বেংক একত্ৰীকৰণৰ লগে লগে বহু বেংকৰ চেকবুক, পাছবুক আৰু আইএফএছচি কোডত আহিব এক বৃহৎ পৰিৱৰ্তন। ১ এপ্ৰিলৰ পৰা ইয়াৰ প্ৰভাৱ পৰিব দেশৰ ৭টা বেংকত একাউণ্ট থকা গ্ৰাহকসকলৰ ওপৰত। সেয়েহে আপুনি জানি লওক যে চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰাই কেইবাটাও বেংকৰ পুৰণি চেক বুক আৰু আইএফএছচি কোডে কাম নকৰিব। যাৰ বাবে আপুনি অতি শীঘ্ৰেই নতুন কোড বিচাৰি আজিয়েই যোগাযোগ কৰক বেংকৰ সৈতে যাতে অনলাইন লেনদেন কৰাত আপুনি কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয়।
এইক্ষেত্ৰত ডেনা বেংক, বিজয়া বেংক, কৰ্পোৰেচন বেংক, অন্ধ্ৰ বেংক, অৰিয়েণ্টেল বেংক অফ কমাৰ্চ, ইউনাইটেড বেংক আৰু এলাহাবাদ বেংকৰ গ্ৰাহকসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব। গতিকে এই ৭টা বেংকৰ যিকোনো বেংকত যদি আপোনাৰ একাউণ্ট আছে, তেন্তে ১ এপ্ৰিলৰ পূৰ্বেই বেংক শাখাৰ পৰা আপুনি আপোনাৰ নতুন চেক বুক আৰু আইএফএছচি কোড সংগ্ৰহ কৰক।
২০২০ চনৰ ১ এপ্ৰিলত চৰকাৰে দেশৰ তিনিটা বেংক পঞ্জাব নেচনেল বেংক, অৰিয়েণ্টেল বেংক অৱ কমাৰ্চ আৰু ইউনাইটেড বেংক অৱ ইণ্ডিয়া একত্ৰিত কৰিছিল। তদুপৰি, ডেনা আৰু বিজয়া বেংকক বেংক অৱ বৰোদাৰ সৈতে একত্ৰিত কৰা হৈছিল আৰু ১ এপ্ৰিল ২০১৯ৰ পৰাই কাৰ্যকৰী আছিল এই ব্যৱস্থা। ইয়াৰোপৰি ছিণ্ডিকেট বেংকক কানাড়া বেংকৰ সৈতে, অন্ধ্ৰ বেংক আৰু কৰ্পোৰেচন বেংকক ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ সৈতে আৰু এলাহাবাদ বেংকক ইণ্ডিয়ান বেংকৰ সৈতে একত্ৰিত কৰা হৈছে।
সেয়েহে যদি আপুনি অন্ধ্ৰ বেংক আৰু কৰ্পোৰেচন বেংকৰ গ্ৰাহক তেন্তে আপুনি বেংকৰ অফিচিয়েল ৱেবছাইটত অনলাইনৰ জৰিয়তে নতুন আইএফএছচি কোড জানিব পাৰিব। ইয়াৰ বাবে, আপুনি অফিচিয়েল ৱেবছাইট
www.unionbankofindia.co.in লৈ যাব লাগিব। তাৰ পিছত ইয়াত আপুনি এমাইগামেচন কেন্দ্ৰত (Amaigamation Centre) ক্লিক কৰিব লাগিব। ইয়াৰ লগে লগে আপডেট কৰা IFSC কোড জানিবলৈ সক্ষম হ'ব। লগতে গ্ৰাহকসকলে বেংকৰ গ্ৰাহক সেৱা নম্বৰ 18002082244 বা 1800425155 বা 18004253555ত ফোন কৰিব পাৰে। অথবা এছএমএছৰ মাধ্যমেৰেও তথ্য লাভ কৰিব পাৰে। ইয়াৰ বাবে আপুনি IFSC <OLD IFSC> টাইপ কৰি 9223008486ত এটা মেছেজ প্ৰেৰণ কৰিব লাগিব।
যিহেতু বেংকৰ লেনদেনৰ বাবে আইএফএছচি কোডৰ গুৰুত্ব যথেষ্ট বেছি তেনেস্থলত বেংক একত্ৰিকৰণৰ পূৰ্বেই আপুনি জানি লওক আপোনাৰ নতুন আইএফএছচি কোড।
লগতে নতুন চেকবুক, পাছবুক লাভৰ পিচত বিভিন্ন বিত্তীয় সঁজুলিত আপোনাৰ বেংকিং বিৱৰণ আপডেট কৰিবলৈ নাপাহৰিব যেনে মিউচুৱেল ফাণ্ড, ট্ৰেডিং একাউণ্ট, জীৱন বীমা আঁচনি, আয়কৰ একাউণ্ট, এফডি/আৰডি, পিএফ একাউণ্টৰ লগতে আন স্থানসমূহত য'ত বেংক একাউণ্ট আপডেটৰ প্ৰয়োজন।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|