• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ফটোগ্ৰাফাৰক স্বামীৰ কাণতলীয়া চৰ, হাঁহি হাঁহি বাগৰি পৰিল কইনা! ভাইৰেল প্ৰকৃত সত্য জানক

ফটোগ্ৰাফাৰক স্বামীৰ কাণতলীয়া চৰ, হাঁহি হাঁহি বাগৰি পৰিল কইনা! ভাইৰেল প্ৰকৃত সত্য জানক

সকলোৱে প্ৰথমতে ভাবিছিল সঁচাকৈ কোনো বিয়াৰ অনুষ্ঠানত এই ঘটনা ঘটিছে।

সকলোৱে প্ৰথমতে ভাবিছিল সঁচাকৈ কোনো বিয়াৰ অনুষ্ঠানত এই ঘটনা ঘটিছে।

সকলোৱে প্ৰথমতে ভাবিছিল সঁচাকৈ কোনো বিয়াৰ অনুষ্ঠানত এই ঘটনা ঘটিছে।

  • Share this:
কিছুদিন আগতে বিয়াৰ অনুষ্ঠানৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল। ভিডিঅ’ত ফটোগ্ৰাফাৰজনে ফটো তুলিছে। প্ৰথমে স্বামী–স্ত্ৰীৰ একেলগে, তাৰ পিছত কেৱল ন কইনাৰ। ফটোগ্ৰাফাৰজনে পছন্দৰ ফটো নহাত কইনাৰ মুখমণ্ডলত স্পৰ্শ কৰি প’জ দিবলৈ কৈছে। কোনোবাৰ আকৌ হাতেৰে কইনাৰ মুখ ঘূৰাই এংগল মিলাইছে।

কইনাৰ মুখত এইদৰে হাত দিয়াত খং উঠিল দৰাৰ। লগে লগে কাণতলীয়া চৰ শোধালে ফটোগ্ৰাফাৰজনক। এই দৃশ্য দেখি হাঁহি হাঁহি বহি পৰিল কইনা। এই ভিডিঅ’ মুহূৰ্ততে ভাইৰেল হৈ পৰে।


সকলোৱে প্ৰথমতে ভাবিছিল সঁচাকৈ কোনো বিয়াৰ অনুষ্ঠানত এই ঘটনা ঘটিছে। পিছত অৱশ্যে একাংশৰ মনত সন্দেহ জাগিছিল ভিডিঅ’টোৰ সত্যতাক লৈ। ইয়াৰ পিছতে সেই ভিডিঅ’ৰ ৰহস্য ভেদ কৰিলে কইনাই নিজে।

এটা টুইট কৰি কইনাই জনালে, এয়া আচলতে তেওঁলোকৰ বিয়াৰ ভিডিঅ’ নহয়। অনিকৃতি চৌহান নামৰ মহিলাগৰাকীয়ে জনাইছে, ভিডিঅ’টো তেওঁৰ এখন ছবিৰ শ্বুটিঙৰ। তাত এনেধৰণৰ এটা দৃশ্য আছিল। সেই অংশটোৰ ভিডিঅ’ কৰি পোষ্ট কৰাত ভাইৰেল হৈ পৰে। নিজৰ ব্ৰাইডেল লুকৰ এখন ফটোও পোষ্ট কৰিছে মহিলাগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published: