আজৱ গৱেষণা! সংগীৰ শৰীৰৰ গোন্ধই ভাল কৰে টোপনি

News18 Assam | News18-Assam
Updated:July 16, 2020, 11:20 PM IST
আজৱ গৱেষণা! সংগীৰ শৰীৰৰ গোন্ধই ভাল কৰে টোপনি
Source-Google

সংগীৰ শৰীৰৰ গোন্ধই মানসিক অৱসাদ দূৰ কৰে। ঠাণ্ডা হয় মগজু। গতিকে নিশা ভাল হয় টোপনি।

  • Share this:
আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ৰ নতুন গৱেষণা। প্ৰায় ১৫০টা দম্পতিক লৈ চলাইছিল এই গৱেষণা। গৱেষণাত জনাইছে যে, সংগীৰ শৰীৰৰ গোন্ধই মনলৈ আনে শান্তি। সুস্থিৰ কৰে মগজু। ফলত নিশা ভাল হয় টোপনি।

কিদৰে কৰা হৈছিল গৱেষণা-

প্ৰায় ১৫০ টা দম্পতিক লৈ আৰম্ভ হৈছিল গৱেষণা। আৰু প্ৰতিটো দম্পতিক তেওঁলোকৰ যিকোনো টি-চাৰ্ট সাল-সলনি কৰি পিন্ধিবলৈ দিয়া হৈছিল। আৰু সেই টি-চাৰ্ট পিন্ধি শুবলৈ দিয়া হৈছিল সাত দিন। তাৰ পিছত আকৌ সাত দিন তেওঁলোকক বেলেগৰ টি-চাৰ্ট পিন্ধি শুবলৈ দিয়া হৈছিল। আৰু ৰিজাল্টৰ সময়ত দেখা গৈছিল যে, ভাল হোৱা নাই তেওঁলোকৰ টোপনি।

পিছত আকৌ মনো-বিজ্ঞানীসকলে প্ৰতিটো দম্পতিক একেলগে শুবলৈ দিছিল। আৰু সেইবাৰ দেখা গৈছিল দুয়োটা পদ্ধতিৰ মাজত আকাশ-পাতাল পাৰ্থক্য। কাৰণ সেইবাৰ গভীৰ হৈছিল তেওঁলোকৰ টোপনি। আৰু তেতিয়াই মনো-বিজ্ঞানী সকল এক সিদ্ধান্তলৈ আহে যে, টোপনিৰ ক্ষেত্ৰত কিদৰে কাম কৰে পাৰ্টনাৰৰ শৰীৰৰ গোন্ধই।
First published: July 16, 2020, 11:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading