• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • SBI ৰ গ্ৰাহকসকলৰ কাৰণে ডাঙৰ খবৰ! ২দিন ধৰি বন্ধ থাকিব এই সেৱাসমূহ

SBI ৰ গ্ৰাহকসকলৰ কাৰণে ডাঙৰ খবৰ! ২দিন ধৰি বন্ধ থাকিব এই সেৱাসমূহ

ইয়াৰ পূৰ্বে ২২ নৱেম্বৰত বেংকে নিজৰ ইণ্টাৰনেট বেংকিং প্লেটফ’ৰ্ম আপগ্ৰেড কৰিছিল।

ইয়াৰ পূৰ্বে ২২ নৱেম্বৰত বেংকে নিজৰ ইণ্টাৰনেট বেংকিং প্লেটফ’ৰ্ম আপগ্ৰেড কৰিছিল।

ইয়াৰ পূৰ্বে ২২ নৱেম্বৰত বেংকে নিজৰ ইণ্টাৰনেট বেংকিং প্লেটফ’ৰ্ম আপগ্ৰেড কৰিছিল।

  • Share this:
নতুন দিল্লীঃ ষ্টেট বেংকৰ গ্ৰাহকসকলে এই দুদিন কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে। ষ্টেট বেংকৰ তৰফৰ পৰা জনোৱা হয় যে এই দুদিন তেওঁলোকৰ যথেষ্ট সেৱা বন্ধ থাকিব মেইনটেনেন্স কামৰ কাৰণে। অৱশ্যে তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে যে সকলো গ্ৰাহকৰ ওপৰত ইয়াৰ প্ৰভাৱ নপৰে। এইবাৰ কেৱল এনআৰআই সেৱাসমূহৰ ওপৰত প্ৰভাৱ পৰাৰ সম্ভাৱনা। বেংকৰ এনআৰআই সেৱাসমূহ ১৫ৰ পৰা ১৭ ডিচেম্বৰৰ ভিতৰত কাম নকৰে।

ইয়াৰ কাৰণে বেংকৰ ফালৰ পৰা গ্ৰাহকসকলক অন্য প্লেটফ’ৰ্ম ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে। গ্ৰাহকসকলে আৰু উন্নতমানৰ সেৱা প্ৰদানৰ কাৰণে মেইনটেনেন্স কাম কৰা হৈছে। চলিত মাহৰ প্ৰথম সপ্তাহত ষ্টেট বেংকৰ YONO এপৰ পৰিসেৱাত সমস্যাই দেখা দিছিল। ইয়াৰ কাৰণে গ্ৰাহকসকলে যথেষ্ট সমস্যাৰ সন্মুখত পৰিছিল। বেংকৰ টুইটাৰ হেণ্ডেলত একেৰাহে এই সন্দৰ্ভত অভিযোগ কৰা হৈছিল।

ইয়াৰ পূৰ্বে ষ্টেট বেংকে ২২ নৱেম্বৰত ইণ্টাৰনেট বেংকিং প্লেটফ’ৰ্ম আপগ্ৰেড কৰিছিল। বেংকৰ তৰফৰ পৰা কোৱা হৈছিল যে ইণ্টাৰনেট বেংকিং, YONO, YONO Lite ব্যৱহাৰত কিছু সমস্যাই দেখা দিব পাৰে। উল্লেখ্য যে, YONO হৈছে ষ্টেট বেংকৰ ইণ্টিগ্ৰেডেড ডিজিটেল প্লেটফ’ৰ্ম। ইয়াৰ ইয়াৰ জৰিয়তে গ্ৰাহকসকলে বেংকৰ সকলো পৰিসেৱা ব্যৱহাৰ কৰিব পাৰে।
First published: