাব ইলেকট্ৰিক বাহনৰ দাম
১ আগষ্টৰ পৰা ইলেকট্ৰিক বাহন কিনাটো সহজ হ’ব। আচলতে GST কাউন্সিলে বেটাৰীচালিত বাহন আৰু স্কুটাৰৰ ওপৰত GST কৰ্তন কৰিছে। GST কাউন্সিলৰ বৈঠকত ইলেকট্ৰিক বাহনৰ ওপৰত কৰৰ হাৰ ১২ শতাংশৰ পৰা হ্ৰাস কৰি ৫ শতাংশ কৰা হৈছে। আনহাতে, চাৰ্জাৰৰ ওপৰত GSTৰ হাৰ ১৮ শতাংশৰ পৰা ১২ শতাংশ কৰা হৈছে। নতুন দাম ১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব। এই সিদ্ধান্তৰ ফলত গাড়ীৰ দাম প্ৰায় ৭০ হাজাৰ কমিব পাৰে। যদি আপুনি ১০ লাখ টকালৈ ইলেকট্ৰিক বাহন কিনে তেন্তে ১ আগষ্টৰ পিছত ৭ শতাংশ কম দামত কিনিব পাৰিব।

নয়দা, গ্ৰেটাৰ নয়দাত হ্ৰাস সম্পত্তিৰ দাম
নয়দা আৰু গ্ৰেটাৰ নয়দাত সম্পত্তি কৰিব বিচৰাসকলৰ বাবে আগষ্ট মাহটোৱে লৈ আহিছে ভাল খবৰ। নতুন সিদ্ধান্ত অনুসৰি গ্ৰুপ হাউছিঙত ৬ শতাংশ আৰু কমাৰ্চিয়েলত ২৫ শতাংশ চাৰ্জ ৰেহাই দিয়া হৈছে। ইফালে, কমাৰ্চিয়েল সম্পত্তিৰ চাৰ্ক’ল ৰেট ২১ শতাংশ হ্ৰাস পাইছে। নয়দাৰ শ্ব’পিং মলত এক্সেলেটৰ্ছ আৰু এচিৰ বাবে দিবলগা ৬ শতাংশ মাচুল ৰেহাই দিয়া হৈছে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি