ভালখবৰ! তেজপুৰ বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে নতুনকৈ চাৰিটা বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম

পুৰণ হ’ব ঐতিহ্যমণ্ডিত তেজপুৰ বিশ্ববিদ্যালয়ত পঢ়াৰ সপোন!

news18assam
Updated:July 6, 2019, 8:35 AM IST
ভালখবৰ! তেজপুৰ বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে নতুনকৈ চাৰিটা বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম
পুৰণ হ’ব ঐতিহ্যমণ্ডিত তেজপুৰ বিশ্ববিদ্যালয়ত পঢ়াৰ সপোন!
news18assam
Updated: July 6, 2019, 8:35 AM IST
ভাল খবৰ। দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয় হিচাপে ইতিমধ্যে কেইবাটাও স্বীকৃতি লাভ কৰা তেজপুৰ বিশ্ববিদ্যালয়ে চলিত শিক্ষা বৰ্ষৰ পৰা আৰম্ভ কৰিছে নতুনকৈ চাৰিটা বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম। বহুতে বিভিন্ন সময়ত বিশ্ববিদ্যালয় খনত স্নাতকোত্তৰ বিভাগৰ পৰিসৰ বৃদ্ধি কৰিবলৈ জনোৱা আহ্বানক যেন সঁহাৰি জনাইছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

বিশ্ববিদ্যালয়খনত এতিয়া ছাত্ৰ ছাত্ৰীয়ে অসমীয়া, বিদেশী ভাষা(Foreign language), ফাৰ্মাচী আৰু ডিজাইন বিভাগতো মাষ্টাৰ ডিগ্ৰী কৰাৰ সুবিধা লাভ কৰিব। ফলত স্নাতক উৰ্ত্তীণ যি সকল ছাত্ৰ–ছাত্ৰীয়ে উপৰোক্ত বিষয় কেইটাত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে,তেওঁলোকে এতিয়াৰ পৰা অসমৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণ কেন্দ্ৰ স্বৰূপ তেজপুৰ বিশ্ববিদ্যালয়তো লাভ কৰিব এই সুবিধা।
আৰু চাওক পৰৱৰ্তী বাতৰি