মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Height Increase : শিশুৰ উচ্চতা বৃদ্ধিৰ বাবে খাদ্য তালিকাত ৰাখক এইবোৰ খাদ্য

Height Increase : শিশুৰ উচ্চতা বৃদ্ধিৰ বাবে খাদ্য তালিকাত ৰাখক এইবোৰ খাদ্য

News18 Assam | News18-Assam
Updated:March 22, 2021, 4:10 PM IST
Height Increase : শিশুৰ উচ্চতা বৃদ্ধিৰ বাবে খাদ্য তালিকাত ৰাখক এইবোৰ খাদ্য
শিশুৰ উচ্চতা বৃদ্ধি কৰাত বাদাম অতি লাভজনক। ইয়াত থকা ভিটামিন আৰু খনিজবোৰ উচ্চতা বৃদ্ধিৰ বাবে অতি গুৰুত্বপূৰ্ণ।

শিশুৰ উচ্চতা বৃদ্ধি কৰাত বাদাম অতি লাভজনক। ইয়াত থকা ভিটামিন আৰু খনিজবোৰ উচ্চতা বৃদ্ধিৰ বাবে অতি গুৰুত্বপূৰ্ণ।

  • Share this:
শিশুসকলৰ খাদ্যই তেওঁলোকৰ বিকাশত ডাঙৰ ভূমিকা পালন কৰে। যদি তেওঁলোকক শৈশৱৰ পৰা স্বাস্থ্যকৰ খাদ্য খুওৱা হয় আৰু সক্ৰিয় জীৱনশৈলী দিয়া হয়, তেওঁলোকৰ উচ্চতা আৰু বিকাশ দুয়োটা ভালদৰে বৃদ্ধি হ'ব। যদিও কেতিয়াবা জেনেটিক কাৰণত শিশুৰ উচ্চতা দ্ৰুতভাৱে বৃদ্ধি নহয়, যদি তেওঁলোকক সঠিক বয়সত সঠিক পুষ্টি দিয়া হয় তেনেহ’লে উচ্চতা বৃদ্ধি হ’ব পাৰে। উচ্চতা দ্ৰুতগতিত বৃদ্ধি হ’বলৈ বাঢ়ি অহা শিশুৰ খাদ্যত কোনবোৰ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে সেই বিষয়ে জানো আহক।

শাক, কল, আৰুগুলা, বন্ধাকবিৰ দৰে সেউজীয়া শাক-পাচলিবোৰ বাঢ়ি অহা শিশুৰ বিকাশত অন্তৰ্ভুক্ত কৰিব লাগে। ই তেওঁলোকক বিভিন্ন পুষ্টি প্ৰদান কৰে। এই পাচলিবোৰ Vitamin C, Calcium, Iron, Magnesium, Potassium, Vitamin K আদিৰে সমৃদ্ধ, যি বৰ্ধিত শিশুৰ হাড়ৰ ঘনত্ব বৃদ্ধি কৰে আৰু তেওঁলোকৰ উচ্চতা দ্ৰুততাৰে বৃদ্ধি কৰাত সহায় কৰে।

কণীক পুষ্টিৰ শক্তি ভাণ্ডাৰ বুলি ক'ব পাৰে। ইয়াত যথেষ্ট Protein, Vitamin D আৰু Calcium থাকে যি হাড়ৰ স্বাস্থ্যৰ বাবে অতি অত্যাৱশ্যকীয়। ৮৭৪ টা শিশুৰ ওপৰত কৰা এটা অধ্যয়নত দেখা গৈছিল যে কেইমাহমানৰ ভিতৰত নিয়মীয়াকৈ কণী খোৱা শিশু বৃদ্ধি পাইছিল।

শিশুৰ উচ্চতা বৃদ্ধি কৰাত বাদাম অতি লাভজনক। ইয়াত থকা ভিটামিন আৰু খনিজবোৰ উচ্চতা বৃদ্ধিৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াত স্বাস্থ্যকৰ Fats, Fibre, Manganese আৰু Magnesium উপৰিও, Vitamin E প্ৰচুৰ পৰিমাণে থাকে। ইয়াত এণ্টিঅক্সিডেটো থাকে যিবোৰ বৰ্ধিত বয়সৰ বাবে অত্যাৱশ্যকীয়।

হৃদযন্ত্ৰ আৰু মস্তিস্কৰ সৈতে শৰীৰৰ বিকাশৰ বাবে Omega-3 ফেটি এচিড সমৃদ্ধ খাদ্য অতি ভাল। গৱেষকসকলৰ মতে, Omega faty-3-য়ে হাড়ৰ বিকাশ বৃদ্ধি কৰে। চেলমন মাছ Omega-3ৰ এক উন্নত উৎস। আপুনি শিশুসকলক চেলমন মাছ নিশ্চয় দিব।

মিঠা আলুত Vitamin A যথেষ্ট পৰিমাণে পোৱা যায়, যি হাড়ৰ স্বাস্থ্যৰ বাবে অতি অত্যাৱশ্যকীয়। ইয়াত চলুবুল আৰু অদ্ৰৱণীয় দুয়োটা উপাদান থাকে যিয়ে শিশুৰ ডায়জেছন প্ৰণালীটো সঠিক ৰাখে আৰু অন্ত্ৰৰ বাবে ভাল বেক্টেৰিয়া সৃষ্টি কৰে। ইয়াত Vitamin C, Manganese, Vitamin B6 আৰু Potassium থাকে যি শিশুৰ উচ্চতা বৃদ্ধি কৰাত অতি কাৰ্যকৰী।

ব্লুবেৰি, ষ্ট্ৰবেৰী, ব্লেকবেৰি বা ৰাস্পবেৰীত থকা Vitamin C কোষ বৃদ্ধিৰ বাবে অত্যাৱশ্যকীয় উপাদান। ই কোলাজেন উন্নত কৰে যি হাড়ৰ ঘনত্ব বৃদ্ধিৰ বাবে অতি অত্যাৱশ্যকীয়। ই হাড়ৰ স্বাস্থ্য ধৰি ৰখাৰ বাবেও কাম কৰে।

গাখীৰত কেলচিয়াম, ফছফৰাছ, মেগনেছিয়াম, প্ৰ'টিন থাকে যি শিশুৰ সামগ্ৰিক বিকাশৰ বাবে এক প্ৰয়োজনীয়। এটা গৱেষণাই নিশ্চিত কৰিছে যে গৰুৰ গাখীৰ খোৱাৰ ফলত শিশুৰ উচ্চতা আৰু পেশী দুয়োটা বৃদ্ধি হয়।

(Disclaimer : এই প্ৰবন্ধৰ তথ্য আৰু সূচনা সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। News18-এ এইসমূহ নিশ্চিত নকৰে। এইবোৰ প্ৰয়োগ কৰাৰ আগতে সংশ্লিষ্ট চিকিৎসা বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)
Published by: Sanjay Kumar Das
First published: March 19, 2021, 6:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি