প্ৰেমৰ আকৰ্ষণ কি? কেনেকৈ এজন ব্যক্তি আনৰ প্ৰতি আকৰ্ষিত হয়?

News18 Assam | News18-Assam
Updated:February 7, 2020, 2:54 PM IST
প্ৰেমৰ আকৰ্ষণ কি? কেনেকৈ এজন ব্যক্তি আনৰ প্ৰতি আকৰ্ষিত হয়?
যেতিয়া শৈশৱৰ পৰা কৈশোৰ কাল আৰু তাৰ পিছত যৌৱনৰ বতাহে কোবাই যায় তেতিয়া মানুহৰ সম্পৰ্কৰ আটাতকৈ শক্তিশালী দিশ যৌন আকৰ্ষণ আৰু প্ৰেমৰ তাড়নাই জোকাৰি যায়।

যেতিয়া শৈশৱৰ পৰা কৈশোৰ কাল আৰু তাৰ পিছত যৌৱনৰ বতাহে কোবাই যায় তেতিয়া মানুহৰ সম্পৰ্কৰ আটাতকৈ শক্তিশালী দিশ যৌন আকৰ্ষণ আৰু প্ৰেমৰ তাড়নাই জোকাৰি যায়।

  • Share this:
মনোৰোগ বিশেষজ্ঞসকলৰ মতে এটা সাধাৰণ আকৰ্ষণ চাৰিমাহ পৰ্যন্ত থাকে। যদি ইয়াতকৈ দীঘলীয়া সময় এই আকৰ্ষণ থাকে তেনেহ’লে ইয়াক সম্ভাৱনীয় প্ৰেম বুলি ক’ব পাৰি। যেতিয়া শৈশৱৰ পৰা কৈশোৰ কাল আৰু তাৰ পিছত যৌৱনৰ বতাহে কোবাই যায় তেতিয়া মানুহৰ সম্পৰ্কৰ আটাতকৈ শক্তিশালী দিশ যৌন আকৰ্ষণ আৰু প্ৰেমৰ তাড়নাই জোকাৰি যায়। এয়া আনকি যৌৱনৰ ভৰপক দিয়া সময়লৈ বা প্ৰাপ্তবয়স্ক হোৱালৈকে ৰৈ নাথাকে।

শৈশৱৰ প্ৰেম?
“ মই সেই সময়ত নৱম শ্ৰেণীত আছিলো। তেওঁ সেই সময়ত ট্ৰেইনি শিক্ষক হিচাপে আমাৰ বিদ্যালয়ত কেইসপ্তাহমান আছিল। তেওঁ দেখনিয়াৰ আৰু আকৰ্ষণীয় আছিল। মই তেওঁৰ মনোযোগ পাবলৈকে অংক ভাল কৰিবলৈ লৈছিলো! কেইবছৰমান পিছত একেধৰণৰ অনুভৱ মোৰ এজন কলেজ শিক্ষকৰ প্ৰতিও আহে আৰু মই আনকি নিজৰ ভৱিষ্যত সন্তানৰ পিতৃ হিচাপেও তেওঁক ভাবিবলৈ লওঁ, দুয়োবাৰতে এই আকৰ্ষণ শাৰীৰিক আৰু কেতিয়াও নোকোৱাকৈ ৰৈ যোৱা বিষয় আছিল।”–মীনা, সাংবাদিক, দিল্লী।

আমাৰ বেছিভাগেই আমাৰ স্কুলীয়া জীৱনতে কাৰোবাৰ নহয় কাৰোবাৰ প্ৰতি আকৰ্ষিত হৈছো নহয়নে? ৰোমাণ্টিক আকৰ্ষণবোৰ আৰু মধ্য স্কুলত ‘কোনে কাক ভালপায়’ ধৰণৰ কথাবোৰ সাধাৰণ আছিল আৰু বেছিভাগৰে এজন বা এগৰাকী পচন্দৰ শিক্ষক থাকিছিল। ঋতুপ্ৰাপ্ত হোৱাৰ বয়স ছোৱালীৰ ক্ষেত্ৰত গড়ে ৯বছৰ আৰু ল’ৰাৰ ক্ষেত্ৰত ১১বছৰ। কৈশোৰ কালৰ আৰম্ভনিতে প্ৰত্যেকেই প্ৰাপ্তবয়স্কৰ দৰে কথা ক’বলৈ লয় আৰু ঋতু প্ৰাপ্ত হোৱাৰ কাৰণে যৌনতাৰ দিশৰ পৰাও সক্ৰিয়তা আহি পৰে।

বেছিভাগ ছোৱালীয়ে সাধাৰণতে ল’ৰাতকৈ আগত ঋতুমতী হয় আৰু এই সমগ্ৰ প্ৰক্ৰিয়া ল’ৰাবোৰতকৈ আগত অনুভৱ কৰে। আগতীয়া বয়সত এয়া বেছিকৈ মনে মনে আৰু লগৰবোৰৰ আগত মোৰজন বা মোৰজনী ধৰণৰ কথা বতৰাৰে চলে।

এই হৰমনজনিত ঘটনাবোৰ আৰু টেষ্টটৰণ আৰু এষ্ট্ৰজেনৰ বিপাকত যৌন আকৰ্ষণবোৰ ধুমুহাৰ দৰে মনৰ ভিতৰত দেখা দিয়ে। প্ৰত্যেকেই প্ৰথম চুমা, প্ৰথম হাত ধৰা আৰু প্ৰথম যৌন ক্ৰিয়াৰ কথা চিন্তা কৰি অধীৰ হৈ পৰে। আগবয়সৰ এইবোৰ ধাৰণা সাধাৰণতে একপক্ষীয় আৰু সুতীব্ৰ হয়।
“মোৰ পিতৃয়ে যি হাৰত ঘৰুৱা হিংসাত লিপ্ত হৈছিল সেইবোৰ চাই মই ল’ৰাবোৰৰ পৰা আঁতৰি আঁতৰিয়ে ফুৰিছিলো। মোতকৈ তিনিবছৰৰ সৰু ল’ৰাৰ সৈতে মই কথা পাতিবলৈ লওঁ আৰু আমাৰ কথা বতৰাবোৰ ঘনিষ্ঠ হ’বলৈ ধৰে (যৌনতা নহয় কেৱল আৱেগ আৰু মৰম) I সেইজনেই ব্যক্তি বুলি মই ধৰিবলৈ লৈছিলো, আমি হুমায়নৰ সমাধিক লগ হওঁ আৰু তাতেই অন্ধকাৰ চুক এটাত তেওঁ মোক ঘপকৈ চুমা খায়। কিন্তু ইয়াৰ পিছত তেওঁ আঁতৰি যায় আৰু মোৰ অন্তৰখন ভাঙি–চিঙি চুৰমাৰ হয়।” -পূজা, ২৫, শিক্ষয়িত্ৰী। এনচিআৰ (নাম সলনি কৰা হৈছে)

মনত এসাগৰ কল্পনা...

নিষিদ্ধ ফলৰ সোৱাদ হেনো সকলোতকৈ মিঠা! ভাৰতত যৌনতা হৈছে যুৱসকলৰ মাজত নিষিদ্ধ আৰু সেইকাৰণে প্ৰাৰম্ভিক আকৰ্ষণ বোৰ দুগুণে বৃদ্ধি পায়।
“ মই ১৩বছৰীয়া আছিলো আৰু যৌনতাৰ বিষয়ে অলপমান কথা বন্ধুবৰ্গ আৰু কমিকছৰ পৰা জানিছিলো। কিন্তু যেতিয়া সঁচাকৈ এজনী ছোৱালীৰ প্ৰতি মই আকৰ্ষিত হ’লো তেতিয়া অত্যন্ত নাৰ্ভাছ হৈ পৰো। তেওঁ এগৰাকী চুবুৰীয়া আৰু আমি বিভিন্ন পৰ্বত লগ পাইছিলো। মোলৈ চাই তেওঁ হাঁহি থাকিছিল। মই চিঠি, উপহাৰ আদি পঠিওৱাৰ লগতে এখন চিনেমা চাবলৈ লগ ধৰা ছোৱালীজনীয়ে অস্বীকাৰ কৰি কয় ‘দেউতাই নামানে’। ইয়াৰ অৰ্থ এয়াই আছিল নে কি যে ছোৱালীজনীয়া হা ক’ব বিচাৰিছিল কিন্তু ক’লে না?” - অসীম, এনিমেচন শিল্পী, 23, নাচিক।

কৈশোৰ কালত মুক্ত চিন্তা এতিয়াও পৰিয়াল আৰু সমাজত গ্ৰহণীয় নহয়। লগতে ১৩বছৰ বয়সৰ অনুভৱ আৰু ১৮–১৯বছৰৰ অনুভৱ সদায় বেলেগ হয়। পৰৱৰ্তী বয়সত অনুভৱবোৰ অধিক দৃঢ় আৰু অধিক যৌনধৰ্মী হয়।

বিশেষকৈ স্কুল আৰু কলেজসমূহত অধ্যয়ন কৰা ছাত্ৰ–ছাত্ৰীৰ মাজত এতিয়া প্ৰেমিক বা প্ৰেমিকা থকাৰ কথা নিসংকোচে কোৱা হয়। স্কুলৰ ভ্ৰমণ, কলেজৰ অনুষ্ঠান আৰু পৰিয়ালৰ কাৰ্যসূচীত এইবোৰ কথা–বতৰা পতা হয় আৰু ইয়াৰ পৰৱৰ্তী পদক্ষেপ হিচাপে আহে ‘কিছু অকলশৰীয়া সময়’ বিচৰা। এনেধৰণৰ গোপনে লগ ধৰাৰ সময়ত কিছু শাৰীৰিক অন্তৰংগতা যেনে সাৱটা–সাৱটি আৰু চুম্বন আদিও হয়।

ভাৰতীয় সমাজে এনেধৰণৰ কৈশোৰৰ ৰোমান্সক ভাল চকুৰে নাচায়। বেছিভাগ অভিভাৱকৰ মতে এয়া কেৱল যৌনতা। ভাৰতীয় সমাজ ব্যৱস্থাত কুমাৰীত্বক সৰ্বাধিক গুৰুত্ব দিয়া হয় বিবাহৰ কাৰণে আৰু সেয়ে বেছিভাগ মানুহে এনেধৰণৰ আকৰ্ষণ, প্ৰেম আদিক গুৰুত্বহীন আখ্যা গিছে। একপক্ষীয় হওক বা উমৈহতীয়া এনেধৰণৰ সম্পৰ্কক ভৎৰ্সনা আদিৰে উপচাই দিয়া হয়।

মোক ভালপায় নে নাপায়?

আকৰ্ষণ সাধাৰণতে তিনিপ্ৰকাৰৰ। একপক্ষীয় য’ত, এজন ব্যক্তিয়ে আন এজনৰ প্ৰতি আকৰ্ষিত হোৱাৰ লগতে তেওঁৰ দৰে হ’ব বিচাৰে বা আদৰ্শ সহযোগী হিচাপে লয়। ৰোমাণ্টিক আকৰ্ষণ, য’ত নিজৰ লগৰীয়াৰ মাজত বা সমবয়সীয়া কোনোজনৰ প্ৰতি হোৱা ভাৱ। চেলিব্ৰেটি আকৰ্ষণ য’ত এজন ব্যক্তিয়ে কেতিয়াও সাক্ষাৎ নোপোৱা কোনোজনৰ প্ৰতি কাল্পনিক ভাৱনাৰে অনুৰক্ত হৈ কোঠা আদি মনৰ পচন্দৰ ব্যক্তিৰ ছবিৰে সজায় বা হস্তমৈথুন কৰোতে তেনে ব্যক্তিৰ কথা চিন্তা কৰি সুখ পায়।

এনেবোৰ বেছিভাগ ‘সম্পৰ্ক’ই সময়ৰ সোঁতত উটি যায় কিন্তু ইয়াৰ জৰিয়তে কম বয়সীয়া যুৱক–যুৱতীসকলে নিজৰ সামাজিক যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে বিপৰীত লিংগৰ ব্যক্তিক ভালকৈ জনাৰ সুযোগ লাভ কৰে। সময়ৰ সৈতে পৰিপক্ক আৰু পৰিশীলিত চিন্তাৰেহে এটা সম্পৰ্ক গঢ় লৈ আগবাঢ়ে।

লেখিতা পূজা প্ৰিয়ম্বদা হৈছে অনলাইন প্লেটফৰ্ম Redwombৰ এগৰাকী নিয়মীয়া লেখিকা।
আৰু চাওক
পৰৱৰ্তী বাতৰি