এতিয়া ড্ৰ’ণে খাদ্যৰ যোগান ধৰিব আপোনাৰ ঘৰত!

৫ কিলোগ্ৰাম ওজন লৈ উৰা মৰাৰ ক্ষমতা থকা এই ড্ৰ’ণৰ সৰ্বোচ্চ গতিবেগ প্ৰতিঘণ্টাত ৮০ কিলোমিটাৰ।

news18assam
Updated:June 13, 2019, 2:12 PM IST
এতিয়া ড্ৰ’ণে খাদ্যৰ যোগান ধৰিব আপোনাৰ ঘৰত!
৫ কিলোগ্ৰাম ওজন লৈ উৰা মৰাৰ ক্ষমতা থকা এই ড্ৰ’ণৰ সৰ্বোচ্চ গতিবেগ প্ৰতিঘণ্টাত ৮০ কিলোমিটাৰ।
news18assam
Updated: June 13, 2019, 2:12 PM IST
অনলাইন খাদ্য যোগানকাৰী প্ৰতিষ্ঠান Zomato–এ এইবাৰ ড্ৰ’ণৰ সহায়ত গ্ৰাহকলৈ যোগান ধৰিব খাদ্য। বুধবাৰে কোম্পানীটোৱে ঘোষণা কৰে যে কোম্পানীটোৱে ড্ৰ’ণ ডেলিভাৰী টেকন’লজীৰ সফলভাৱে পৰীক্ষণ সমাপ্ত কৰিছে। Zomato–এ ইয়াৰ বাবে হাইব্ৰীড ড্ৰ’ণ ব্যৱহাৰ কৰিছে। এই ড্ৰ’ণখনে ১০ মিনিটত ৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে। ৫ কিলোগ্ৰাম ওজন লৈ উৰা মৰাৰ ক্ষমতা থকা এই ড্ৰ’ণৰ সৰ্বোচ্চ গতিবেগ প্ৰতিঘণ্টাত ৮০ কিলোমিটাৰ।

ড্ৰ’ণেৰে যাতে খাদ্য যোগান ধৰিব পাৰে তাৰ বাবে Zomato–এ বিগত বৰ্ষৰ ডিচেম্বৰত TechEagle Innovations নামৰ ষ্টাৰ্টআপ ক্ৰয় কৰিছিল। TechEagle Innovations–এ যি UAV নিৰ্মাণ কৰিছে, সেয়া এক হাইব্ৰীড এয়াৰক্ৰাফ্ট। Zomatoৰ মতে, বাইকৰ জৰিয়তে গড়ে ৩০.৫ মিনিটত খাদ্য ডেলিভাৰী দিয়ে। ইয়াতকৈ কম সময়ত ডেলিভাৰী সম্পূৰ্ণ কৰিবলৈ কোম্পানীটোৱে ড্ৰ’ণৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। বিশ্বজুৰি বহু কোম্পানীয়ে ড্ৰ’ণৰ সহায়ত খাদ্য যোগান ধৰাৰ কাম কৰি আছে। ই–কমাৰ্চ কোম্পানী Amazon–এও ড্ৰ’ণৰ সহায়ত সামগ্ৰী যোগান ধৰাৰ কথা ঘোষণা কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি