YouTubeত ভিডিঅ’ চোৱাসকলৰ বাবে ভাল খবৰ! এতিয়া পাব নতুন সুবিধা

এই সেৱাৰ জৰিয়তে ইউটিউব মিউজিক প্ৰিমিয়াৰ আৰু গুগল প্লে’ মিউজিক সেৱাৰ মধামেৰে এড–ফ্ৰী মিউজিক ষ্ট্ৰিমিঙৰ সুবিধা প্ৰদান কৰা হয়।

News18-Assam
Updated:August 3, 2019, 12:44 PM IST
YouTubeত ভিডিঅ’ চোৱাসকলৰ বাবে ভাল খবৰ! এতিয়া পাব নতুন সুবিধা
এই সেৱাৰ জৰিয়তে ইউটিউব মিউজিক প্ৰিমিয়াৰ আৰু গুগল প্লে’ মিউজিক সেৱাৰ মধামেৰে এড–ফ্ৰী মিউজিক ষ্ট্ৰিমিঙৰ সুবিধা প্ৰদান কৰা হয়।
News18-Assam
Updated: August 3, 2019, 12:44 PM IST
ইউটিউব প্ৰিমিয়াৰে গ্ৰাহকসকলৰ বাবে 1080P ৰিজলুচনৰ ভিডিঅ’ অফলাইন চোৱাৰ বাবে সুবিধা প্ৰদান কৰিছে। পূৰ্বে ব্যৱহাৰকাৰীয়ে এই প্লেটফৰ্মৰ পৰা কেৱল 720P ৰিজলুচনৰ ভিডিঅ’হে ডাউনলোড কৰিব পাৰিছিল, কিন্তু এতিয়া 1080P ৰিজলুচনৰ ভিডিঅ’ও ডাউনলোড কৰিব পাৰিব। YouTubeৰ iOS আৰু এনড্ৰইড এপ্ছক আপগ্ৰেডেড ৰিজলুচনৰ বাবে ছাপ’ৰ্ট কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে। গুগলে ঘোষণা কৰিছে যে সকলো প্ৰিমিয়াৰ ইউজাৰৰ বাবে নতুন আপডেট জাৰি কৰিব।

ইউটিউব প্ৰিমিয়াৰ সকলো প্ৰিমিয়াৰ সেৱাৰ দৰেই এক্সক্লুছিভ ফিচাৰ আৰু সংশোধনৰ সৈতে কেৱল ধন পৰিশোধ কৰা গ্ৰাহকেহে লাভ কৰে। এই সেৱাৰ জৰিয়তে ইউটিউব মিউজিক প্ৰিমিয়াৰ আৰু গুগল প্লে’ মিউজিক সেৱাৰ মধামেৰে এড–ফ্ৰী মিউজিক ষ্ট্ৰিমিঙৰ সুবিধা প্ৰদান কৰা হয়।



ইউটিউব প্ৰিমিয়াম এমাহৰ বাবে বিনামূলীয়াকৈ লাভ কৰে গ্ৰাহকে। তাৰ পিছত যদি আপুনি ইয়াৰ ছাবক্ৰিপচন লয় তেন্তে ইয়াৰ বাবে ১২৯ টকা দিব লাগিব। ইয়াৰ উপৰি ইউটিউব প্ৰিমিয়ামত কণ্টেণ্টৰ সৈতে অৰিজিনেল মুভিৰ সুবিধাও পাব।
আৰু চাওক পৰৱৰ্তী বাতৰি