হঠাত্ শনিবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে ভাৰতীয় ক্ৰিকেটৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে। এনদৰে হঠাত্ ধোনীয়ে ক্ৰিকেটক বিদায় জনাব বুলি কোনেও কল্পনাই কৰা নাছিল। একেবাৰে কাকো একো নজনোৱাকৈ আচৰিত ধৰণে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে ধোনাীয়ে।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনাবলৈ ধোনীয়ে বাচি লোৱা সময় এতিয়া চৰ্চাত!শনিবাৰে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি ধোনীয়ে লিখিলে যে, ‘সকলোৱে ইমান মৰম আৰু সকলো সময়তে সমৰ্থন জনোৱাৰ বাবে অশেষ ধন্যবাদ। আজি ৰাতি ৭.২৯ বজাৰ পৰা মোক অৱসৰ প্ৰাপ্ত ক্ৰিকেটাৰ হিচাপে ধৰিব পাৰে।’ কিন্তু অৱসৰৰ বাবে ধোনীয়ে এই সময় বাচি ল’লে কিয়? আছে নেকি বিশেষ তাত্পৰ্য?
বিদায়ৰ বাবে কিয় বাচি ল’লে এই সময়? আৰম্ভ হৈছে জল্পনা কল্পনা। চৰ্চালৈ আহিছে দুটা খবৰ। ধোনীৰ জাৰ্চি নম্বৰ সদায়েই আছিল ৭। সেইদৰে ৰাইনাৰ জাৰ্চি নম্বৰ আছিল ৩।দুয়োজনেই একেদিনাই অৱসৰ ঘোষণা কৰিলে। এই দুয়োটা মিলি হয় ৭৩। আৰু ভাৰতে ৭৩ পাৰ কৰি ৭৪ত ভৰি দিয়া স্বাধীনতা দিৱসতেই এই ঘোষণা কৰিলে দুয়োগৰাকী ক্ৰিকেটাৰে।
একেদৰে ২০১৯ৰ বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাজিত হৈছিল ভাৰত। সেইখনেই আছিল ধোনীৰ কেৰিয়াৰৰ শেষৰ খন আন্তঃৰাষ্ট্ৰীয় মেচ। ১৮ ৰানত মেচখনত পৰাস্ত হয় ভাৰত। ধোনী আৰু ৰাইনা দুয়োজনেই লৈছিল মেচখনত অংশগ্ৰহণ। যিসময়ত মেচখনত ভাৰত হাৰিছিল, তেতিয়া সময় হৈছিল সন্ধিয়া ৭ বাজি ২৯ মিনিট।
এয়া মাত্ৰ অনুৰাগীসকলে কৰা চৰ্চাহে। অৱসৰ গ্ৰহণ কৰিলেও অহা ১৯ ছেপ্তেম্বৰৰ পৰা হ’বলগীয়া আই পি এলত চেন্নাই ছুপাৰ কিংছৰ জাৰ্চিত ধোনীক দেখা যাব বুলি আশাবাদী ক্ৰিকেট অনুৰাগী।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|