এতিয়া আপুনিও ধ্বংস কৰিব পাৰিব পাকিস্তানৰ F-16 বিমান!

উইং কমাণ্ডাৰ অনুপম বেনাৰ্জীৰ মতে ৩১ জুলাইত মুকলি কৰা হ’ব এই ভিডিঅ’ গেমটো।

News18-Assam
Updated:July 25, 2019, 4:52 PM IST
এতিয়া আপুনিও ধ্বংস কৰিব পাৰিব পাকিস্তানৰ F-16 বিমান!
উইং কমাণ্ডাৰ অনুপম বেনাৰ্জীৰ মতে ৩১ জুলাইত মুকলি কৰা হ’ব এই ভিডিঅ’ গেমটো।
News18-Assam
Updated: July 25, 2019, 4:52 PM IST
পুলৱামা আক্ৰমণৰ পিছত ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ বালাকোটত তচনচ কৰিছিল সন্ত্ৰাসবাদীৰ ঘাটি। এই এয়াৰ ষ্ট্ৰাইকৰ পিছতে পাকিস্তানে ভাৰতৰ ওপৰত আক্ৰমণৰ ব্যৰ্থ চেষ্টা কৰিছিল। ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ F-16 বিমান ধ্বংস কৰি ইয়াৰ উচিত প্ৰত্যুত্তৰ দিছিল। এই আক্ৰমণৰ নায়ক উইং কমাণ্ডাৰ অভিনন্দনৰ বীৰত্বৰ কাহিনী এতিয়া ভিডিঅ’ গেমত উবলব্ধ হ’ব।

জানিব পৰা মতে, ভাৰতীয় বায়ুসেনাই শীঘ্ৰে উইং কমাণ্ডাৰ অভিনন্দনক লৈ এটা ভিডিঅ’ গেম মুকলি কৰিব। এই ভিডিঅ’ গেমত অভিনন্দনক মূল হিৰ’ হিচাপে দেখুওৱা হ’ব, যিয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজিব। এই গেমটো প্লে’ ষ্ট’ৰ আৰু আই অ’ এছ প্লেটফৰ্মত উপলব্ধ হ’ব। এই গেমৰ বিশেষত্ব হ’ব ইয়াৰ আৰম্ভণি যুঁজাৰু বিমান মিগ–২১ৰে হ’ব। যি মিগ–২১ বিমানেৰে অভিনন্দনে পাকিস্তানৰ F-16 বিমান ধ্বংস কৰিছিল। গেমটোত অভিনন্দন মিগ–২১ৰ সৈতে থিয় হৈ থকা দেখা গৈছে।


প্ৰথম অৱস্থাত এই গেমটো এজন ব্যৱহাৰকাৰীয়েহে খেলিব পাৰিব, পিছত মাল্টি প্লেয়াৰ ম’ড সংলগ্ন কৰা হ’ব। এই গেমটো এনেধৰণে ডিজাইন কৰা হৈছে, যাৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে ভৱিষ্যতৰ বিমানৰ বিষয়েও জানিব পাৰিব। এই গেমটোত দেখা যাব ৰাফেল বিমানো। ম’বাইল গেমৰ এটা ভিডিঅ’ বায়ুসেনাই মুকলি কৰিছে। ইয়াত ৰাফেলৰ উপৰি সুখই ৩০ এম কে আই, মিগ–২৯ আৰু বালাকোটত বোমা নিক্ষেপ কৰা মিৰাজ–২০০০ বিমানো দেখুওৱা হৈছে। উইং কমাণ্ডাৰ অনুপম বেনাৰ্জীৰ মতে ৩১ জুলাইত মুকলি কৰা হ’ব এই ভিডিঅ’ গেমটো।
আৰু চাওক পৰৱৰ্তী বাতৰি