মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »ৰ’জ ডে’ৰ পৰা ভেলেণ্টাইনছ ডে’লৈ...,আহি আছে প্ৰেমৰ সপ্তাহ, কোনটো দিনৰ কি বিশেষত্ব? কোনদিনা কি দিন?

ৰ’জ ডে’ৰ পৰা ভেলেণ্টাইনছ ডে’লৈ...,আহি আছে প্ৰেমৰ সপ্তাহ, কোনটো দিনৰ কি বিশেষত্ব? কোনদিনা কি দিন?

যিসকলে প্ৰেমৰ দিনটোৰ কিছু বিশেষ ধৰণে কটাব বিচাৰে তেওঁলোকে জানিব লাগিব যে কোনদিনা কি দিন পৰিছে। মৰমৰ মানুহজনীক চকলেট দিব কেতিয়া? বা টেডি দিব কেতিয়া?

যিসকলে প্ৰেমৰ দিনটোৰ কিছু বিশেষ ধৰণে কটাব বিচাৰে তেওঁলোকে জানিব লাগিব যে কোনদিনা কি দিন পৰিছে। মৰমৰ মানুহজনীক চকলেট দিব কেতিয়া? বা টেডি দিব কেতিয়া?

যিসকলে প্ৰেমৰ দিনটোৰ কিছু বিশেষ ধৰণে কটাব বিচাৰে তেওঁলোকে জানিব লাগিব যে কোনদিনা কি দিন পৰিছে। মৰমৰ মানুহজনীক চকলেট দিব কেতিয়া? বা টেডি দিব কেতিয়া?

  • Share this:
সন্মুখত ভেলেণ্টাইন ডে’ (Valentines Day)। প্ৰেমৰ সপ্তাহ। সংগীক লৈ প্লেনম কৰি ৰাখিছে বহুতেই। এই সপ্তাহটোৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে প্ৰেমিক–প্ৰেমিকাসকলে। সমগ্ৰ বছৰটোত মাত্ৰ এটা সপ্তাহ প্ৰেমৰ বাবে। অৱশ্যে প্ৰেমৰ কোনো বিশেষ দিন নাই বুলিও ভাবে বহুতেই। কিন্তু যিসকলে প্ৰেমৰ দিনটোৰ কিছু বিশেষ ধৰণে কটাব বিচাৰে তেওঁলোকে জানিব লাগিব যে কোনদিনা কি দিন পৰিছে। মৰমৰ মানুহজনীক চকলেট দিব কেতিয়া? বা টেডি দিব কেতিয়া?

আহক জানো প্ৰেমৰ সপ্তাহত বিশেষ দিনবোৰ কেতিয়া পৰিছে –
৭ ফেব্ৰুৱাৰী – এই দিনটোত মৰমৰ মানুহক গোলাপ দিব পাৰে। কাৰণ ৭ তাৰিখে ৰ’জ ডে’ (Rose Day)।

৮ ফেব্ৰুৱাৰী – যিসকলে এতিয়াও মৰমৰ মানুহক মনৰ কথা ক’ব পৰা নাই তেওঁলোকে মনৰ কথা কোৱাৰ বাবে বাচি ল’ব পাৰে এই দিনটোক। কাৰণ ৮ ফেব্ৰুৱাৰীত প্ৰপ’জ ডে’। সেয়ে পলম নকৰি সেইদিনা মনৰ মানুহক মনৰ কথা কৈ দিব পাৰে (Propose Day)।

৯ ফেব্ৰুৱাৰী – মৰমৰ মানুহক এই দিনটোত চকলেট উপহাৰ দিব পাৰে। কাৰণ এয়া চকলেট ডে’ (Chocolate Day)।

১০ ফেব্ৰুৱাৰী – এই দিনটো টেডি ডে’। মৰমৰ মানুহক দিয়ক পছন্দৰ টেডি (Teddy Day)।

১১ ফেব্ৰুাৱীৰ – সংগীক কিছু প্ৰমিছ কৰিবলগীয়া থাকিলে এই দিনটো বাচি লওক। কাৰণ এই দিনটো প্ৰমিছ ডে’ (Promise Day)।

১২ ফেব্ৰুৱাৰী – মনৰ মানুহজনক বা মানুহজনীক আলিংগন কৰিবলৈ নিশ্চয় বিচাৰে! কিন্তু জানেনে এই আলিংগনৰো এটা বিশেষ দিন আছে। ১২ তাৰিখে হাগ ডে বা আলিংগনৰ দিন (Hug Day)।

১৩ ফেব্ৰুৱাৰী – ১৩ ফেব্ৰুৱাৰীত চুম্বনৰ দিন। মনৰ মানুহক চুম্বন কৰিবলৈ এই দিনটো বাচি ল’ব পাৰে। ১৩ তাৰিখে কিছ ডে’ (Kiss Day।

১৪ ফেব্ৰুৱাৰী – ভেলেণ্টাইনছ ডে’। এই দিনটো প্ৰেমৰ দিন (Valentine Day)।

এই বিশেষ সপ্তাহটো বাদ দি আছে এণ্টি ভেলেণ্টাইনছ ডে।

১৫ ফেব্ৰুৱাৰী – শ্লেপ ডে’।
১৬ ফেব্ৰুৱাৰী – কিক ডে’।
১৭ ফেব্ৰুৱাৰী – পাৰফিউম ডে’।
১৮ ফেব্ৰুৱাৰী – ফ্লাৰ্ট ডে’।
১৯ ফেব্ৰুৱাৰী – কনফেচন ডে’।
২০ ফেব্ৰুৱাৰী – মিছিং ডে’।
২১ ফেব্ৰুৱাৰী – ব্ৰেকআপ ডে’।

শেহতীয়া বাতৰি