உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • আজিৰে পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ ওপৰতো! গতিকে জানি লওক

    আজিৰে পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ ওপৰতো! গতিকে জানি লওক

    কি কি সালসলনি হ’ব ১ ছেপ্টেম্বৰৰ পৰা, জানো আহক।

    কি কি সালসলনি হ’ব ১ ছেপ্টেম্বৰৰ পৰা, জানো আহক।

    কি কি সালসলনি হ’ব ১ ছেপ্টেম্বৰৰ পৰা, জানো আহক।

    • Share this:
    আজিৰে পৰা বহুকেইটা নিয়ম সলনি হ’ব। ইয়াৰ প্ৰভাৱ আপোনাৰ পকেটত পোনপটীয়াভাৱে পৰাৰ সম্ভাৱনা আছে। এই সালসলনিয়ে সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি ‍সকলো স্তৰৰ লোককে প্ৰভাৱিত কৰিব। কি কি সালসলনি হ’ব ১ ছেপ্টেম্বৰৰ পৰা, জানো আহক।

    ১. চাকৰিয়ালসকলৰ বাবে ডাঙৰ খবৰ। ১ ছেপ্টেম্বৰৰ পৰা যদি আপোনাৰ ইউনিভাৰ্ছেল একাউণ্ট নম্বৰ (UAN) আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক নহয় তেন্তে এমপ্লয়াৰে আপোনাৰ প্ৰভিডেণ্ট ফাণ্ড (PF) একাউণ্টত ক্ৰেডিট কৰিব নোৱাৰিব। কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা (EPFO)এ ইপিএফ একাউণ্টধাৰীক ১ ছেপ্টেম্বৰ ২০২১ৰ পূৰ্বে আধাৰ কাৰ্ড ইউ এ এন নম্বৰৰ সৈতে লিংক কৰিবলৈ কৈছিল।

    ২. যদি আপোনাৰ চেকৰ দ্বাৰা টকা প্ৰেৰণ কৰে বা চেক পেমেণ্ট কৰে তেন্তে আপোনাৰ বাবে প্ৰয়োজনীয় এই খবৰ। ১ ছেপ্টেম্বৰৰ পৰা ৫০ হাজাৰ টকাতকৈ অধিক টকাৰ চেক জাৰি কৰাটো আপোনাৰ বাবে চিন্তাৰ কাৰণ হ’ব পাৰে। কিয়নো বেংকে এতিয়া পজিটিভ পে ছিষ্টেম (positive pay system) কাৰ্যকৰী কৰা আৰম্ভ কৰিছে। অধিক সংখ্যক বেংকে ১ ছেপ্টেম্বৰৰ পৰা PPS কাৰ্যকৰী কৰিব।

    ৩. পঞ্জাব নেচনেল বেংকৰ (Punjab National Bank- PNB)ৰ গ্ৰাহকসকলৰ ১ ছেপ্টেম্বৰৰ পৰা ছেভিং একাউণ্টত জমা ধনৰ ওপৰত সুদৰ হাৰ কৰ্তন হ’ব। এই তথ্য বেংকৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ পাইছে। বেংকে ছেভিংছ একাউণ্টত সুদৰ হাৰ বছৰি ৩ শতাংশৰ পৰা হ্ৰাস কৰি ২.৯০ শতাংশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

    ৪. আজিৰে পৰা এলপিজি চিলিণ্ডাৰৰ দামৰ সালসলনি হ’ব পাৰে। উল্লেখযোগ্য যে প্ৰতিমাহৰ প্ৰথমটো দিনত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম নিৰ্ধাৰণ কৰা হয়।

    ৫. এক গুৰুত্বপূৰ্ণ নিৰ্দেশনাত মাদ্ৰাছ হাইক’ৰ্টে সিদ্ধান্ত শুনাইছে যে ১ ছেপ্টেম্বৰৰ পৰা কোনোৱে নতুন বাহন বিক্ৰী কৰিলে তাৰ বাম্পাৰ টু বাম্পাৰ ইঞ্চুৰেঞ্চ বাধ্যতামূলক হ’ব। এই ইঞ্চুৰেঞ্চ ৫ বছৰৰ বাবে চালক, যাত্ৰী আৰু বাহনৰ মালিকে কভাৰ কৰা ইঞ্চুৰেঞ্চতকৈ অতিৰিক্ত হ’ব।

    ৬. ভাৰতত অ’টিটি প্লেটফৰ্ম ডিজনী প্লাছ হটষ্টাৰ (Disney plus hotstar)ৰ ছাবস্ক্ৰিপশ্যন ১ ছেপ্টেম্বৰ ২০২১ৰ পৰা ব্যয়বহুল হ’ব। ইয়াৰ পিছত ব্যৱহাৰকাৰীয়ে বেছ প্লানৰ বাবে ৩৯৯ টকাৰ সলনি ৪৯৯ টকা দিব লাগিব। ১০০ টকা অতিৰিক্ত ভৰিব লাগিব। ইয়াৰ উপৰি ৮৯৯ টকাত ব্যৱহাৰকাৰীয়ে দুটা ফোনত এপ চলাব পাৰিব। লগতে এই ছাবস্ক্ৰিপশ্যন প্লানত HD কোৱালিটী লাভ কৰিব। ইয়াৰ উপৰি ১৪৯৯ টকাত ৪খন স্ক্ৰীণত এই এপ চলাব পাৰিব।

    ৭. এমেজনে ডিজেল আৰু পেট্ৰ’লৰ মূল্যবৃদ্ধিৰ বাবে লজিষ্টিক কষ্ট বৃদ্ধি কৰিব পাৰে। ফলত ১ ছেপ্টেম্বৰ ২০২১ৰ পৰা এমেজনৰ পৰা সামগ্ৰী ক্ৰয় কৰাটো ব্যয়বহুল হ’ব পাৰে।

    ৮. গুগলৰ নতুন পলিচী ১ ছেপ্টেম্বৰ ২০২১ৰ পৰা কাৰ্যকৰী হ’ব। ইয়াৰ ফলত ফেক কণ্টেণ্টৰ প্ৰমোট কৰা এপৰ ওপৰত ১ ছেপ্টেম্বৰৰ পৰা নিষেধাজ্ঞা আৰোপ কৰা হ’ব। গুগলে নিজৰ ব্লগ পোষ্টত কৈছে যে এপ ডেভেলপাৰ্ছৰ ফালৰ পৰা দীৰ্ঘ সময় ধৰি ব্যৱহাৰ নকৰা এপসমূহ ব্লক কৰি দিয়া হ’ব।
    Published by:Sanjay Kumar Das
    First published: