মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Zodiac Signs: এই ৫টা ৰাশিত জন্ম হোৱা লোক মানসিক আৰু শাৰীৰিকভাৱে হয় অধিক শক্তিশালী, আপোনাৰ ৰাশি কি?

Zodiac Signs: এই ৫টা ৰাশিত জন্ম হোৱা লোক মানসিক আৰু শাৰীৰিকভাৱে হয় অধিক শক্তিশালী, আপোনাৰ ৰাশি কি?

Manjumoni Borah | News18-Assam
Updated:September 16, 2021, 4:44 PM IST
Zodiac Signs: এই ৫টা ৰাশিত জন্ম হোৱা লোক মানসিক আৰু শাৰীৰিকভাৱে হয় অধিক শক্তিশালী, আপোনাৰ ৰাশি কি?
Zodiac Signs: জ্যোতিষ শাস্ত্ৰই ১২টা ৰাশি চিহ্নৰে আমাৰ ব্যক্তিত্বৰ বিষয়ে বিশ্লেষণ কৰিব পাৰে। 

Zodiac Signs: জ্যোতিষ শাস্ত্ৰই ১২টা ৰাশি চিহ্নৰে আমাৰ ব্যক্তিত্বৰ বিষয়ে বিশ্লেষণ কৰিব পাৰে। 

  • News18 Assam
  • Last Updated: September 16, 2021, 4:44 PM IST
  • Share this:
আমি সকলোৱে শক্তিশালী হ'ব বিচাৰোঁ আৰু এদিন আমাৰ নিজৰ ধৰণে পৃথিৱীখন জয় কৰিব বিচাৰোঁ। কিন্তু আমি কি কৰিব পাৰোঁ বা কি কৰিব নোৱাৰোঁ সেয়া আমাৰ ব্যক্তিত্বত প্ৰতিফলিত হয়। শক্তি হৈছে এনে এটা বস্তু যাৰ পৰা সংকল্প, কৰ্তৃত্ব আৰু সংবেদনশীলতাৰ জন্ম হয়। জ্যোতিষ শাস্ত্ৰৰ ৰাশি চিহ্নত ১২টা চিহ্নৰ সহায়ত আমাৰ ব্যক্তিত্বৰ বিষয়ে বিশ্লেষণ কৰিব পাৰি। জ্যোতিষ শাস্ত্ৰত আমাৰ দোষ-গুণবোৰৰ বিষয়ে আমাক সঠিককৈ জনাৰ কিছুমান বিশেষ উপায় উল্লেখ আছে। আমাৰ মাজৰে বহুলোক জন্ম ৰাশি অনুসৰি  মানসিক আৰু শাৰীৰিকভাৱে যথেষ্ট শক্তিশালী (Zodiac Signs Powerful Physically and Mentally) হয়।  বাৰটা ৰাশিৰ ভিতৰত,  বিশেষকৈ এই পাঁচটা ৰাশি মানসিক আৰু শাৰীৰিকভাৱে অধিক শক্তিশালী হয়।

এই পাঁচটা ৰাশি হৈছে (Sun Sign বা জন্ম তাৰিখৰ আধআৰত) :

সিংহ ৰাশি (Leo) : সিংহ ৰাশিৰ লোকসকল নেতৃত্ব দিব পৰা গুণৰ অধিকাৰী হৈ জন্ম গ্ৰহণ কৰে। এই ৰাশিচিহ্নৰ লোকসকলক নিয়ন্ত্ৰণ কৰিবলৈ কিছু কঠিন। তেওঁলোক হিংসাত্মক হয় আৰু নিজৰ আঙুলিৰ ঠাৰত আনক কেনেদৰে নচুৱাব লাগে সেইয়া ভালকৈয়ে জানে। এই ৰাশিচিহ্নৰ লোকসকল উপস্থিত বুদ্ধিসম্পন্ন হোৱাৰ বাবে সকলোৰে অতি প্ৰিয় হয়। তেওঁলোক অতি উদাৰ মনৰ হয় আৰু এই গুণটোৰ কাৰণে তেওঁলোকক সহজেই জনপ্ৰিয় কৰি তোলে। এই ৰাশিৰ লোকক যি দায়িত্বই দিয়া হওক, তেওঁলোকে নিজৰ ক্ষমতাৰে ইয়াক সম্ভৱ কৰি তুলিব পাৰে।

মকৰ  (Capricorn) : মকৰ ৰাশিৰ লোকসকল সদায় অপশক্তিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু থাকে। তেওঁলোক কঠোৰ পৰিশ্ৰমী হোৱাৰ লগতে তেওঁলোকৰ কথা-বতৰা আনৰ বাবে বহুত অনুপ্ৰেৰণাদায়ক হয়। মকৰ ৰাশিৰ লোকসকল কেতিয়াও শাৰীৰিক বা মানসিকভাৱে ভাঙি নপৰে। লক্ষ্য আৰু উচ্চাকাংক্ষাত উপনীত হ'বলৈ তেওঁলোকে সকলো কৰিবলৈ প্ৰস্তুত থাকে। তেওঁলোক বহুত দক্ষও হয়।

বৃশ্চিক (Scorpio): বৃশ্চিক ৰাশিৰ লোকসকল সফল, শক্তিশালী আৰু দৃঢ়মনা হয়। তেওঁলোকৰ আটাইতকৈ স্বকীয় বৈশিষ্টটো হ'ল কৌশলগত প্ৰকৃতি আৰু তেওঁলোকে কিবা এটা কেনেদৰে পাব লাগে সেয়া ভালদৰে আয়ত্ব কৰি ল'ব জানে। সেইকাৰণে তেওঁলোক মানসিকভাৱে বহুত  শক্তিশালী হয়। যদি তেওঁলোকে এবাৰ মনত কিবা কৰাৰ সিদ্ধান্ত লয়, তেন্তে এই ৰাশি চিহ্নৰ লোকসকলক বাধা দিয়াটো প্ৰায় অসম্ভৱ হয়।

বৃষ (Taurus) : এই ৰাশি চিহ্নৰ লোকসকল খুব আৱেগিক হয়। তেওঁলোকে প্ৰেম, মৰম, সান্ত্বনা আৰু আন্তৰিকতাৰ মূল্য বুজি পায় আৰু সেইবোৰ পাবলৈ সদায়ে যুঁজ দিবলৈ সাজু থাকে। এনে যুঁজত যি তেওঁৰ বাটত বাধা দিয়ে বা যি আহে,  তেওঁলোকক যোগ্য প্ৰতিদ্বন্দ্বী হিচাপে গ্ৰহণ কৰে। তেওঁলোক সদায় প্ৰিয়জন বা কাষৰ মানুহৰ সহায়ৰ বাবে সদা-প্ৰস্তুত থাকে। এওঁলোক মৰম আকলুৱা প্ৰকৃতিৰ।

মেষ ৰাশি (Aries) :  মেষ ৰাশিৰ লোকসকল সৃষ্টিশীল, কৰ্ম উদ্যমী হয়। যেতিয়া তেওঁলোকে কিবা এটা বিষয়ত আগ্ৰহী হয়, তেওঁলোকে বুজিব লাগিব যে এইটো ব্যৱসায়। তেওঁলোক তেওঁলোকৰ নিজৰ ধৰণে শক্তিশালী। তেওঁলোকে সঠিকভাৱে জানে কি কৰিব লাগে বা সকলোৰে ওচৰত নিজক আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰি। এই ৰাশিৰ লোকসকলৰ ভিতৰত জীৱন যুঁজত প্ৰকৃত বিজয়ী হোৱাৰ সক্ষমতা থাকে।
Published by: Manjumoni Borah
First published: September 16, 2021, 4:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি