স্নাতক উত্তীৰ্ণ চাকৰিয়ালৰ নূন্যতম দৰমহা কিমান হ’ব লাগিব? উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ চৰকাৰক

News18 Assam | News18-Assam
Updated:February 2, 2020, 3:19 PM IST
স্নাতক উত্তীৰ্ণ চাকৰিয়ালৰ নূন্যতম দৰমহা কিমান হ’ব লাগিব? উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ চৰকাৰক
Source-Google

চৰকাৰলৈ উচ্চতম ন্যায়ালৰ বিশেষ নিৰ্দেশ

  • Share this:
স্নাতক উত্তীৰ্ণ চাকৰিয়াল সকলৰ বাবে নূন্যতম দৰমহা নিৰ্ধাৰণ কৰি দিছে উচ্চতম ন্যায়ালয়ে। বিভিন্ন কৰ্মক্ষেত্ৰত নিয়োজিত স্নাতক উত্তীৰ্ণ কৰ্মচাৰীক বহু কম দৰমহাৰ বিনিময়তে নিয়োজিত কৰে বিভিন্ন প্ৰতিষ্ঠানে। ফলত যথেষ্ট পৰিমাণে আৰ্থিক সংকটত পৰাও দেখিবলৈ পোৱা যায়। কিন্তু স্নাতক উত্তীৰ্ণ কৰ্মচাৰীক যেন কিছু সকাহ দিছে উচ্চতম ন্যায়ালয়ে। চৰকাৰক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ, স্নাতক উত্তীৰ্ণ কৰ্মচাৰীৰ মাহে দৰমহা নূন্যতম হ’ব লাগিব ১৯,৫৭২ টকা।

উচ্চতম ন্যায়ালয়ে শিক্ষা অনুযায়ী দৰহাৰ নিৰ্ধাৰণ কৰি দিছে। দিল্লী চৰকাৰক দিয়া নিৰ্দেশ অনুসৰি,


  • মেট্ৰিক উত্তীৰ্ণ চাকৰিয়ালৰ নূন্যতম দৰমহা হ’ব লাগিব– প্ৰতি মাহে ১৬,৩৪১ টকা

  • উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ চাকৰিয়ালৰ মাহিলী নূন্যতম দৰমহা হ’ব লাগিব ১৭,৯৯১ টকা।

  • স্নাতক উত্তীৰ্ণ চাকৰিয়ালৰ নূন্যতম দৰমহা হ’ব লাগিব প্ৰতিমাহে ১৯,৫৭২ টকা।



এই নিৰিখ কাৰ্যকৰী কৰিবলৈ উচ্চতম ন্যায়ালয়ে ৩ মাৰ্চ, ২০১৭ চনতে নিৰ্দেশ দিয়ে দিল্লী চৰকাৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি