প্ৰতি আঢ়ৈ বছৰৰ মূৰে মূৰে শনিৰ ৰাশি এবাৰ সলনি হয়। কিন্তু ২০২২ চনত শনিয়ে দুবাৰকৈ ৰাশি সলনি কৰিছে। ৩০ এপ্ৰিল তাৰিখে শনি ৩০ বছৰৰ পিছত নিজৰ ৰাশিত প্ৰৱেশ কৰিছে। ১২ জুলাইৰ পৰাই শনিৰ বক্রপথ আৰম্ভ হৈছে। শনিৰ এই গোচৰৰ ফলত কেইবাটাও ৰাশিৰ মহাদশাৰ মহাকাষ্ট চলি আছে। ২০২৩ চনলৈকে মকৰ ৰাশিত থাকিব গ্ৰহৰাজ শনি।
গ্ৰহৰাজে কৰ্ম অনুসৰি ফলাফল দিয়ে অৰ্থাৎ শনিৰ হাতেৰেই কৰ্মফল পোৱা যায়। কোষ্ঠীত শনিৰ অৱস্থা যদি অশুভ হয় তেন্তে সেই ৰাশিৰ লোকসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। এই সময়ত যিবোৰ ৰাশিৰ লোকে মহাদশা মহাকষ্ট ভুগি আছে সেই ৰাশিৰ জাতক জাতিকাসকলে বৰ বেয়া সময় পাৰ কৰি আছে, এই মহা দুখৰ পৰা মুক্তি পাবলৈ দুখীয়া মানুহকসহায় কৰিব লাগে। মদ খাব নালাগে আৰু প্ৰতি শনিবাৰে মন্দিৰত সৰিয়হ তেলৰ চাকি জ্বলালে সমস্যা তৎক্ষণাত সমাধান হ’ব।
শনি মকৰ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে ধনু, মকৰ আৰু কুম্ভ ৰাশিৰ বেয়া দিন আৰম্ভ হয়। ধনু ৰাশিৰ লোকসকলৰ সাড়ে সাতিৰ সপ্তাহৰ দুখ-কষ্ট অতি বেদনাদায়ক হয়। লগতে মিথুন ৰাশি আৰু তুলা ৰাশিৰ লোকৰ বাবেও শনিৰ দশা চলি আছে। মুঠতে এই পাঁচ ৰাশিৰ লোকসকলৰ বাবে মকৰ ৰাশিত শনিৰ প্ৰৱেশৰ সময় অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় আৰু সেয়ে কোনো কাৰণ নোহোৱাকৈ কোনো বিবাদত জড়িত হ’ব নালাগে।